পুণমে ৰাণীৰ চুলিকেইডালত তেল সানি দুফালে দুকোছা কৰি টানকৈ বেণী গাঁঠিবলৈ লৈছিলহে, তেনেতে তাই নিজৰ ভাই-ভনী আৰু সমনীয়াৰ লগত খেলিবলৈ দৌৰ মাৰে। “দোষ্ট সব কে আবিতাই, এ সব সাঞ্জ হইতে ঘৌৰ চা ভাইগ যাই চাই খেলা লেল (সমনীয়াবোৰ আহি ওলালেই আবেলিৰ ভাগত সিহঁতবোৰ খেলিবলৈ লৰ মাৰে),” নিশাৰ আহাৰৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত পুণম দেৱীয়ে নিজৰ ল’ৰা-ছোৱালীকেইটাৰ বিষয়ে কয়। ৰাণী তেওঁৰ দ্বিতীয়টো কন্যাসন্তান, বয়স আঠ বছৰ।
পুণমৰ তিনিজনী ছোৱালী আৰু এটা ল’ৰা। কিন্তু চাৰিটা সন্তানৰ ভিতৰত কেৱল সৰুটো, মানে ল’ৰাটোৰহে জন্মৰ প্ৰমাণপত্ৰ আছে। “মোৰ হাতত টকা থকাহেঁতেন, বাকী তিনিটাৰো চাৰ্টিফিকেট বনাই ল’ব পাৰিলোহেঁতেন,” তেওঁ কয়।
বিহাৰৰ গ্ৰামাঞ্চলৰ ঘৰবোৰৰ দৰে তেওঁৰ কেঁচা ঘৰটোতো বাঁহৰ বেৰ দিয়া আছে। দিনহাজিৰা কৰা শ্ৰমিক ৩৮ বছৰ বয়সীয়া মনোজৰ সৈতে বিয়া হোৱা পুণম বিহাৰৰ মধুবনী জিলাৰ বেণিপাট্টি ব্লকৰ একতাৰা গাঁৱৰ বাসিন্দা। মনোজৰ মাহে ৬,০০০ মান টকা উপাৰ্জন হয়।
“এতিয়া মোৰ বয়স ২৫ৰ অলপ বেছি হ’ব,” পুণমে কয় (এই প্ৰতিবেদনৰ সকলো নাম সলনি কৰা হৈছে)। “মোৰ আধাৰ কাৰ্ডখন স্বামীৰ হাতত আছে আৰু তেওঁ এতিয়া ঘৰত নাই। বিয়াৰ সময়ত বয়স কিমান আছিল মোৰ ভালকৈ মনত নাই।” এতিয়া যদি তেওঁৰ বয়স ২৫ হৈছে, তাৰমানে বিয়াৰ সময়ত তেওঁৰ বয়স সম্ভৱতঃ ১৪ মান হ’ব।
পুণমৰ আটাইকেইটা ল’ৰা-ছোৱালীৰ জন্ম ঘৰতে হৈছিল। “প্ৰতিবাৰেই ধাইয়ে (সন্তান জন্ম দিয়াত পাৰম্পৰিকভাৱে সহায় কৰি অহা অভিজ্ঞ মহিলা) সহায় কৰিছিল। কিবা জটিলতাই দেখা দিলেহে আমি হস্পিতাল যোৱাৰ কথা ভাবো,” মনোজৰ খুড়ীয়েক ৫৭ বছৰ বয়সীয়া শান্তি দেৱীয়ে কয়। একেটা চুবুৰীৰে তেওঁৰ ঘৰটো ওচৰতে আৰু পুণমক নিজৰ বোৱাৰী বুলি ধৰে।







