সোমবাৰৰ কথা, পুৱা ১১ বজাত মুনেশ্বৰ মাঝি তেওঁ জৰাজীৰ্ণ ঘৰটোৰ বাহিৰত বহি আছে। ঘৰৰ বাহিৰৰ সেই খালি ঠাই টুকুৰাত সূৰ্য্যৰ তাপৰ পৰা বচাব পৰাকৈ বাঁহ আৰু নীলা ৰঙৰ প্লাষ্টিকেৰে চালি এখন কৰি থোৱা আছে। কিন্তু আৰ্দ্ৰতাৰ পৰা জানো ৰেহাই পাব পাৰি? “যোৱা ১৫ দিন ধৰি মই কাম পোৱা নাই,” পাটনা চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৰ কাকো টাউনৰ মুছাহাৰ তোলাৰ বাসিন্দা মুনেশ্বৰে কয়।
মুছাহাৰী তোলা, নামটোৱেই বুজায় যে সেইটোত মুছাহাৰ নামৰ দলিত সম্প্ৰদায়ৰ লোক থাকে, কলনিটোত তেনে ৬০ টা পৰিয়াৰ ঘৰ। কাষৰে খেতিপথাৰত কাম কৰি মুনেশ্বৰৰ লগতে আনবোৰে পেট পোহে। কিন্তু কাম নিয়মীয়া নহয়, মুনেশ্বৰে কয়। বছৰটোৰ ৩/৪ মাহৰ বাবে কাম পায়, খাৰিফ আৰু ৰবি শস্যৰ বীজ সিঁচা আৰু শস্য চপোৱাৰ সময়তে কাম পোৱা যায়।
শেষবাৰ তেওঁ কাম পাইছিল ৰাজপুত সম্প্ৰদায়ৰ এজন ‘বাবু চাহিব’ৰ খেতি পথাৰত। “আঠ ঘণ্টা কামৰ বাবে আমাক ১৫০ টকা নাইবা ৫ কিলোগ্ৰাম চাউল দিয়ে। সিমানখিনিয়েই,” কৃষিশ্ৰমিক এজনে কিমানখিনি পইচা পায়, তাৰ তেওঁ হিচাপ দিয়ে। নগদ ধনৰ বিপৰীতে দিয়া চাউলৰ লগত দুপৰীয়াৰ ৪/৫ খন ৰুটি, বা চাউল-দাইল আৰু পাচলিৰ ব্যঞ্জন এখন থাকে।
১৯৫৫ত ভূ-দান আন্দোলনৰ সময়ত যেতিয়া জমিদাৰসকলে তেওঁলোকৰ মাটিৰ এটা অংশ ভূমিহীন পৰিয়ালক বিতৰণ কৰিছিল, তেওঁৰ ককাকে তিনি বিঘা (প্ৰায় দুই একৰ) কৃষিভূমি পাইছিল, কিন্তু বিশেষ একো কামত নাহিল। “আমি থকা ঠাইৰ পৰা সেই ঠাই টুকুৰালৈ ৩ কিলোমিটাৰ বাট। খেতি কৰিলেই জীৱ-জন্তুৱে আহি খাই থৈ যায় আৰু আমাৰ লোকচান হয়,” মুনেশ্বৰে কয়।
মাহৰ বেছিভাগ সময়ত মুনেশ্বৰৰ পৰিয়াল আৰু চুবুৰীটোৰ আনসকলে মহুৱাৰ মদ বনাই বিক্ৰী কৰি চলে, মহুৱা গছৰ (Madhuca longifolia var. Latifolia) ফুলৰ পৰা এই মদ বনোৱা হয়।
কিন্তু এই ব্যৱসায়ত ৰিস্ক আছে। ৰাজ্য চৰকাৰৰ কঠোৰ আইন - বিহাৰ নিষেধাজ্ঞা আৰু আবকাৰী শুল্ক আইন, ২০১৬ৰ অধীনত মদ আৰু আন নিচাযুক্ত দ্ৰব্য প্ৰস্তুত কৰা, জিম্মাত ৰখা, বিক্ৰী অথবা সেৱন নিষিদ্ধ।










