বালিৰাম কাড়পেয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ সমালোচনা কৰিছে। "খেতিয়কসকলে ন্যুনতম সমৰ্থন মূল্যখিনিও নাপায় (শস্যৰ বাবে ৰাজ্য চৰকাৰৰ পৰা)," তেওঁ মুখত চিন্তাৰ চাপ। "শস্যৰ বাবে ঋণ পোৱাটো তেওঁলোকৰ বাবে কষ্টকৰ হৈ পৰে।" কাড়পেৰ বিশ্বাস যে ৰাজ্য চৰকাৰে খেতিয়কৰ বাবে এক দক্ষ ঋণ ব্যৱস্থা নিশ্চিত কৰিব পাৰিলে তেওঁলোকে দুনাইবাৰ সুতখোৰসকলৰ ওচৰলৈ যাবলগীয়া নহয় আৰু এনেদৰেই আপুনি-আপুনি খেতিয়কৰ আত্মহত্যা দুৰ কৰিব।”
তেওঁৰ কথাত যুক্তি নথকা নহয়, কিন্তু সমস্যাও আছেঃ কাড়পে নিজেই এজন সুতখোৰ হোৱাৰ অভিযোগত অভিযুক্ত। ২৫ বছৰ ধৰি মাৰাথৱাড়াৰ জালনা জিলাৰ আস্তি চহৰত বাস কৰা কাড়পেয়ে তেওঁৰ ওচৰলৈ টকা ধাৰলৈ বিচাৰি অহা খেতিয়কৰপৰা ৪০০ ৰো অধিক একৰ মাটি গিলি থৈছে।
৬০ বৰ্ষীয় হৰিভাও পোটেৰ সৈতে তেওঁৰ লেনদেন ইয়াৰে এটা উদাহৰণ। আস্তিৰ দাঁতিকাষৰীয়া ৰাজগৱন গাঁৱৰ খেতিয়ক পোটেক তেওঁৰ জীয়েকৰ বিয়াৰ বাবে টকাৰ প্ৰয়োজন আছিল। ১৯৯৮ চনত তেওঁ তেওঁৰ আঠ একৰ মাটিৰ তিনি একৰ মাটী কাড়পেৰ হাতত ৫০ হাজাৰ টকাৰ বিনিময়ত বন্ধকত থ'লে। "২০০০ চনত মই আকৌ ২০ হাজাৰ টকাৰ বিনিময়ত ১.৭৫ একৰ মাটি বন্ধকত থ'লো," পোটে ক'লে। "২০০২ চনত মই ৬০ হাজাৰ টকাৰ বিনিময়ত আকৌ এক একৰ মাটি বন্ধকত থ'লো।"
পোটেৰ দুজন ল'ৰা- এজনে পুলিচ আৰু আনজন খেতিয়ক। এফালে আকৌ জীয়ৰী পাঁচজনী। সেইকেইজনীৰ বিয়াৰ বাবে ঋণৰ প্ৰয়োজন আছিল। ধাৰৰ বিনিময়ত তেওঁ মাটি বন্ধকত থোৱাৰ পিছতো তেওঁ সেই মাটিত খেতি কৰি থাকিল আৰু উত্পাদিত শস্য দি ঋণ পৰিশোধ কৰি আছিল। "মই কপাহ, কল আৰু কুঁহিয়াৰৰ খেতি কৰিলো," তেওঁ ক'লে। "যিমানখিনি উত্পাদন কৰিছিলো তাৰে সৰহভাগেই কাড়পেলৈ পঠিয়াই দিয়া হৈছিল। প্ৰতিবাৰৰ ঋতুত মুঠ শস্যৰ মূল্য এক লাখৰো অধিক আছিল। মোৰ বাবে একো ৰোৱা নাছিল। এবাৰ মাটি বন্ধকত দিয়াৰ ফলত সুতখোৰে যি মন যায় সেয়া কৰিব পাৰে আৰু যিকোনো কাম কৰাবলৈকে বাধ্য কৰাব পাৰে।"





