লল্লন পাছোৱানে যেতিয়া প্ৰথম হাতেৰে টনা ৰিক্সা চলোৱাৰ চেষ্টা কৰিছিল, আন ৰিক্সাচালকে যাত্ৰীৰ নিচিনাকৈ ৰিক্সাত বহি তেওঁক ৰিক্সা চলোৱাৰ অভ্যাস কৰিবলৈ সহায় কৰিছিল। “মই যেতিয়া ৰিক্সাৰ আগফালে থকা হেণ্ডেলত ধৰি প্ৰথমবাৰৰ বাবে দাঙিবলৈ চেষ্টা কৰিছিলো আৰু টানি নিবলৈ ধৰিছিলো, মই পৰা নাছিলো। হাতেৰে ৰিক্সা টনাৰ অভ্যাস কৰিবলৈ মোৰ দুই-তিনিদিন সময়ৰ প্ৰয়োজন হৈছিল,” লল্লনে কয়।
ডিঙিত ওলোমাই থোৱা গামোছাৰে মুখৰ ঘাম মচি ৰিক্সাৰ সমতা ৰাখিবলৈ কেনেকৈ শিকিলে আৰু এইখন উলটি গৈ নপৰিব বুলি নিশ্চিত হোৱা সম্পৰ্কে তেওঁ আমাক জনালে। “আপুনি যদি আগফালে থকা হেণ্ডেলডালত যাত্ৰী বহা ঠাইৰ পৰা যিমান আগলৈ ধৰিব পাৰে, ৰিক্সাখন কেতিয়াও চিৎ খাই নপৰিব,” তেওঁ কয়। ৰিক্সাখনৰ সমতা ৰাখিবলৈ তেওঁৰ প্ৰথমতে ঘাম বাহিৰ হৈ গৈছিল, কিন্তু এতিয়া, তেওঁ কয়, “এতিয়া মোৰ ভয় নালাগে। দুজন বা তিনিজন যাত্ৰী উঠাই মই সহজে টানি লৈ যাব পাৰো, যদি ৩য় জন শিশু হয়।”
প্ৰথম ৰিক্সা টানিবলৈ শিকাৰ পৰা ১৫ বছৰ অতিক্ৰম হ’ল। তেওঁ যেতিয়া ৰিক্সা টনাৰ প্ৰথম পাঠ শিকিছিল, তেতিয়া বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ ৰঘূনাথপূৰ গাঁৱৰ পৰা চহৰলৈ লল্লন পাছোৱান প্ৰথমবাৰৰ বাবে আহিছিল। তেওঁ নৱমমান শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল আৰু সময় পালে পৰিয়ালৰ ১ বিঘা মাটিৰ খেতি পথাৰত কাম কৰিছিল। ঘেঁহু আৰু ধানৰ খেতি কৰা হৈছিল। কিন্তু খেতিৰ পৰা বেছি উপাৰ্জন নহয় আৰু পাছোৱানে কাম বিচাৰি কলকাতালৈ আহে।
প্ৰথম কেইবামাহ কাৰ্য্যালয়ৰ কাম বিচাৰি তেওঁ ঘূৰি ফুৰিছিল। “যেতিয়া মই কাম নাপালো, তেতিয়া মোৰ গাঁৱৰ পৰা আহি কলকাতাত ৰিক্সা চলোৱা কেইজনমান লোকে মোক হাতেৰে টনা ৰিক্সা চলাবলৈ ক’লে,” তেওঁ কয়।
প্ৰায় ৪০ বছৰ বয়সীয়া লল্লন পাছোৱানে বৰ্তমান দক্ষিণ কলকাতাৰ কৰ্নফিল্ড ৰোড আৰু একদালিয়া ৰোডৰ মাজত ৰিক্সা চলায়। ইয়াৰ ৰিক্সা আস্থানৰ কমেও ৩০ জন ৰিক্সাচালকে নিজৰ ৰিক্সা লৈ ইয়াত ৰৈ থাকে। মাৰ্চ মাহত ঘোষণা কৰা ক’ভিড-১৯ লকডাউনৰ বাবে তেওঁলোকৰ একাংশ লোক বিহাৰৰ নিজৰ গাঁৱলৈ ঘূৰি আহিল। পাছোৱানে কয়, “ক’ৰনাৰ কাৰণে ৰিক্সা চলোৱা কাম ভালকৈ কৰিব পৰা নাই। ইয়াত সিহঁতে কি কৰিব? সেয়ে ঘৰলৈ গ’ল।”
লল্লনে গাঁৱত থকা তেওঁৰ ঘৰটো পকী কৰিবলৈ মহাজনৰ পৰা এক লাখ টকাৰ ঋণ লৈছিল। সেয়ে তেওঁ কলকাতাত ৰৈ গ’ল। তেওঁ যদি ঘূৰি যায়, তেন্তে মহাজনে পাছোৱানৰ টকা ঘূৰাই দিবলৈ দাবী কৰিব, কিন্তু বৰ্তমান সময়ত সেয়া সম্ভৱ নহয়।







