“ভাদহি হৈছে দলিচাৰ জিলা। ইয়াত আন একো কাম নাই,” চল্লিশ বছৰ বয়সীয়া আখতাৰ আলীয়ে কয়। “মই মোৰ শৈশৱ ইয়াতে কটাইছো, তেনেকৈ মই বোৱা-কটা কাম শিকিছো।” কিন্তু আলীয়ে দলিচাৰ চাহিদা নাইকিয়া হোৱাত চিলাই-কটাইৰ কামত সোমাইছে।

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ ডিভিজন থকা ভাদহি জিলাখন দেশৰ ভিতৰত দলিচা বোৱাৰ সৰ্ববৃহৎ কেন্দ্ৰ। এই অঞ্চলটোত মিৰ্জাপুৰ, বাৰানসী, গাজিপুৰ, সোনভদ্ৰ, কৌচম্বি, এলাহবাদ, জৌনপুৰ, গাজিপুৰ, চান্দাৱলি অন্তৰ্ভুক্ত। উদ্যোগটোৱে প্ৰায় বিশ লাখ গ্ৰামীণ শিল্পীক সংস্থাপন দিছে, তাৰে এক বুজন অংশ মহিলা।

ভাদহি জিলাৰ দলিচা শিল্প আনতকৈ সুকীয়া, কাৰণটো হৈছে ইয়াত হাতেৰে দলিচা বোৱা হয়। দলিচা থিয়কৈ বোৱা হয়। প্ৰতি বৰ্গইঞ্চিত ৩০ৰ পৰা ৩০০ গাঁঠি মৰা হয়। প্ৰক্ৰিয়া আৰু কেঁচামাল – ঊণ, কপাহী সুতা আৰু মুগা সুতা দুটা শতিকাজুৰি একেই আছে। শিল্পীসকলে নিজৰ এই শিল্পকৌশল ল’ৰা-ছোৱালীক শিকাই যায়।

দলিচা বোৱাৰ এই অনন্য কৌশলৰ কাৰণে ভাদহিৰ দলিচাই ২০১০ত ভৌগোলিক সূচাংকৰ প্ৰমাণপত্ৰ পাইছে। এই জি.আই. টেগে তেওঁলোকৰ উদ্যোগটোৰ গতি ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছিল। কিন্তু দলিচাৰ ব্যৱসায়ত তাৰ কোনো প্ৰভাৱ নপৰিল।

উদাহৰণ স্বৰূপে ১৯৩৫ত স্থাপিত মুবাৰক আলি এণ্ড চনচ-য়ে ভাদহি দলিচা গ্ৰেট বৃটেইন, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ইউনিয়ন আৰু জাপানলৈকে ৰপ্তানি কৰিছিল, কিন্তু অৰ্ডাৰ নোপোৱা হোৱাৰ ফলত ২০১৬ত দোকানখন বন্ধ কৰিবলগীয়া হয়। এই ৰপ্তানি ব্যৱসায়টোৰ প্ৰাক্তন প্ৰতিষ্ঠাতা ৬৭ বছৰ বয়সীয়া খালিদ খানৰ নাতি হৈছে মুবাৰক। “মোৰ ককাদেউতা আৰু দেউতাই এই ব্যৱসায়েই কৰিছিল। আমাৰ ব্যৱসায় আৰম্ভ হৈছিল বৃটিছৰ দিনত, তেতিয়া তাত লগোৱা লেবেলখনত আছিল ‘মেড ইন বৃটিছ ইণ্ডিয়া।’”

ভিডিঅ’টো চাওক: ভাদহিৰ দলিচাৰ উম আৰু নাই

ভাৰতত দলিচা বোৱা পৰম্পৰা বহুশতিকা পুৰণি। ঐতিহাসিক নথি মতে মোগলৰ দিনত, বিশেষকৈ ১৬ শতিকাত আকবৰৰ ৰাজত্বকালত দলিচা শিল্পকৰ্ম ভালেখিনি আগবাঢ়িছিল। হাতেবোৱা দলিচা বিশেষকৈ ১৯ শতিকাত ঊলৰ দলিচা ভাদহিত বৃহৎ হাৰত বোৱা আৰম্ভ হৈছিল।

ভাৰতত তৈয়াৰী দলিচাবোৰ সমগ্ৰ বিশ্বলৈ যায়। ভাৰতত নিৰ্মিত প্ৰায় ৯০ শতাংশ দলিচা বাহিৰলৈ যায়, আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনৰ পৰা প্ৰায় আধাখিনি ৰপ্তানিৰ মাল নিয়ে। এয়া কাৰ্পেট এক্সপ’ৰ্ট প্ৰমোচন কাউন্সিলৰ তথ্য। ২০২১-২২ত দলিচাৰ ৰপ্তানি আছিল ১৬,৬৪০ কোটি টকাৰ। ইয়াৰে হাতেবোৱা দলিচাৰ বজাৰ আছিল ১১,২৩১ কোটিৰ।

কিন্তু ভাদহিৰ দলিচা ব্যৱসায়টোৱে সস্তীয়া বিকল্পৰ পৰা সৃষ্ট বজাৰখনৰ পৰা ভালেখিনি ক্ষতিগ্ৰস্ত হৈছে, বিশেষকৈ চীনদেশত মেচিননিৰ্মিত নকল দলিচাৰ পৰা। “দলিচাৰ নকল এতিয়া সহজেই বজাৰত উপলব্ধ। ব্যৱসায়ী নাইবা পইচা থকা মানুহে এইবোৰ বেছি চাই নাথাকে,” আলিয়ে চীনৰ বিষয়ে কয়।

ভাদহিৰ আন এগৰাকী বাসিন্দা ৪৫ বছৰীয়া উৰ্মিলা প্ৰজাপতিও দলিচা শিল্প পাৰম্পৰিকভাৱে অনুশীলন কৰি আহিছে। কিন্তু আয় কমি অহাত আৰু স্বাস্থ্যজনিত সমস্যাৰ কাৰণে এই কষ্টকৰ জীৱিকা এৰিবলগীয়া হৈছে। “দেউতাই মোক দলিচা বোৱা কামটো ঘৰতে শিকাইছিল। তেওঁ আমাক কাম কৰি স্বাৱলম্বী হোৱাটো বিচাৰিছিল। মোৰ চকু জ্বলা-পোৰা কৰিব লৈছিল। কিছুমানে মোক বোৱা কাম নকৰিবলৈ পৰামৰ্শ দিলে, তেতিয়াহে মোৰ চকুকেইটা সুস্থ হ’ব, সেয়ে মই বোৱা কাম এৰিলো।”

উৰ্মিলাই এতিয়া বিতচকু পিন্ধে, আকৌ দলিচা বোৱাৰ কথা ভাবিছে। ভাদহিৰ আনবোৰৰ দৰে তেওঁ পৰম্পৰাগতভাবে পোৱা এই শিল্পক লৈ গৌৰৱান্বিত। কিন্তু এই ভিডিঅ’টোত দেখুওৱাৰ দৰে ৰপ্তানিৰ বজাৰখন সংকুচিত হোৱা আৰু অনিশ্চিত হৈ পৰাত এই পৰম্পৰাগত জীৱিকা এতিয়া বহুতেই এৰিছে। এনেকৈ বহু শতিকাজোৰা পুৰণি ব্যৱসায়েৰে পৰিচয় গঢ়ি উঠা ভাদহিৰ ৰূপ ম্লান পৰিবলৈ ধৰিছে।

অনুবাদ: পংকজ দাস

Mohammad Asif Khan

ମହମ୍ମଦ ଅସିଫ୍‌ ଖାନ୍‌ ହେଉଛନ୍ତି ଦିଲ୍ଲୀର ଜଣେ ସାମ୍ବାଦିକ। ସେ ସଂଖ୍ୟା ଲଘୁ ସମସ୍ୟା ଏବଂ ବିବାଦ ରିପୋର୍ଟିଂ କରିବାରେ ଆଗ୍ରହୀ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Mohammad Asif Khan
Sanjana Chawla

ସଞ୍ଜନା ଚାୱଲା ହେଉଛନ୍ତି ଜଣେ ନୂଆଦିଲ୍ଲୀର ସାମ୍ବାଦିକା। ତାଙ୍କ ଲେଖାରେ ଭାରତୀୟ ସମାଜ, ସଂସ୍କୃତି, ଲିଙ୍ଗ, ମାନବିକ ଅଧିକାର ଆଦିର ସୂକ୍ଷ୍ମ ବିଶ୍ଳେଷଣ ଦେଖିବାକୁ ମିଳେ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sanjana Chawla
Text Editor : Sreya Urs

ଶ୍ରେୟା ଉର୍ସ ହେଉଛନ୍ତି ବେଙ୍ଗାଲୁରୁରେ ରହୁଥିବା ଜଣେ ସ୍ୱାଧୀନ ଲେଖିକା ଏବଂ ସମ୍ପାଦିକା। ତାଙ୍କର ଛାପା ଏବଂ ଟେଲିଭିଜନ୍‌ ଗଣମାଧ୍ୟମରେ ୩୦ ବର୍ଷରୁ ଅଧିକ ଅଭିଜ୍ଞତା ରହିଛି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sreya Urs
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das