সেয়া ২০২০ চনৰ কথা, তেতিয়া লকডাউন ঘোষণা কৰা হৈছিল। গাঁৱৰ পৰা খবৰ আহিল যে পিচলি পৰি মোৰ ককাদেউতাৰ ভৰি ভাগিল। সামূহিক স্বাস্থ্যকেন্দ্ৰত ডাক্তৰৰ দেখাদেখি নাছিল, আশে-পাশে থকা আটাইবোৰ প্ৰাইভেট ক্লিনিক ক’ৰনাৰ কাৰণে বন্ধ আছিল। ককাৰ ভগা ভৰিখনত ঘৰৰ মানুহে যেনে-তেনে প্লাষ্টাৰ কৰালে আৰু ঘৰতে তেওঁৰ চোৱা-চিতা কৰা হ’ল। কিন্তু তেওঁৰ কেতিয়াবা তীৰকঁপে জ্বৰ উঠে, কেতিয়াবা অসহ্য যন্ত্ৰণাত চিৎকাৰ কৰে। তেওঁৰ শৰীৰৰ বল পৰিল আৰু মে’ মাহৰ শেষৰ সপ্তাহত তেওঁ এই সংসাৰৰ পৰা মেলানি মাগিলে।

এই ঘটনাৰ সময়ত মই মুম্বাইত আছিলো। হঠাতে সকলো বন্ধ হৈ যোৱাত সকলোৰে জীৱনবোৰ স্তব্ধ হৈ গৈছিল। এফালে মহামাৰীৰ আতংক, আনফালে ৰাস্তাত পুলিচৰ লাঠীৰ কোব খোৱাৰ ভয়। কাম-কাজ সকলো বন্ধ আছিল। প্ৰব্ৰজিত শ্ৰমিকসকল নিজৰ গাওঁ অভিমুখে অগ্ৰসৰ হৈছিল। মই মুম্বাইতে থাকিব পাৰিছিলো, কিয়নো মই শাক-পাচলিৰ বেপাৰ কৰিছিলো আৰু এই বেপাৰৰ বাবে চৰকাৰী অনুমতি আছিল। কিন্তু উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাস্থিত মোৰ গাঁৱৰ পৰা যেতিয়া মোৰ ককাদেউতাৰ মৃত্যুৰ খবৰ আহিল, তেতিয়া কোনোমতে ঘৰ যোৱাৰ তীব্ৰ ইচ্ছা জাগিল। তেওঁৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছিল। তাৰোপৰি গাঁৱত মাৰ বাদে আন কোনো দায়িত্ব লোৱা মানুহ নাছিল।

সেয়া আছিল আতংক আৰু হৃদয় বিদাৰক খবৰৰ সময়। কেইজনমান শ্ৰমিক ঘৰমুৱা বাটত ভাগৰি ৰাতি ৰেললাইনতে শুই পৰিছিল আৰু তেওঁলোকৰ ওপৰতে ৰেল চলি গৈছিল। বহু বুভুক্ষা মাতৃয়ে সন্তানক স্তনপান কৰাই বুকুত সাৱতি লৈ গৈ আছিল। মই ককাদেউতাৰ মৃত্যুৰ খবৰ পাই ততালিকে বস্তু-বাহিনী সামৰি ৰেলৰ খবৰ ল’বলৈ আন্ধেৰী (ৱেষ্ট)ৰ ওচৰৰে থানাখনলৈ গ’লো। তাত গৈ গম পালো যে এলাহবাদ যোৱা ৰেল চলা নাই। এইখিনি সময়তে বাৰানসীত ৰেলৰ দবাত দুটা মৃতদেহ পোৱাৰ খবৰ আহিল। এখন ৰেলগাড়ী উত্তৰ প্ৰদেশ যাবলগীয়া আছিল, সেইখন ওড়িশা অভিমুখে গ’ল। মই আকৌ গাওঁ পাবলৈ এলাহবাদ (প্ৰয়াগৰাজ) পালেও তাৰ পিছত আৰু ৭০ কিলোমিটাৰ যাবলগীয়া আছিল। এই খবৰবোৰে ইতিমধ্যে মোৰ হতাশ মনটো ভাঙি পেলালে। টেক্সি ভাৰা কৰি কোনোবাই ইচ্ছা কৰিলে যাব পাৰিছিল, কিন্তু তাৰ বাবে ৪০-৫০ হাজাৰ টকা লাগিব। মোৰ কাৰণে এয়া সম্ভৱ নাছিল। সেয়ে মই গাঁৱলৈ যোৱাৰ ইচ্ছা সিমানতে এৰিলো। মোৰ হাতত কোনো উপায় নাছিল।

Mithun Kumar (facing the camera) in a BEST bus, on his way to the vegetable market
PHOTO • Sumer Singh Rathore
Inspecting lemons at the mandi in Dadar, Mumbai
PHOTO • Sumer Singh Rathore

বাওঁফালেঃ (কেমেৰাৰ ফালে মুখ কৰি বহাজন) মিথুন কুমাৰে বিএছটিৰ বাছেৰে সব্জি মান্দিলৈ গৈছে। সোঁফালেঃ মুম্বাইৰ দাদৰ সব্জি মান্দিত মিথুনে নেমু কিনিবলৈ লৈছে

অন্তিম সংস্কাৰৰ কাৰণে ককাদেউতাক এলাহবাদৰ ঝাংসি চহৰলৈ লৈ অহা হৈছিল। মায়ে কৈছিল যে গাড়ীবোৰ যাবলৈ দিয়া হোৱা নাছিল। পুলিচে বৰকৈ প্ৰশ্ন কৰিছিল। বহু ঠাইত আকৌ ঘাটবোৰত অন্তিম সংস্কাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। এনেকৈ আতংকৰ পৰিৱেশৰ মাজতে ককাদেউতাৰ অন্তিম সংস্কাৰ কৰা হ’ল।

মোৰ জন্ম অৱশ্যে মুম্বাইতে হৈছিল। কিন্তু মোৰ শৈশৱ উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাতে হৈছিল আৰু পঢ়া-শুনাও তাতেই কৰিছিলো। দেউতাই ১৫ বছৰমান বয়সত, ১৯৭৫ত জৌনপুৰ এৰি মুম্বাইলৈ আহিছিল। অৱশ্যে মুম্বাইলৈ অহাতো তেওঁৰ বাবে ইমান সহজ নাছিল। তেওঁৰ জন্মৰ পিছতে মাক ঢুকাইছিল। ককাদেউতাই আনৰ খেতিপথাৰত কাম কৰি, মাটিৰ বাচন-বৰ্তন আৰু পোৰামাটিৰ খাপৰি তৈয়াৰ কৰি দুপইচা আৰ্জিছিল। আনৰ খেতিপথাৰত হাল বাই, মাটি চহাই ককাদেউতাই সকলোৰে পেট পুহিব পৰাকৈ উপাৰ্জন কৰিব পৰা নাছিল। পিন্ধিবলৈ কাপোৰ বুলিবলৈ মতাবোৰে কেৱল জননাংগ ঢাকিব পৰা ধুতিৰ দৰে এখন সৰু কাপোৰেই আছিল, যিখনক ভগই বুলি কয়। খাবলৈ ধান-চাউল নাছিল। বাজৰা, মাকৈ, আলু, মহুৱা আদি কাষৰে খেতিপথাৰত উৎপাদিত হৈছিল। সেয়াই তেওঁলোকৰ খাদ্যৰ উৎস আছিল।

*****

এয়া কোৱাৰ চাগে প্ৰয়োজন নাই যে ককাই কাৰ পথাৰত দিনহাজিৰা কৰিছিল
- কাৰ নামত মাটি আছিল আৰু কোন দিনমজুৰ আছিল

কিমানবাৰ যে এনেকুৱা হৈছে ককাই হাজিৰা কৰি পাৰিশ্ৰামিকখিনিও পোৱা নাছিল। সুধিলেও কৈছিল যে আমাৰ বংশটোৱে তেওঁলোকৰ বহুত ধাৰ খাই থৈছে। “তোৰ ককাই ইমানখিনি লৈছিল। আজোককাৰ ইমানখিনি ধাৰ আছিল।” কোৱাটো নিষ্প্ৰয়োজন যে ককাই কাৰ কাৰ পথাৰত হাল বাইছিল। মা নাছিল আৰু ককাৰ যুঁজখন অকলশৰীয়া আছিল। তেনে পৰিস্থিতিত দেউতা আৰু তেওঁৰ ডাঙৰ ভায়েকৰ খবৰ কোনে ৰাখিব। দেউতাই গোটেই দিনটো তেওঁলোকৰ ঘৰতে আছিল আৰু খেতিৰ পৰা আৰম্ভ কৰি ঘৰলৈ যি কামেই কয়, সকলো কৰি গৈছিল। একো কাম নাথাকিলে ঘৰৰ গৰু-ম’হ চৰাবলৈ দিয়ে। ইয়াৰ মাজতে খাবলৈ কিবা পাইছিল। সেয়াই তেওঁলোকৰ মজুৰি আছিল। দেউতাই কয় যে কাম এৰি যোৱাৰ বিকল্পও তেওঁৰ হাতত নাছিল।

PHOTO • Courtesy: Mithun Kumar
PHOTO • Courtesy: Mithun Kumar

উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাৰ নিজ গাঁৱত মিথুনৰ মাকে খেতিপথাৰত কাম কৰিছে। প্ৰায় ৩০ বছৰ আগতে তেওঁৰ স্বামীয়ে মুম্বাইত পাচলি ব্যৱসায় কৰা সময়ত তেওঁ মুম্বাইলৈ গাঁৱৰ পৰা অহা-যোৱা কৰি থাকিছিল

১ৃ৯৭০ত চুবুৰীয়া এজন গাঁৱৰ পৰা মুম্বাইলৈ আহিছিল। তেওঁ কল বিক্ৰী কৰা কাম কৰিছিল। কেইদিনমান পিছত বৰদেউতাই তেওঁৰ সহায়তে কলৰ ব্যৱসায় আৰম্ভ কৰে। কিছুদিন কৰাৰ পিছত তেওঁ নিজাকৈ সেই ব্যৱসায়ত লাগে। প্ৰথমবাৰ এনেকৈ কাম কৰি বৰদেউতা ঘৰ আহোতে হাতত কিছু পইচা লৈ আহিছিল। ঘৰখন প্ৰাণ পাই উঠিছিল। দ্বিতীয়বাৰ বৰদেউতাই দেউতাকো লগত লৈ গ’ল। এই কথা গম পাই দেউতাই যাৰ ঘৰত দিনটো কাম কৰিছিল, তেওঁলোক আহি চুবুৰীয়া মানুহঘৰৰ সৈতে কাজিয়া লাগিল। তেওঁলোকৰ অভিযোগ যে চুবুৰীয়াজনে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। কাজিয়া ইমানেই বাঢ়িল যে মাৰ-পিট লাগিল। দুয়োটা পৰিয়ালকে তেওঁলোকে বহুত ডাবি-ধমকি দিলে। কিন্তু কোনোৱে সাহস নেৰিলে আৰু মুম্বাইলৈ আহিবলৈ ধৰিলে। এনেদৰেই সকলোৱে গোলামিৰ পৰা মুক্তিৰ দিশে প্ৰথমটো খোজ দিলে। বিশ্বাস নহয় যে ৪০-৪৫ বছৰ আগতে এখন স্বাধীন দেশত এইবোৰ ঘটি আছিল।

মুম্বাইত বৰদেউতাৰ লগত কিছুদিন কাম কৰাৰ পিছত দেউতাই নিজাকৈ ফলৰ দোকান খুলিলে। অকণমান পা-পইচা হাতলৈ অহাত গাঁৱত তেওঁৰ বিয়াখন পতা হ’ল। বিয়াৰ পিছত কেইমাহমান দেউতা ঘৰতে থাকিল। তাৰপাছত মা দেউতাৰ লগত মাজে-সময়ে মুম্বাইলৈ অহা হ’ল। এতিয়া বছৰত কেইমাহমান দেউতাৰ লগত থাকি মা আকৌ ঘৰলৈ গুছি যায়। এনেদৰেই ১৯৯০ত মুম্বাইৰ জুহু অঞ্চলৰ কুপাৰ হস্পিতালত মোৰ জন্ম হয়।

মাৰ ফালৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল আছিল। মাৰ ফালৰ ককাৰ খেতি-বাতি আছিল। দুয়োজন মামাই ভালকৈ পঢ়া-শুনা কৰিছিল। আজিৰ পৰা ৪০ বছৰ আগতে তেওঁলোক দুজনে দ্বাদশ শ্ৰেণীলৈ পঢ়িছিল। ইয়াৰোপৰি তেওঁলোকৰ ৰাজনৈতিক চিন্তাধাৰা, সমাজক লৈ দৃষ্টিভংগী আদিও আধুনিক আছিল। এইখন সমাজত পুৰুষৰ অৱস্থা যিমানেই ভাল নহওঁক কিয়, মহিলাৰ ভাগৰ সংগ্ৰামখন কেতিয়াও শেষ নহয়। মোৰ মা, মাহী আৰু মামীহঁতৰ জীৱনবোৰ পথাৰৰ কামতে শেষ হৈছিল।

মাৰ প্ৰথমখন বিয়া হৈছিল একে আৰ্থিক অৱস্থাৰ এখন ঘৰৰ সৈতে। কিন্তু কেইদিনমান থাকিয়েই মা মাকৰ ঘৰলৈ উভতি আহিছিল। মই ইয়াৰ কাৰণ ভালদৰে নাজানো, কিন্তু মাৰ কিবা ছালৰ ৰোগ থকা কাৰণে এনেকুৱা হোৱা বুলি শুনিবলৈ পাইছিলো। মই কেতিয়াও ভালদৰে জানিবলৈ চেষ্টা নকৰিলো। কেইবছৰমান মা ককা আৰু মামাহঁতৰ লগতে থাকিল। তাৰপাছত তেওঁক পুনৰাই বিয়া দিয়া হ’ল। দ্বিতীয় বিবাহ দেউতাৰ লগত হৈছিল। কথা একেবাৰে স্পষ্ট আছিল। দেউতাৰ ঘৰৰ আৰ্থিক অৱস্থা উন্নত নাছিল, সেয়ে ভাল আৰ্থিক অৱস্থাৰ ঘৰৰ ছোৱালীৰ প্ৰস্তাৱ নাকচ কৰাৰ কোনো প্ৰশ্নই উঠা নাছিল।

PHOTO • Devesh
PHOTO • Sumer Singh Rathore

মিথুনে প্ৰতিদিনে পুৱা ৪.৩০ বজাত সব্জি মান্দিলৈ যায় আৰু কিনি অনাখিনি টেম্পো এখনত লোড কৰি দিয়ে (সোঁফালে), সেইখনে পাচলিখিনি তেওঁৰ দোকানলৈ লৈ যায়

মই জন্ম পোৱালৈকে দেউতাৰ দোকানখন ভালেই চলিছিল। কিন্তু পৰিস্থিতি এনেকুৱা হৈ পৰিল যে দেউতাই নিজৰ দোকান এৰি ভাড়াত দোকান লৈ চলাবলগীয়া হ’ল। আমি পাঁচজন ল’ৰা-ছোৱালী জন্ম পোৱাৰ পিছত মায়েও মুম্বাইলৈ আহিবলৈ এৰাৰ দৰেই হ’ল। মায়ে ককাই আধি কৰা মাটিত খেতিপথাৰত কাম কৰিবলৈ লয়, বাকীখিনি সময় মাটিৰ বাচন-বৰ্তন বনোৱা কামত সহায় কৰোঁতে যায়। কিন্তু পৰিয়ালত আৰ্থিক কাৰণবশতঃ গৃহকন্দল ইমান বাঢ়িল যে আমি পাঁচোটা সন্তানক লৈ মায়ে বেলেগকৈ থাকিবলৈ ল’লে। বেলেগ হওঁতে এটা কেঁচা ঘৰ, কেইখনমান বাচন আৰু অলপ শস্যৰ বাদে আমাৰ ভাগত বেছি একো নপৰিল। এনে কঠিন সময়ত মামাহঁতে আৰম্ভণিতে সহায় কৰিছিল আৰু ৰচদ-পাতি যোগাৰ কৰি দিছিল। পিচলৈ মায়ে গাঁৱৰ সবৰ্ণ মানুহৰ পৰা খেতি আধিকৈ লৈ খেতিৰ কাম আৰম্ভ কৰিলে। মাৰ মেহনতৰ সেয়া ফচল আছিল যে আমি কেইবছৰমানৰ ভিতৰতে বছৰটো জোৰাকৈ শস্য পোৱা হ’লো। মায়ে আন মানুহৰ ঘৰতো কাম কৰিবলৈ লৈছিল। তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফলতে আমি ভালকৈ খাব-পিন্ধিব পোৱা হ’লো।

দেউতা এবাৰ গাঁৱৰ ঘৰলৈ আহোতে মায়ে দেউতাৰ লগত মোকো মুম্বাইলৈ পঠিয়াই দিলে। তেতিয়া চাগে ১৯৯৮ নে ১৯৯৯ চন আছিল আৰু মোৰ বয়স ৮ কি ৯ বছৰ আছিল। মুম্বাইলৈ পঠিওৱাৰ কাৰণ আছিল মই যাতে লটৰ-পটৰ কৰি নাথাকি দেউতাৰ কামত সহায় কৰি দিওঁ। এইখিনি সময়ত দেউতাই বহুবাৰ দোকান সলালে। ক’ৰবাত ব্যৱসায় নচলিছিল, ক’ৰবাত বিএমচি (বৃহন্মুম্বাই মহানগৰ পালিকা)য়ে দোকান উঠাই দিছিল। তেওঁৰ কামৰ কোনো স্থায়ী ঠিকনা নাছিল। কিছুমানে হেঁচা দিয়াত দেউতাই মোক বিএমচিৰ এখন স্কুলত নাম লগাই দিলে। মোৰ বয়স চাই মোক তৃতীয় শ্ৰেণীত ভৰ্তি কৰাই দিয়া হ’ল। স্কুলত নতুন লগ-বন্ধু পাই মই স্কুলৰ প্ৰতি পুনৰাই আকৰ্ষিত হৈ পৰিলো।

*****

পৰিস্থিতি এনেকুৱা নাছিল যে মই পঢ়াৰ কাৰণে ৩-৪ বছৰ সময় পাম।
মই সেই সপোন এৰি দিলো

দেউতা পুৱা মান্দিলৈ ওলাই যায়, মই গাখীৰ আৰু বিস্কুট খাই অলপমান পইচা লৈ স্কুললৈ পুৱা ওলাই যাও। পুৱা দহ বজাত যেতিয়া দুপৰীয়াৰ আহাৰৰ সময় হয়, তেতিয়া মই চিংৰা বা বাড়া খাই থাকো। বাৰ বজাত ঘৰলৈ আহি মই দেউতাই শিকাই দিয়াৰ দৰে কেৰাচিনৰ ষ্টোভত ভাত ৰান্ধো। তেওঁ খিচিৰি বা ভাত ৰন্ধা মোক শিকাই যায়। ন বছৰ বয়সত মগজুৱে ঢুকি পোৱাখিনিৰে মই ভাত ৰান্ধিবলৈ যত্ন কৰিছিলো। কিমানবাৰ যে চাউল নিসিজিছিল। কেতিয়াবা তলিত লাগিছিল। খাদ্য বনাই উঠি টিফিন পেক কৰোঁ আৰু বিএছটি (পথ পৰিবহন)ৰ বাছ ধৰি আমাৰ থকা ঘৰটোৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ দূৰত থকা দেউতাৰ দোকানলৈ লৈ যাওঁ। দেউতাই সেই খাদ্য খাই সদায় গালি পাৰে আৰু কয় যে কি বনালি, এয়াই বনাবলৈ শিকাই দিছিলো নেকি? সৰ্বনাশ কৰি পেলালি…ইত্যাদি ইত্যাদি।

PHOTO • Sumer Singh Rathore
PHOTO • Devesh

বাওঁফালেঃ মিথুনে প্ৰায় ৬.৩০ বজাত ৰাস্তাৰ দাঁতিৰ নিজৰ পাচলিৰ দোকানখন খোলে।সোঁফালেঃ তাৰপাছত তেওঁ দোকানৰ সন্মুখভাগ পৰিষ্কাৰ কৰে

দুপৰীয়া দেউতা দোকানৰ তলতে শুই যায় আৰু মই দোকান চম্ভালো। ইমানতে মোৰ কাম শেষ নহৈছিল। তেওঁ আবেলি সাৰ পোৱাৰ পিছত মই ওচৰৰে গলিবোৰত ধনীয়া আৰু নেমু বিক্ৰী কৰিবলৈ ওলাই গৈছিলো। হাতৰ সৰুগাঁঠিত ধনীয়া আৰু দুহাতত নেমু লৈ মই পথচাৰীক সেয়া বিক্ৰী কৰাৰ কৌশল আয়ত্ব কৰি লৈছিলো। নেমু-ধনীয়া বিক্ৰী কৰি দিনে ৫০ৰ পৰা ৮০ টকা উপাৰ্জন হৈছিল। এনেদৰে ডেৰ বছৰমান চলিল। তেনেতে হঠাতে দেউতা গাঁৱলৈ আহিবলগাত পৰিল, ময়ো লগত গুছি আহিলো। তেনেকৈ পঞ্চমমানতে মোৰ স্কুলীয়া শিক্ষাৰ আধাখনীয়া হৈ ৰ’ল।

এইবাৰ মায়ে মোক গাঁৱতে ৰখালে। শিক্ষা লাভ কৰাটো জৰুৰী বুলি তেওঁৰ মনে ধৰিছিল। সেয়ে ঘৰৰ কোনো এজনে অন্ততঃ পঢ়া-শুনা কৰাটো তেওঁ বিচাৰিছিল। হয়তো মুম্বাইত মোৰ কষ্টৰ জীৱনটোৰ কথা ভাবি মোক যাব নিদিলে। মই কেতিয়াও জানিবলৈ চেষ্টা নকৰিলো। মোৰ ক’ত থকাৰ মন সেয়াও মোক নুসুধিলে। যি ভাল দেখে তাকেই কৰিলে।

মামাহঁতৰ ঘৰত পঢ়াৰ তুলনামূলকভাৱে ভাল সুবিধা আছিল। সেয়ে মায়ে তেওঁৰ সৈতে কথা পাতিলে আৰু প্ৰায় এঘাৰ বছৰমান বয়সত মই মামাহঁতৰ ঘৰত থাকিবলৈ ল’লো। তাতে ঘৰৰ সকলো ল’ৰা-ছোৱালী স্কুললৈ গৈছিল। প্ৰথমবাৰ পঢ়াৰ এনে পৰিৱেশ পাইছিলো। মামাহঁত কমিউনিষ্ট পাৰ্টিৰ সৈতে জৰিত আছিল, সেয়ে ৰাজনীতিৰ কথাক লৈ আলোচনা চলিছিল। প্ৰথমবাৰৰ বাবে মই তাতেই ৰাজনৈতিক দলৰ নামবোৰ শুনিছিলো। স্থানীয় নেতাৰ নাম জানিছিলো। এদিনাখন চুবুৰীৰ এজন লোকে, মই যাক মামা বুলি মাতো আৰু আনে কমৰেড বুলি মাতে, তেওঁ হাতত লাল পতাকা লৈ থিয় হৈ আছিল। সোধোতে জানিলো যে সেয়া কমিউনিষ্ট পাৰ্টিৰ পতাকা, কৃষক-শ্ৰমিকৰ পতাকা। তেওঁলোকে চৰকাৰী নীতিৰ বিৰুদ্ধে বিৰোধ প্ৰদৰ্শনৰ বাবে ওলাইছিল। প্ৰথমবাৰৰ বাবে জানিলো যে চৰকাৰৰ বিৰোধিতাও কৰিব পাৰি।

২০০৮ৰ দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত মামাই মোক পলিটেকনিকত ডিপ্ল’মা পাঠ্যক্ৰম পঢ়িবলৈ প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ পৰামৰ্শ দিয়ে। এই বিষয়ে মাক সোধোতে মায়ে ক’লে যে এতিয়া আৰু আগৰ দৰে আৰ্থিক অৱস্থা ভাল নহয়। মায়ে মানা কৰা স্বত্ত্বেও মামাই পলিটেকনিকৰ প্ৰপত্ৰ পূৰণ কৰিলে। প্ৰথমবাৰ ভাল ৰেংক নাপালো। দ্বিতীয়বাৰ ৰেংক ভাল অহাত এখন চৰকাৰী কলেজত এডমিচন পালো। কাউন্সেলিঙৰ চিঠিও আহিল। বছৰটোৰ ফীজ ৬০০০ টকা আছিল। মই মাক আকৌ এবাৰ সুধিলো, কিন্তু মায়ে হাত দাঙি দিলে। মামাই ক’লে যে তেওঁ খৰচ দিব। কিন্তু মায়ে মনত পেলাই দিলে যে ভনীকেইজনী ডাঙৰ হৈ আহিব ধৰিছে। দেউতাই এতিয়া বেছি উপাৰ্জন কৰিব নোৱাৰা হৈ আহিছে। আগলৈ কেনেকৈ চলিব? মায়ে ঠিকেই কৈছিল। পৰিস্থিতি ইমানো ভাল নাছিল যে ৩, ৪ বছৰ পঢ়াৰ সময় পাম। মই সেই সপোনক সিমানতে সমাধি দিলো।

PHOTO • Sumer Singh Rathore
PHOTO • Sumer Singh Rathore

বাওঁফালেঃ গ্ৰাহক অহাৰ আগেয়ে তেওঁ পাচলিবোৰ সুন্দৰকৈ সজায়। সোঁফালেঃ পালেং শাকৰ মুঠাবোৰ বিক্ৰি কৰাৰ আগেয়ে পালেঙৰ গুৰিবোৰ কাটি পেলোৱা হৈছে

ইয়াৰ পিছত চাইকেল লৈ গাঁৱৰ পৰা বহূদূৰলৈ গৈ এনে বজাৰবোৰত কাম বিচাৰিছিলো য’ত মোক কোনোৱে চিনি নাপায়। চিনাকি মানুহৰ পৰা কাম বিচাৰিবলৈ মই বৰ সংকোচবোধ কৰিছিলো। যাহওঁক, কাম বিচৰাৰ মাজতে মই এঠাইত টিউশ্যন কৰা কাম পালো। কিন্তু দুই-তিনিমাহ পঢ়াই দেখিলো যে পইচা ভালকৈ পোৱা নাই। সেয়ে মনটো পুনৰ ভাগি গ’ল। ভাবিলো মুম্বাইলৈ গুছি যাওঁ। দেউতাও তাতে আছিল। কিজানি তাতে কিবা নহয় কিবা কাম পাই যাওঁ। মায়েও এই কথাত হয়ভৰ দিলে। শেষত সেইজন চুবুৰীয়াৰ লগতে মই মুম্বাইলৈ আহিলো, যিজনৰ লগত প্ৰথমবাৰ দেউতা আহিছিল।

*****

আকৌ কামৰ সন্ধান আৰম্ভ হ’ল। আশ্ৰয়স্থলো অনিশ্চিত আছিল, গোটেই দিনটো কাম বিচাৰি ফুৰিছিলো

মুম্বাইৰ আন্ধেৰী (ৱেষ্ট)ত দেউতাই যি ঠাইত পাচলিৰ দোকান দিছিল, তাৰেই পদপথত তেওঁ ৰন্ধা-বঢ়াও কৰিছিল আৰু খাই-বৈ তাতেই শুই গৈছিল। তেওঁৰ লগত থকাটো বৰ মস্কিল আছিল। গাখীৰৰ দোকান এখনত মই কাম পালো। মালিকে ক’লে যে কেৱল দোকানখন চাব লাগে, ইটো-সিটো বস্তু আনিবলৈ যাবলগীয়া হ’ব পাৰে। খোৱা-লোৱা ইয়াতে হ’ব। কাম গোটেই মাহটো কৰিব লাগিব, ছুটী নাথাকে। দৰমহা ১,৮০০ টকা। মই হা ক’লো। এসপ্তাহত দুয়োখন ভৰি ভয়ানকভাৱে ফুলি গ’ল, সাংঘাতিক বিষ হ’ল। বহি থাকিলেহে অকণমান আৰাম পোৱা হ’লো। প্ৰায় বিশ দিন কাম কৰাৰ পিছত ক’লো যে এই মাহটো শেষ হোৱাৰ পিছত কাম কৰিব নোৱাৰিম।

আকৌ কামৰ সন্ধানত লাগিলো। থকাৰ ঠিকনাও নিশ্চিত নাছিল। দিনটো কাম বিচাৰিছিলো। কেতিয়াবা বাছ আস্থানত, কেতিয়াবা দোকানৰ সন্মুখতে শুই গৈছিলো। শেষত এখন অনলাইন লটাৰীৰ দোকানত কাম পালো. তাতে মানুহে বাজী লগাবলৈ আহে। মোৰ কাম আছিল লটাৰিৰ নম্বৰ লিখা। সেই কাম কৰি এদিনত ৮০ টকা পাইছিলো। মোৰ মালিকজনে এদিন নিজে বাজি মৰাত লাগিল। তাত তেওঁ প্ৰায় ৭-৮ লাখ টকা পানীত পৰিল। এই কাণ্ড ঘটাৰ পিছত দুদিন দোকান বন্ধ থাকিল। তৃতীয়দিনা কোনোবাই খবৰ দিলে যে মালিকৰ ওপৰৰ মালিকে তেওঁক পিটিছে আৰু আগলৈ নতুন মালিক নহা পৰ্য্যন্ত দোকান বন্ধ থাকিব। কিন্তু দ্বিতীয়জন মালিক নাহিল। মই প্ৰায় ১০০০ টকা পাবলগীয়া আছিল। সেইখিনি ঘূৰাই নাপালো। আকৌ এবাৰ কামৰ সন্ধানত মই ঘূৰি ফুৰিব ধৰিলো।

PHOTO • Devesh
PHOTO • Devesh

মিথুনৰ বহু গ্ৰাহকে নিয়মিত তেওঁৰ পৰা পাচলি কিনে; তাৰে কিছুমানৰ সৈতে তেওঁৰ বন্ধুত্বসুলভ সম্পৰ্কও গঢ় লৈ উঠিছে। তেওঁ ২০০৮ চন মানৰ পৰা ইয়াতে পাচলি বিক্ৰী কৰি আহিছে

ইয়াৰ মাজতে দেউতাৰ ভৰিৰ সমস্যাই দেখা দিলে। মই দেউতাক ক’লো যে এতিয়া মোক কাম কৰিবলৈ দিয়ক, আপুনি গাঁৱলৈ উভতি যাওঁক। মই আপোনাৰ দোকান চম্ভালিম। প্ৰথমতে দেউতাই ক’লে যে মই চম্ভালিব নোৱাৰিম, ৰাস্তাৰ দোকানত বহুত জঞ্জাল থাকে। কিন্তু তেওঁৰো মন আছিল ঘৰ যোৱাৰ, সেয়ে শেষত মোৰ কথাত তেওঁ মান্তি হ’ল।

অকলে দোকান চলাই মই এসপ্তাহত ডেৰ হাজাৰ টকা ৰাহি কৰিলো। ইমানখিনি টকা মোৰ কাৰণে বহুত বেছি আছিল। এই কামত মোৰ মন বহিল আৰু এমাহ পৰিশ্ৰম কৰি মই পাঁচ হাজাৰ টকা সঞ্চয় কৰিলো। প্ৰথমবাৰ যেতিয়া মই ডাকযোগে ঘৰলৈ পইচা পঠিয়ালো, মায়ে মনত বহুত সন্তোষ পাইছিল। এটা টকাও ৰাহি কৰিব নোৱাৰা দোকানখনতে মই ইমান টকা কেনেকৈ ৰাহি কৰিলো, তাকে ভাবি দেউতা আচৰিত হৈছিল।

য’ত দোকান লগাইছিলো, তাতে ৰাস্তাৰ সিটো পাৰে এখন পাচলিৰ দোকান আছিল। তাতে মোৰ বয়সৰে ল’ৰা এজন থাকিছিল। লাহে লাহে আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। প্ৰথমবাৰ তেওঁ যেতিয়া মোলৈ খাদ্যৰ প্লেটখন আগবঢ়াই দিছিল, সেয়া মোৰ মনত আছে। তেওঁৰ নাম আমিৰ আছিল। আমিৰৰ লগ লগাৰ পিছত মোৰ খোৱা-বোৱাৰ চিন্তা নাইকিয়া হ’ল। আজি কি বনাম বুলি আমিৰে মোক সোধা হ’ল। মই ৰন্ধা-বঢ়া নাজানিছিলো। সেয়ে প্ৰায়ে মই বাচন-বৰ্তনখিনি ধুই দিছিলো। যিটুকুৰা মুকলি ঠাইত আমি শুইছিলো, তাতে আমাৰ পকেটৰ পৰা পইচা চুৰ হ’বলৈ ধৰিলে। এবাৰ আনকি জেপৰ পৰা ম’বাইলটোকে লৈ গ’ল। সেয়ে কেইদিনমান পিছত আমিৰৰ লগ লাগি আমি ভাৰাঘৰ লোৱাৰ চিন্তা কৰিলো। চিনাকি এজনে চ্চলত ঘৰো ব্যৱস্থা কৰি দিলে। মাহত ৩,০০০ টকা ভাৰা আছিল। দুয়ো মিলি দিছিলো।

গাঁৱত আমাৰ ঘৰটো কেঁচা আছিল। এদিন তাতে জুই লাগিল। মেৰামতি কৰা হ’ল যদিও ঘৰটো জৰ্জৰ হৈয়ে থাকিল। সেয়ে কেঁচা ঘৰটো ভাঙি তাৰ ঠাইত পকী ঘৰ বনোৱা আৰম্ভ কৰা হ’ল। সেই সময়তে, ২০১৩ত মোৰ দুয়োখন ভৰিত অদ্ভুত ধৰণৰ বিষ এটা আৰম্ভ হ’ল। গাঁৱৰ সামূহিক স্বাস্থ্যকেন্দ্ৰত ডাক্তৰক দেখুৱাওতে ডাক্তৰে কেলচিয়াম কমা বুলি ক’লে। ভাল নোহোৱাত ডাক্তৰে কিবাকিবি পৰীক্ষা কৰিবলৈ দিলে। ৰিপ’ৰ্টবোৰ অহাত গম পালো যে জণ্ডিচ হৈছে। চিকিৎসা কৰোৱা স্বত্ত্বেও মোৰ স্বাস্থ্য বেয়া হৈ আহিবলৈ ধৰিলে। উপশম নোপোৱাত ঘৰৰ মানুহে প্ৰায়ে বেজ-ওজাৰ কাষ চাপিছিল। দুয়োফালে পইচা গৈছিল। দৰৱ আৰু আশীৰ্বাদ, দুয়োটাতে। কিন্তু বেমাৰ ভাল নহ’ল। হাতত একেবাৰে পইচা নোহোৱা হৈ আহিল। তাকে দেখি আত্মীয়ই সহায় কৰিলে। মই মুম্বাইলৈ ঘূৰি আহিলো।

PHOTO • Sumer Singh Rathore
PHOTO • Sumer Singh Rathore

বাওঁফালেঃ মিথুনে নিয়মিত জিমলৈ যায়। কিছুমানে তাকে দেখি আশ্চৰ্যচকিত নহৈ নোৱাৰে। মিথুনে কয়, ‘পাচলি বেপাৰীয়ে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ অধিকাৰ নাই নেকি?’ সোঁফালেঃ ঘৰত খাদ্য ৰন্ধাৰ সময়ত

মোৰ মনত বিভিন্ন ধৰণৰ ভাব আহিবলৈ ধৰিলে। কেতিয়াবা লাগে যেন মই গাঁৱত আছো, কেতিয়াবা লাগে মুম্বাইত আছো। গ্ৰাহক হিচাপে লগ পোৱা কবিতা মলহোত্ৰাই যেতিয়া মোৰ বিষয়ে জানিবলৈ পালে, তেওঁ চিন্তিত হৈ পৰিল। পেচাত শিক্ষক কবিতাই চিনাকি এজন ডাক্তৰৰ ওচৰলৈ লৈ যোৱা হ’ল। সকলো খৰচ তেওঁ বহন কৰিলে। মানুহে বহুবাৰ কোৱাত আমিৰে মোক দৰগাহলৈকেও নিলে। মানুহে কয় যে মই মোৰ গাৰ গোটেই কাপোৰ খুলি পেলাই দিছিলো, কেতিয়াবা ইফালে-সিফালে দৌৰি ফুৰিছিলে। এদিন দেউতাই মোক চিনাকি মানুহৰ সহায়ত ৰেলত ঘৰলৈ লৈ আহিল। গাঁৱত ডাক্তৰ আৰু বেজক দেখুওৱাৰ কাৰবাৰ আকৌ আৰম্ভ হ’ল। মাজতে মানুহে প্ৰায়ে এলাহবাদৰ বিভিন্নজন ডাক্তৰক দেখুওৱাৰ দিহা দিয়ে। ব’লেৰো বুক কৰো আৰু মায়ে মোক ডাক্তৰৰ ওচৰলৈ লৈ যায়। মাৰ হাততো পইচা নাথাকিছিল। কিন্তু আত্মীয়ই সহায় কৰিছিল। মোৰ ওজন চল্লিশ কিলো হৈ পৰিছিল। বিচনাত পৰিলে কংকাল এটা পৰি থকা যেন দেখা হৈছিল। মানুহে কৈছিল যে বাচাৰ একো আশা নাই। কেৱল মায়ে আছিল যিয়ে সাহস হেৰুওৱা নাছিল। মায়ে চিকিৎসাৰ নামত নিজৰ গহনা-গাঁঠৰি বিক্ৰী কৰি দিছিল।

ইয়াৰ মাজতে কাৰোবাৰ পৰামৰ্শ অনুসৰি এলাহবাদৰ মনোৰোগ বিশেষজ্ঞ ডাক্তৰ টেণ্ডনৰ ওচৰত চিকিৎসা আৰম্ভ কৰালো। তেওঁ ২০১৩ৰ ১৫ আগস্তত আমাক দেখা কৰাৰ তাৰিখ দিছিল। আমি যিখন বাছত উঠি গৈছিলো, সেইখন আদবাটতে বেয়া হ’ল। তাৰ পৰা দুই কিলোমিটাৰ দূৰত এলাহবাদৰ বাছ পোৱা গৈছিল। মই সাহস কৰি খোজকাঢ়ি যোৱাটোকে ঠিৰাং কৰিলো। কিন্তু অকণমান গৈয়ে আৰু নোৱাৰিলো আৰু ৰাস্তাৰ দাঁতিতে বহি দিলো। মায়ে ক’লে যে মোক তেওঁ বোকোচা কৰি লৈ যাব পাৰিব। তেওঁৰ কথা শুনি মই চকুপানী ওলাল। তেনেতে এখন টেম্পো সেই বাটেৰে গৈ আছিল। মায়ে হাতযোৰ কৰাত টেম্পোখন ৰ’ল আৰু আমাক বাছ ধৰাই দিলে। পইচাও নল’লে। মোৰ বেমাৰৰ সময়চোৱাৰ আন একো কথাই মনত নাই, কিন্তু এই ঘটনাটো ভালকৈ মনত আছে। ইয়াৰ পৰাই মোৰ স্বাস্থ্য ভাললৈ আহিবলৈ ধৰে। মোৰ ওজন বাঢ়িবলৈ ধৰিছিল, কিন্তু গাত তেতিয়াও জোৰ নাছিল। বেছি ওজন কঢ়িয়াব পৰা নাছিলো। কিন্তু তথাপিও সাহস কৰি কামত ধৰিলো আৰু আকৌ মুম্বাই আহিলো। আকৌ এবাৰ ব্যৱসায়ৰ গতি বাঢ়িল। দুটা বছৰত অৱস্থা ভাললৈ আহিল। তাৰ পাছতে ২০১৬ত যেতিয়া বিমুদ্ৰাকৰণ ঘোষণা কৰা হ’ল, মোৰ ব্যৱসায় একেবাৰে মন্দা হৈ পৰিল।

*****

ভগত সিং পঢ়ি মনত প্ৰশ্ন উদয় হ’ল যে আজিৰ এইখন ভাৰতৰেই সপোন তেওঁ দেখিছিল নে?

যোৱা কেইটামান বছৰত মই বৰকৈ ছচিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ লৈছিলো। হোৱাটচআপত ফৰৱাৰ্ড পঢ়ি পঢ়ি সোপন্থাৰ ফালে ঢাল খাইছিল। এক-ডেৰ বছৰৰ ভিতৰত ছ’চিয়েল মিডিয়াই মোক এনেকৈ মন-মগজুত শিপালে যে মুছলমান পৰিয়ালৰ লগত থাকিয়েই মই মুছলমান মানুহক বেয়া পাবলৈ ধৰিলো। আমিৰে মোৰ কথাবোৰত বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু মই দেশৰ বাকী মুছলমানক ভাল পোৱা নাছিলো। পাকিস্তান, কাশ্মীৰ, উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ বিষয়ে মোৰ মনত ঘৃণা উপজিব ধৰিলে। মই যিটো ধৰ্ম জন্মসূত্ৰে পাইছো, সেইটো নমনা মানুহৰ প্ৰতি মোৰ মনত বিদ্বেষৰ জন্ম হ’ল। কোনো মহিলাক জিন্স পিন্ধা দেখিলে এনে লগা হ’ল যেন তেওঁলোকে এই সমাজখন ভ্ৰষ্ট কৰিছে। প্ৰধানমন্ত্ৰীৰ সমালোচনা শুনি এনে লগা হ’ল যেন কোনোবাই মোৰ অৱতাৰী পুৰুষক গালি দিছে।

এনে অনুভৱ হ’ল যে মই মোৰ মনৰ কথা কোৱা উচিত, সেয়ে মই নিজৰ মনৰ কথাবোৰ সামাজিক গণমাধ্যমত কাহিনী আকাৰে লিখিবলৈ আৰম্ভ কৰিলো, সেয়া পঢ়ি মানুহে মোক অনুসৰণ কৰিবলৈ ল’লে

ভিডিঅ’ চাওঁকঃ পাচলিৰ বেপাৰ, সমতাৰ পাঠ

এদিন আমিৰে এজন সাংবাদিকৰ কথা ক’লে। তেওঁৰ নাম মায়ংক চাক্সেনা। আমিৰে ফেচবুকত তেওঁৰ কেইটামান পোষ্ট দেখুৱালে। মই ভাবিলো কিনো বাজে কথা কৈ আছে। দেশ বিৰোধী, প্ৰধানমন্ত্ৰী বিৰোধী আলোচনা কৰা লোকজনক আমিৰে প্ৰশংসাৰে উপচাইছে, মই সহ্য কৰিব পৰা নাছিলো। কিন্তু আমিৰক একো ক’বও পৰা নাছিলো। কিন্তু হঠাৎ এদিন তেওঁক লগ পাই গ’লো। সৰুফুটীয়া, দীঘল চুলিৰ মানুহজনে মোৰ সৈতে হাঁহি-মাতি কথা পাতিলে। তেতিয়াও সেইজন মানুহৰ প্ৰতি মোৰ ঘৃণাৰ ভাব আঁতৰা নাছিল।

মায়ংকৰ আন বন্ধুবোৰৰো চিন্তা-ধাৰা একেধৰণৰ আছিল। তেওঁলোককো লগ পাবলৈ ধৰিলো। তেওঁলোকক যুক্তিতৰ্ক কৰা দেখিলো। কিমান যে পৰিসংখ্যা, কিতাপ, ঠাই, ব্যক্তিৰ নাম তেওঁলোকে নলৈছিল, সেইবোৰৰ মই নামেই শুনা নাছিলো। মায়ংকে মোক নিজৰ ফালৰ পৰা কেইখনমান কিতাপ দিলে। মোৰ সত্য অন্বেষণৰ কাহিনী - গান্ধীজীয়ে লিখা কিতাপ। গান্ধী-নেহৰুক লৈ মোৰ মনত তেতিয়াও বিদ্বেষভাৱ যোৱা নাছিল। সেই কিতাপখন পঢ়ি আমনি পালো যদিও মই পঢ়িবলৈ ল’লো। প্ৰথমবাৰৰ বাবে গান্ধীৰ বিষয়ে ইমানখিনি জানিব পাৰিলো। কিন্তু তেতিয়াও পঢ়িবলৈ বহুখিনি বাকী আছিল। মনত জমা হৈ থকা জাবৰবোৰ লাহে লাহে আঁতৰিব ধৰিছিল।

এবাৰ দাদৰত প্ৰতিবাদী কাৰ্য্যসূচী হৈছিল। মায়ংকো তাত আছিল। তেওঁ মোক লগ ধৰা কাৰণে ময়ো ওলালো। দাদৰ ষ্টেশ্যনৰ বাহিৰত বহুলোকে জুম পাতি প্ৰতিবাদ কৰিছিল, প্ৰতিবাদী শ্লোগান জুৰিছিল। চৰকাৰৰ দমনকাৰী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। বহুবছৰৰ মুৰত মই ৰঙা পতাকাখন আকৌ দেখিলো। মায়ংকে তাত ডাফলি লৈ জনতাৰ গান গাই আছিল। প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লোৱা এয়া মোৰ প্ৰথমটো অনুভৱ আছিল আৰু সেয়া কোনো আশ্চৰ্য্যতকৈ কম নাছিল। মায়ংক অকণমান বিৰতি লৈ কাষলৈ অহাত মই তেওঁক সুধিলো যে ইয়ালৈ আহিবলৈ কোনে পইচা দিয়ে? মায়ংকে মোক ওলোটাই প্ৰশ্ন কৰিলে, তোমাক কোনে দিছে ইয়ালৈ আহিবলৈ বুলি? মই নিজে উত্তৰ বিচাৰি পালো।

PHOTO • Devesh
PHOTO • Devesh

গ্ৰাহকক পাচলি বিক্ৰী কৰাৰ লগতে মিথুনে পঢ়াৰ কাৰণেও সময় উলিয়ায়। ‘নিয়মিত অধ্যয়নৰ লাভ এইটোৱে যে মোৰ লিখাৰ প্ৰতি আগ্ৰহ জন্মিল’
তেওঁ সাতৰো অধিক বছৰ কাল ছ’চিয়েল মিডিয়াত লিখি আহিছে আৰু তেওঁৰ লিখা-মেলাৰ কাৰণে তেওঁক বহুলোকে নিয়মিত অনুসৰণ কৰে

এই প্ৰদৰ্শনৰ সময়তে মই অনৱৰ হুছেইনক লগ পালো। তেওঁ তেতিয়া প্ৰায়ে মোৰ দোকানলৈ আহি পাচলি কিনি নিয়া হ’ল। তেওঁ যেতিয়া জানিব পাৰিলে যে মোৰ কিতাপ পঢ়াৰ চখ আছে, তেওঁ মোক কেইখনমান কিতাপ দি গ’ল। তাত মণ্টো, ভগত সিং, মুন্সী প্ৰেমচান্দৰ কিতাপ বেছি আছিল। মণ্টোৰ কিতাপে মোৰ মনটো এনেকৈ জোকাৰি গ’ল যে নাৰীৰ প্ৰতি মোৰ দৃষ্টিভংগীয়ে সলনি হৈ গ’ল। ভগত সিং পঢ়ি মনত প্ৰশ্ন উদয় হ’ল যে আজিৰ এইখন ভাৰতৰেই সপোন তেওঁ দেখিছিল নে? মুন্সী প্ৰেমচন্দ পঢ়ি এনে লাগিল যেন মই মোৰ জীৱনী, নিজৰ মানুহ আৰু সমাজখনক দেখিছো। তাৰপিছত মই হৰিশংকৰ পৰছাই পঢ়িবলৈ আৰম্ভ কৰিলো। পৰছাইৰ কিতাপ পঢ়ি সমাজ আৰু নিজকে সংশোধন কৰাৰ হাবিয়াহ্ জাগিল। এনে লাগিল যেন এইজন মানুহ এইখিনি সময়ত ইয়াতে থাকিব লাগিছিল, থাকিলে সকলোকে উদঙাই পেলালেহেঁতেন।

এতিয়া লাহে লাহে মোৰ মনৰ পৰা সম্প্ৰদায়, লিংগ, ক্ষেত্ৰ, জাতক লৈ যি বিদ্বেষ আছিল, সেয়া অধ্যয়নৰ ফলত ধীৰে ধীৰে নাইকিয়া হ’বলৈ ধৰিলে। নিয়মিত পঢ়াৰ এটা লাভ আছিল যে মোৰ মনত লিখাৰো ইচ্ছা জাগিছিল। তাৰোপৰি ছ’চিয়েল মিডিয়াত বহুতৰে লেখা পঢ়ি মোৰ সেইবোৰ কৃত্ৰিম যেন লাগিছিল, মোৰ মনৰ কথাবোৰ কোৱাটো জৰুৰী যেন অনুভৱ কৰিবলৈ ধৰিছিলো। মই নিজৰ অনুভৱখিনি সামাজিক গণমাধ্যমত লিখিবলৈ আৰম্ভ কৰিলো, সেয়া পঢ়ি মানুহে মোক অনুসৰণ কৰিবলৈ ল’লে। ময়ো ভাল ভাল লেখকক অনুসৰণ কৰিবলৈ ল’লো। শিকাৰ প্ৰক্ৰিয়া এনেকৈ আগবাঢ়ি গৈ থাকিল।

*****

মংগলসূত্ৰ, যৌতুক কিম্বা কন্যাদান - ইয়াৰে এটাও বিয়াত নাছিল। মই ডলিক সেন্দুৰ পিন্ধাইছিলো, ডলিয়ে মোক

মোৰ দোকানখন আছিল ৰাস্তাত, সেয়ে পুলিচৰ সৈতে নানা ধৰণৰ তিক্ত অভিজ্ঞতা হৈছিল। ডাবি-ধমকিৰে সদায় পইচা নিয়া, গালি-গালাজ কৰা, থানালৈ নি বহাই থোৱা, যেতিয়াই-তেতিয়াই ১২৫০ টকাৰ জৰিমনা বিহা আদি বিভিন্ন কাহিনী যদি লিখিবলৈ লওঁ, বৃহৎ এখন কিতাপৰ আকাৰেই ল’ব। কিমানবাৰ পুলিচে পিটে, পিটন দিয়াৰ ভাবুকি দিয়ে, হাফ্টা নিদিলে কেবাঘণ্টালৈ গাড়ীত উঠাই লৈ ফুৰে। এইবোৰ তেনেই সাধাৰণ ঘটনাৰ দৰে আছিল। এনেবোৰ অভিজ্ঞতাৰ কথা সামাজিক গণমাধ্যমত লিখিবলৈ মন গৈছিল যদিও ভয়ো লাগিছিল। কিন্তু এনে এটা শৈলীৰে লিখিবলৈ ল’লো যে তাত কোনো পুলিচৰ নামো নাহে আৰু চহৰ বা ৰাজ্যৰ উল্লেখো নাথাকে। বিমূদ্ৰাকৰণৰ সময়ত জ্যেষ্ঠ সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা ৰুক্মিনী সেনৰ নজৰত পৰিলো আৰু তেওঁ মোক সবৰংগ ইণ্ডিয়াৰ কাৰণে লিখিবলৈ ক’লে, সেই লিখা-মেলা এতিয়াও চলি আছে।

PHOTO • Courtesy: Mithun Kumar
PHOTO • Sumer Singh Rathore

২০১৯ৰ বিয়াৰ দিনা ডলিয়ে মিথুনৰ শিৰত (বাওঁফালে) সেন্দুৰ পিন্ধাইছে। এই দম্পত্তিহালে নিজৰ বিয়াত মন্ত্ৰৰ বিপৰীতে ইজনে-সিজনৰ সমচক্ষুৰে চোৱাৰ কথা দিয়ে

এইবোৰৰ মাজতে মোৰ দ্বিতীয়জনী ভনীৰ ২০১৭ত বিয়া হয়। তেতিয়া পৰিয়ালে মোকো নোৱাবৰ মন মেলিলে। কিন্তু তেতিয়ালৈ এই কথা বুজি পাইছিলো যে বিয়াৰ দৰে এটা গুৰুগম্ভীৰ বিষয় এটাত সামাজিক হেঁচাত সিদ্ধান্ত লোৱা অনুচিত। এনে সময়তে মোৰ জীৱনলৈ আহিল ডলি। আমি একেলগে ঘুৰা-ফুৰা কৰা দেখি মানুহৰ মনত ঈৰ্ষা জন্মিল। মানুহে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিবলৈ ল’লে। ক’ৰ হয়, কি জাতিৰ আদি বিভিন্ন প্ৰশ্ন। মোৰ জাতিৰ মানুহৰ মনত এই কথা জনাৰ খুব উৎসুকতা জাগিছিল যে ছোৱালীজনী কোন জাতিৰ। আন জাতিৰ হোৱাৰ কাৰণে তেওঁলোকে নাক কটা যাব বুলি কৈছিল। কিন্তু মই ইতিমধ্যে এনেবোৰ কথাৰ উৰ্দ্ধত চিন্তা কৰিবলৈ শিকিছিলো।

ডলিয়ে ঘৰত মোৰ বিষয়ে ক’লে। কিছুদিন পিছত ডলিৰ ঘৰৰ মানুহক গৈ লগ কৰি আহিলো। মোৰ ঘৰৰ মানুহে মই সোনকালে বিয়া পাতি লোৱাটো বিচাৰিছিল। ডলি আৰু ময়ো বিচাৰিছিলো। কিন্তু প্ৰথমতে অলপ থিতাপি লাগি লওঁ বুলি ভাবোতেই দুই-আঢ়ৈ বছৰ বাগৰিল। ডলিৰ মাক-দেউতাকৰ ফালৰ পৰাও তেওঁৰ ওপৰত হেঁচা পৰিছিল। তেওঁলোক আছিল ছোৱালীৰ মাক-দেউতাক। তেওঁলোকৰ ওপৰত সামাজিক হেঁচা অলপ বেলেগ প্ৰকৃতিৰ আছিল। তেওঁলোকে পৰম্পৰাগত নিয়মেৰে বিয়াখন হোৱাটো বিচাৰিছিল। মোৰ ঘৰৰ মানুহৰো একেই ইচ্ছা আছিল। কিন্তু মই আইনী উপায়ে বিয়াখন পাতিব বিচাৰিছিলো। ডলিয়েও এনেকৈ হোৱাটোৱে বিচাৰিছিল। ডলিক কিজানি মই এৰিয়েই যাওঁ, তাইৰ ঘৰৰ মানুহে তেনেকৈ ভাবিবলৈ লৈছিল। মোৰ মা-দেউতাই আকৌ কৈছিল যে মানুহে গম পাওঁক অন্তত আমাৰ ল’ৰাটোৰ বিয়া যে হ’ব। এনে হেঁচাৰ মাজতে সিদ্ধান্ত ল’বলগীয়া আছিল। ডলিৰ পৰিয়ালৰ মানুহে সৰু বিবাহ ভৱন এটাৰ ব্যৱস্থা কৰিলে।

কিন্তু আমাৰ জেদৰ আগত আমাৰ পৰিয়ালে হাৰ মানিলে। মংগলসূত্ৰ, কন্যাদান, যৌতুক - ইয়াৰে কোনো এটাও আমাৰ বিয়াত নাছিল। মই ডলিক সেন্দুৰ পিন্ধালো, তাইও মোক পিন্ধালে। সাত পাক ঘুৰিলো, পণ্ডিতে নিজৰ মন্ত্ৰ পঢ়িলে। প্ৰতিটো পাকৰ পিছত মায়ংকে আমালৈ বুলি বচন মাতে। তাত পুৰুষ-মহিলাক সমান মৰ্য্যাদা দিয়াৰ কথা আছিল। ভৱনত উপস্থিত সকলোৱে হাঁহিছিল, কিন্তু তেওঁলোকে বুজিছিল যে সুকীয়া কিবা এটাই আজি ঠাই পাইছে, শিকলিবোৰ ভাঙিছে। কিছুমান মানুহৰ খং উঠিছিল। কিন্তু তেওঁলোক বিতুষ্ট হোৱাতকৈ ডাঙৰ কথা আছিল সমাজত যুগ যুগ ধৰি চলি অহা পুৰুষ-মহিলাৰ মাজৰ বৈষম্য, ব্ৰাহ্মণ্যবাদৰ পৰা আৰম্ভ কৰি নাৰীবিৰোধী কথাবোৰ ওফৰাই দিয়াটো। বিয়াৰ পিছত ডলিৰ সৈতে আমি নতুন ঘৰত সোমালো। ২০১৯ৰ মাৰ্চত আমি বিয়া পতাৰ সময়ত আমাৰ ঘৰত একো নাছিল। লাহে লাহে ঘৰৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰ কিনিলো। বেজীটোৰ পৰা আৰম্ভ কৰি আলমাৰিলৈকে পৰিশ্ৰমৰ টকাৰে যোগাৰ কৰিলো।

PHOTO • Sumer Singh Rathore
PHOTO • Sumer Singh Rathore
PHOTO • Devesh

বাওঁফালেঃ মিথুন আৰু ডলি ক’ভিড-১৯ লকডাউনৰ সময়ত মুম্বাইতে আছিল। মাজতঃ মিথুনে কয়, ‘জীৱনটো যুঁজি যাম।’ সোঁফালেঃ তেওঁৰ সৰু ভাই ৰবি

২০২০ৰ মাৰ্চত ক’ৰনা আহি ওলাল। তাৰ বোকোচাত উঠি আহিল লকডাউন। বস্তু কিনিবলৈ মানুহবোৰে হেতা-ওপৰা লগালে। কেইমিনিটমানৰ ভিতৰতে মোৰ পাচলিৰ দোকানখন খালি হৈ পৰিল। কিছুমানে লুটি নিলে, কেইজনমানেহে পইচা দিলে। সকলো দোকানৰে একেই অৱস্থা আছিল। কেইমুহূৰ্তমান পিছত পুলিচ আহি সকলো দোকান-পোহাৰ বন্ধ কৰি দিলে। কেতিয়া খুলিব লাগিব তাকো নক’লে। মানুহবোৰ গাঁৱলৈ উভতিবলৈ ধৰিলে। আমি যিটো চৌহদত আছিলো, সেইটো দুদিনতে খালি হৈ গ’ল। ক’ৰনাতকৈ মানুহে বেপাৰ-ব্যৱসায় বন্ধ হৈ গ’লে খাব কি তাকে লৈ বেছি ভয় খাই পলায়ন কৰিছিল। ডলিয়ে যিখন ট্ৰেকিং জেকেট বনোৱা দোকানত কাম কৰিছিল, সেইখনো ২০২০ৰ ১৫ মাৰ্চত বন্ধ হৈ গ’ল।

ঘৰৰ মানুহে মাতি পঠিয়াইছিল, কৈছিল এতিয়া গাঁৱলৈ গুছি আহা, পিছত সকলো ভালে থাকিলে কিবা চিন্তা কৰিম। কিন্তু সেইখিনি সময়ত হাতত টকা নাছিল। সেয়ে তাকে থাকি যোৱাটোৱে উচিত বুলি ভাবিলো। পাচলিৰ বেপাৰ আছিল কাৰণে খোলা ৰখাৰ অনুমতি পাইছিলো। কিন্তু পাচলি কিনি অনাটো টান কাম আছিল। দাদৰত থকা মূল বজাৰখন বন্ধ আছিল। প্ৰায়ে চুনা ভাট্টি, সুমেয়া গ্ৰাউণ্ডত পাচলি পোৱা গৈছিল। কিন্তু তেনে ঠাইত ইমানেই ভীৰ হৈছিল যে ক’ৰনা হৈ যাব বুলি ভয় সোমাইছিল। আকৌ মোৰ পৰা আকৌ ডলিৰো গাত লাগে বুলি ভয় খাইছিলো। কিন্তু ভীৰত সোমোৱাৰ বাদে হাতত একো উপায় নাছিল। কোনোমতে খৰচ-পাতিখিনি ওলাইছিল। মে’ মাহত বিএমচিয়ে দোকান খোলাৰ সময় দুপৰীয়া ১২ বজাৰ পৰা আবেলি ৩ বজালৈ, মুঠে তিনিঘণ্টা কৰি দিলে। নিৰ্ধাৰিত সময়ৰ অলপো ইফাল-সিফাল হ’লে পুলিচে আহি কোবাইছিল। পাচলি বিক্ৰী কৰাৰ অনলাইন প’ৰ্টেলবোৰ পুৱাৰ পৰা ৰাতিলৈকে খোলা আছিল। মানুহে অনলাইনত পাচলি কিনাটো উচিত বুলি ভাবিছিল। আমাৰ ব্যৱসায়ৰ বহুত ক্ষতি হৈছিল। সেই সময়তে ককাৰ ভৰি ভাগিছিল আৰু ক’ৰনাকালত তেওঁ কেনেকৈ এই পৃথিৱীৰ পৰা মেলানি মাগিলে, সেই কথা মই ওপৰত কৈছোৱেই।

কেইমাহমান পিছত কামৰ সময় বঢ়াই সন্ধিয়া ৭ বজালৈ কৰি দিলে। এদিনাখন মোৰ ভাই ৰবিয়ে সাত বজাত ঠেলাখনৰ পৰা ফল-মূলবোৰৰ মাজৰ পচা ফলবোৰ পৃথক কৰি আছিল। এজন পুলিচ আহি ভিডিঅ’ কৰাত লাগিল। ভয়তে ৰবিয়ে তেওঁক পইচা যাঁচিলে যদিও পুলিচজনে বেছি পইচা বিচাৰিলে। নহ’লে গোচৰ ৰুজু কৰাৰ ভাবুকি দিলে। পুলিচজনে ৰবিক থানালৈ লৈ গ’ল। ৰাতি এক-ডেৰ বজাত পুলিচে ৰবিৰ পকেটত থকা ছহেজাৰ টকা উলিয়াই নিলে আৰু এৰি দিলে। জমা বুলিবলৈ তাৰ হাতত সেইখিনিয়েই আছিল। অৱশ্যে দুই-তিনিদিন পিছত ডাঙৰ পুলিচ বিষয়া এজনৰ সৈতে কথা পতা হ’ল। দুদিন পিছত যিজন পুলিচে ৰবিৰ পৰা পইচা নিছিল, সেইজনে ৰবিক বিচাৰি আহিল আৰু গোটেইখিনি পইচা উভতাই দি গ’ল।

ক’ৰনাকালত ব্যৱসায় যি পৰিল, এতিয়ালৈ পোনাব পৰা নাই। দুনীয়াখনৰ সৈতে সংগ্ৰাম কৰি এতিয়াও আমি আমাৰ জীৱনবোৰক গতি দিয়াৰ চেষ্টা চলাই আছো। এই কাহিনীটো লিখি থকাৰ সময়ত মই ক’ৰনা পজিটিভ। ডলিও ক’ৰনাত আক্ৰান্ত। আমি দুয়ো নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছো। দোকানত যি পাচলি আছিল, আশে-পাশে থকা ঠেলাগাড়ীৰ দোকানীয়ে বিক্ৰী কৰাত সহায় কৰি দিলে। হাতত ধন বুলিবলৈ যিখিনি আছিল, সেইখিনি দৰৱ-পাতি আৰু ক’ৰনা পৰীক্ষাৰ নামত উদং হ’ল। কিন্তু পৰীক্ষাৰ ফলাফল নিগেটিভ আহিব, তেতিয়া আকৌ বাহিৰলৈ ওলাম। আকৌ চেষ্টা কৰিম। জীৱন বুলিলে মাথো সংগ্ৰাম, আৰুনো কি?

নিৰাপত্তাৰ খাতিৰত কিছুমান মানুহৰ নাম আৰু স্থান ষ্ট’ৰিত উল্লেখ কৰা হোৱা নাই।

লিখকে এই ষ্ট’ৰিটো মূলত: হিন্দী ভাষাত লিখিছে আৰু দেৱেশে এয়া সম্পাদনা কৰিছে।

প্ৰচ্ছদ আলোকচিত্ৰ: সুমেৰ সিংহ ৰাঠোড়

অনুবাদ: পংকজ দাস

Mithun Kumar

ମିଥୁନ କୁମାର ମୁମ୍ବାଇରେ ଏକ ପରିବା ଦୋକାନ ଚଳାଇଥାନ୍ତି ଏବଂ ବିଭିନ୍ନ ଅନଲାଇନ ପ୍ଲାଟଫର୍ମରେ ସାମାଜିକ ପ୍ରସଙ୍ଗରେ ଲେଖିଥାନ୍ତି ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Mithun Kumar
Photographs : Devesh

ଦେବେଶ ଜଣେ କବି, ସାମ୍ବାଦିକ, ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା ଓ ଅନୁବାଦକ। ସେ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆରେ ହିନ୍ଦୀ ଭାଷା ସମ୍ପାଦକ ଓ ହିନ୍ଦୀ ଅନୁବାଦ ସମ୍ପାଦକ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Devesh
Photographs : Sumer Singh Rathore

ସୁମୀର ରାଜସ୍ଥାନ ଜୈସାଲମେରର ଜଣେ ଭିଜୁଆଲ କାହାଣୀକାର, ଲେଖକ ଏବଂ ସାମ୍ବାଦିକ

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sumer Singh Rathore
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das