সেয়া ২০২০ চনৰ কথা, তেতিয়া লকডাউন ঘোষণা কৰা হৈছিল। গাঁৱৰ পৰা খবৰ আহিল যে পিচলি পৰি মোৰ ককাদেউতাৰ ভৰি ভাগিল। সামূহিক স্বাস্থ্যকেন্দ্ৰত ডাক্তৰৰ দেখাদেখি নাছিল, আশে-পাশে থকা আটাইবোৰ প্ৰাইভেট ক্লিনিক ক’ৰনাৰ কাৰণে বন্ধ আছিল। ককাৰ ভগা ভৰিখনত ঘৰৰ মানুহে যেনে-তেনে প্লাষ্টাৰ কৰালে আৰু ঘৰতে তেওঁৰ চোৱা-চিতা কৰা হ’ল। কিন্তু তেওঁৰ কেতিয়াবা তীৰকঁপে জ্বৰ উঠে, কেতিয়াবা অসহ্য যন্ত্ৰণাত চিৎকাৰ কৰে। তেওঁৰ শৰীৰৰ বল পৰিল আৰু মে’ মাহৰ শেষৰ সপ্তাহত তেওঁ এই সংসাৰৰ পৰা মেলানি মাগিলে।
এই ঘটনাৰ সময়ত মই মুম্বাইত আছিলো। হঠাতে সকলো বন্ধ হৈ যোৱাত সকলোৰে জীৱনবোৰ স্তব্ধ হৈ গৈছিল। এফালে মহামাৰীৰ আতংক, আনফালে ৰাস্তাত পুলিচৰ লাঠীৰ কোব খোৱাৰ ভয়। কাম-কাজ সকলো বন্ধ আছিল। প্ৰব্ৰজিত শ্ৰমিকসকল নিজৰ গাওঁ অভিমুখে অগ্ৰসৰ হৈছিল। মই মুম্বাইতে থাকিব পাৰিছিলো, কিয়নো মই শাক-পাচলিৰ বেপাৰ কৰিছিলো আৰু এই বেপাৰৰ বাবে চৰকাৰী অনুমতি আছিল। কিন্তু উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাস্থিত মোৰ গাঁৱৰ পৰা যেতিয়া মোৰ ককাদেউতাৰ মৃত্যুৰ খবৰ আহিল, তেতিয়া কোনোমতে ঘৰ যোৱাৰ তীব্ৰ ইচ্ছা জাগিল। তেওঁৰ সৈতে মোৰ আৱেগিক সম্পৰ্ক আছিল। তাৰোপৰি গাঁৱত মাৰ বাদে আন কোনো দায়িত্ব লোৱা মানুহ নাছিল।
সেয়া আছিল আতংক আৰু হৃদয় বিদাৰক খবৰৰ সময়। কেইজনমান শ্ৰমিক ঘৰমুৱা বাটত ভাগৰি ৰাতি ৰেললাইনতে শুই পৰিছিল আৰু তেওঁলোকৰ ওপৰতে ৰেল চলি গৈছিল। বহু বুভুক্ষা মাতৃয়ে সন্তানক স্তনপান কৰাই বুকুত সাৱতি লৈ গৈ আছিল। মই ককাদেউতাৰ মৃত্যুৰ খবৰ পাই ততালিকে বস্তু-বাহিনী সামৰি ৰেলৰ খবৰ ল’বলৈ আন্ধেৰী (ৱেষ্ট)ৰ ওচৰৰে থানাখনলৈ গ’লো। তাত গৈ গম পালো যে এলাহবাদ যোৱা ৰেল চলা নাই। এইখিনি সময়তে বাৰানসীত ৰেলৰ দবাত দুটা মৃতদেহ পোৱাৰ খবৰ আহিল। এখন ৰেলগাড়ী উত্তৰ প্ৰদেশ যাবলগীয়া আছিল, সেইখন ওড়িশা অভিমুখে গ’ল। মই আকৌ গাওঁ পাবলৈ এলাহবাদ (প্ৰয়াগৰাজ) পালেও তাৰ পিছত আৰু ৭০ কিলোমিটাৰ যাবলগীয়া আছিল। এই খবৰবোৰে ইতিমধ্যে মোৰ হতাশ মনটো ভাঙি পেলালে। টেক্সি ভাৰা কৰি কোনোবাই ইচ্ছা কৰিলে যাব পাৰিছিল, কিন্তু তাৰ বাবে ৪০-৫০ হাজাৰ টকা লাগিব। মোৰ কাৰণে এয়া সম্ভৱ নাছিল। সেয়ে মই গাঁৱলৈ যোৱাৰ ইচ্ছা সিমানতে এৰিলো। মোৰ হাতত কোনো উপায় নাছিল।























