এইটো দশকত ভাৰতত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ পৰিসংখ্যাই ৩০ কোটিৰ ঘৰ ছুইছে, কিন্তু শিক্ষাৰ গুণগত মান? প্ৰতিবছৰে জানুৱাৰী মাহত নাগৰিকৰ ৰিপ’ৰ্ট কাৰ্ড (শিক্ষা প্ৰতিবেদনৰ বাৰ্ষিক অগ্ৰগতিৰ খতিয়ান চমুকৈ এ.এছ.ই.আৰ,) প্ৰস্তুত কৰা হয় য’ত শিশুৱে স্কুলত কি শিকিছে - সিহঁতে বুনিয়াদী পাঠ আদি পঢ়িব আৰু বুজিব পাৰে নে নোৱাৰে আৰু সংখ্যাৰ জ্ঞান আছে নে নাই সেয়া দৰ্শোৱা হয়।
চৰকাৰৰ নিৰস পৰিসংখ্যাৰ বিপৰীতে এই প্ৰতিবেদনৰ ফলাফলে আপোনাৰ চকু মেল খুৱাব। এ.এছ.ই.আৰ.য়ে স্কুললৈ যোৱা শিক্ষাৰ্থীৰ বুনিয়াদী শিকনৰ স্তৰ পৰীক্ষা কৰে, শিক্ষাৰ্থীয়ে ২য় শ্ৰেণীৰ অংক কৰিব পাৰে নে নাই আৰু পাঠ পঢ়িব পাৰে নে নাই সেয়া চায়। উদাহৰণ স্বৰূপে ২০০৮ৰ সমীক্ষাত পোৱা গৈছিল যে স্কুলীয়া শিক্ষাৰ্থীৰ ৪৪ শতাংশই দ্বিতীয় শ্ৰেণীৰ যোগ-বিয়োগ অংক সমাধান কৰিব পৰা নাছিল।
বেচৰকাৰী সংস্থা প্ৰথমৰ নেতৃত্বত তিনিমহীয়া এই প্ৰচেষ্টাত শিক্ষাৰ্থীৰ পৰা আৰম্ভ কৰি বিজ্ঞানী, বিনিয়োগকাৰী বেংকাৰ আৰু আচৰ বনোৱা মানুহ যিয়ে দেশৰ চুকে-কোণে ঘুৰি ফুৰে আৰু স্কুলীয়া শিক্ষাৰ্থীৰ পৰীক্ষা লয় আৰু স্কুলৰ আন্তঃগাঁথনিও চায়, তেনে প্ৰায় ৩০,০০০ৰো অধিক উৎসাহী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে। এই বছৰটোত ৩ লাখ পৰিয়ালৰ ৭ লাখ শিশুক সমীক্ষাত সামৰি লোৱা হৈছে।






