এইবাৰ বতৰ ভাল আছিল| পৰ্যাপ্ত বৰষুণ হোৱাৰ বাবে উত্পাদন যথেষ্ট বৃদ্ধি পাইছিল| ২৮ বছৰীযা খেতিয়ক সন্দীপ ঠাৱকাৰে ভবিছিল বিলাহী খেতিৰ পৰা তেওঁ ভালকৈ উপাৰ্জন কৰিব পাৰিব|
বিগত বর্ষত, নাগপুৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ বিৰখান্দি অঞ্চলত তেওঁৰ প্ৰতিবেশীসকলে বিলাহী খেতিৰ প্ৰচুৰ লাভ কৰা দেখি সন্দীপেও তেওঁৰ চাৰি একৰৰ পামখনৰ ডেৰ একৰত বিলাহী খেতি কৰি ভাগ্য পৰীক্ষা কৰিব বিচাৰিলে, যদিও তেওঁ ছয়াবীন আৰু কপাহ খেতিহে ইমান দিনে কৰি আহিছিল|
ডিচেম্বৰৰ মাজ ভাগত স্থানীয় বীজেৰে কৰা খেতিৰ বিলাহীবোৰ বিক্ৰীৰ বাবে সাহস কৰাৰ প্ৰাক্ মূহুর্তত বজাৰত বস্তুৰ মূল্য হঠাত নিম্নগামী হৈ পৰিল| জানুৱাৰীৰ প্ৰথম সপ্তাহত ২৫ কিলোগ্রামকৈ ভৰোৱা ২৫ বাকচ বিলাহী প্ৰতি কিলোগ্রামত ১.২০ টকাকৈ বিক্ৰী কৰিব লগা হল|
এই দামেৰে আনকি তেওঁৰ শ্রমিকক দিয়া মজুৰীৰ ধনখিনিযেই হাতলৈ নাহিল। ইফালে আকৌ পৰিবহণ আৰু পেকিং তথা বজাৰৰ এজেন্টৰ কমিচনৰ হিচাপ আছেই| নিজৰ বিনিয়োগ আৰু পৰিয়ালৰ শ্রমৰ কথা নকলেও হব|
ডিচেম্বৰত বজাৰৰ পৰা ঘৰলৈ উভতি আহি সন্দীপে ভাগিনীয়েক শচীনৰ ট্রেক্টৰখন খুজি আনিলে| বাকী থকা বিলাহী খেতিৰ ওপৰেৰে সন্দীপে ট্রেক্টৰ চলাই মহতিয়াই পেলালে| বিলাহী খেতিৰ বাবেই যোৱা চাৰি মাহ তেওঁ নিজে, তেওঁৰ পত্নী ডাঙৰ ভগ্নি আৰু এগৰাকী খুৰীযেকে দিনে-নিশাই কাম কৰিছিল। বিলাহীৰ পুলি ৰুইছিল, পানী দিছিল, কীট-পতংগই আক্ৰমণ কৰিব বুলি পহৰা দি আছিল|




