দেৱাশিস মণ্ডলে তেওঁৰ ঘৰটোৰ ভগা দেৱালখনলৈ উদাসমনে চাই আছিল। ৩৫ বছৰৰৰ আগেয়ে তেওঁ জন্মলাভ কৰা ঘৰটো এতিয়া ভগা-ছিগা ইটাৰ আৰু কংক্ৰিটৰ টুকুৰা আৰু খহি পৰা চালৰ সমষ্টি হৈ পৰি আছে।
উত্তৰ কলকাতাৰ তাল্লাহ দলঙৰ তলত ৬০ টা পৰিয়ালে বসবাস কৰা চুবুৰীটো যোৱা ১১ নৱেম্বৰত ধ্বংসস্তুপলৈ পৰিণত হ’ল। সেইদিনা পুৱা প্ৰায় ১০-৩০ বজাত লগত আৰক্ষী লৈ স্থানীয় পৌৰ নিগমৰ কৰ্তৃপক্ষ আৰু গড়কাপ্তানী বিভাগৰ মানুহ আহিছিল। ঘৰ ভাঙিবলৈ সিহঁতে শ্ৰমিক লৈ আহিছিল। দুদিন পিছত পকী ঘৰ-দুৱাৰ ভঙাৰ বাবে বুলড’জাৰ আনিছিল। বস্তিটো সম্পূৰ্ণ উৎখাত কৰিবলৈ প্ৰায় এসপ্তাহ সময় লাগিছিল। আধা ভগা দুটা ঘৰ এতিয়াও ঠিয় হৈ আছে, ইফালে দিনহাজিৰা কৰা সকলে (ডিচেম্বৰত) মাটিখিনি সমান কৰিবলৈ আৰু ঘৰৰ ধ্বংসাৱশেষবোৰ আঁতৰাবলৈ কাম কৰি আছিল।
বিটি ৰোডৰ নজৰুল পল্লি লেনৰ ওপৰত তাল্লাহ দলংখন নিৰ্মাণ কৰা হৈছিল। বস্তিবাসীসকলৰ অনুমান মতে গড়কাপ্তানী বিভাগৰ মাটিত চুবুৰীটো নিৰ্মাণ কৰা হৈছিল।
‘যেন বিনামেঘে বজ্ৰপাতৰ পৰিল!’ মাহে ৯০০০ টকা দৰমহাৰ এম্বুলেঞ্চ চালক দেৱাশিসে কয়। তেওঁৰ পিতৃয়ে জন্মগ্ৰহণ কৰা খেৰ-বাঁহেৰে নিৰ্মাণ কৰা ঘৰটোৰ ঠাইত এটা পকীঘৰ নিৰ্মাণ কৰিবলৈ স্থানীয় ঋণদাতা আৰু বন্ধুৰ পৰা দেৱাশিসে ১.৫ লাখ টকা ঋণলৈ আনিছিল। সুন্দৰবনৰ উত্তৰ ২৪ পাৰগানা জিলাৰ সন্দেক্ষাহালি ২ নং ব্লকৰ পৰা কেইবাদশকৰ আগতে কাম বিচাৰি তেওঁৰ ককা-আইতাহঁতে কলকাতালৈ আহিছিল।
দেৱাশিসে বনোৱা ঘৰটো ভাঙি পেলোৱা হ’ল। উচ্চ হাৰৰ সুতত লোৱা ঋণৰ ধন ঘূৰাই দিবলৈ এতিয়াও বাকী আছে।
দলংখন মেৰামতি কৰা হ’ব বুলি গড়কাপ্তানী বিভাগ আৰু স্থানীয় পৌৰ নিগম কৰ্তৃপক্ষই মৌখিকভাবে যোৱা ২৪ ছেপ্টেম্বৰত জনোৱাৰ পিছৰে পৰা তাল্লাহ চুবুৰীৰ বাসিন্দাসকললৈ দুৰ্দিন নামি আহিল। কোৱা হৈছিল যে প্ৰয়োজনীয় অলপ বয়বস্তু লৈ তেওঁলোক আঁতৰি থাকিব লাগিব আৰু দলং মেৰামতিৰ কাম সম্পূৰ্ণ হ’লে উভতি আহিব পাৰিব। ৰেল বিভাগৰ মাটিত থকা এখন চালি ঘৰ আৰু জলসিঞ্চন বিভাগৰ মাটিত থকা এখন চালি লৈ দুটা অস্থায়ী শিবিৰলৈ ৬০ টা পৰিয়ালক ২৫ ছেপ্টেম্বৰত বিয়লি স্থানান্তৰিত কৰা হ’ল।
পুনৰ্সংস্থাপনৰ আশাৰে ঠিক পথটোৰ বিপৰীতফালে তাল্লাহ বস্তিৰ সম্প্ৰসাৰিত ঠাইখনত এতিয়াও প্ৰায় আন দহটা পৰিয়াল আছে, এই দহটা পৰিয়ালৰ মাজত পাৰুল কৰণহঁতো আছে। তাই আগতে মানুহৰ ঘৰত কাম কৰিছিল, এতিয়া বয়স প্ৰায় ৭০ বছৰ হ’ল। দলংখনলৈ দেখুৱাই পাৰুলে ক’লে, ‘আগতে দলংখন কাঠেৰে নিৰ্মাণ কৰা হৈছিল। বহুত বছৰৰ আগতে ‘ডাবল ডেকাৰ’ বাছ এখন দলঙৰ পৰা খহি পৰিছিল। কাঠৰ দলংখন পকী কৰাৰ সময়ত কোনো লোকক উচ্ছেদ কৰা নাছিল।’ পাৰুল এগৰাকী বিধবা মহিলা তথা তেওঁ বহুমূত্ৰ ৰোগত আক্ৰান্ত;’ মানুহৰ ঘৰত কাম কৰি জীৱিকা অৰ্জন কৰা জীয়েকে পাৰুলৰ খৰচ বহন কৰে।
ডাউৰপুৰ গাঁৱৰ পৰা প্ৰায় ৫০ বছৰ আগতে কৰণৰ পৰিয়ালটো কলকাতালৈ আহিছিল। তেওঁ সেই অতীতৰ কথা সুঁৱৰিবলৈ চেষ্টা কৰে। ‘সুন্দৰবনত বোকা-পানীৰ মাজত সাপ-ভেকুলীৰ সৈতে একেলগে জীয়াই থকা সহজ নাছিল। আমি যেতিয়া গাওঁখনৰ পৰা আহিছিলো মাত্ৰ, তেতিয়া এই ঠাইখন হাবি-জংঘলেৰে ভৰি আছিল। তাৰোপৰি গুণ্ডা-বদমাইছৰ ঘাটি আছিল। আমি মানুহৰ ঘৰত কাম কৰি আবেলি ঘৰলৈ উভতি আহিবলগীয়া হৈছিল।’
পৌৰনিগমে বাঁহ আৰু তিৰপালেৰে নিৰ্মাণ কৰা দীঘল অস্থায়ী চালিঘৰলৈ পাৰুলৰ প্ৰতিবেশীসকল স্থানান্তৰিত হৈছিল। প্ৰতিটো চালিঘৰ ১০০ বৰ্গফুটৰ কিছুমান কোঠাত ভাগ কৰা হৈছিল। আবেলি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বিদ্যুতৰ যোগানৰ ব্যৱস্থা আছিল। গোটেই দিনটো ক’লা তিৰপালৰ বাবে কোঠাৰ ভিতৰভাগ আন্ধাৰ হৈ আছিল। ৰেলৰ মাটিত নিৰ্মাণ কৰা চালিঘৰৰ ঠাইখন অলপ দঁ আছিল। ৯ নৱেম্বৰত হোৱা বুলবুল ঘূৰ্ণীবতাহৰ সময়ত ঘৰবোৰ জলমগ্ন হৈ পৰিছিল।
‘ধুমুহা অহাৰ দিনটোত এই গোটেই ঠাইখিনি জলমগ্ন হৈ পৰিছিল,’ ১০ বছৰীয়া শ্ৰেয়া মণ্ডলে ক’লে। তাই পঞ্চমমানৰ ছাত্ৰী, ওচৰৰে এখন চৰকাৰী বিদ্যালয়তে পঢ়ে। ৰেলৱেৰ মুকলি ঠাইত শ্ৰেয়া আৰু লগৰীয়াবোৰে খেলি আছিল। সেই সময়তে মই সিহঁতৰ অস্থায়ী শিবিৰটোলৈ গৈছিলো। ‘আমাৰ কোঠাত একাঠু পানী হৈছিল। বিৰাট অসুবিধাৰ মাজতে আমি আমাৰ কিতাপবোৰ ভালকৈ ৰাখিলো। আমাৰ বহুত পুতলা হেৰাল। ঘৰ ভাঙি পেলোৱাৰ সময়ত স্কিপিং ৰছী আৰু পুতলাবোৰ হেৰাই থাকিল,’ শ্ৰেয়াই কয়।
দলং বস্তিত তেওঁলোকে নিজে নিৰ্মাণ কৰি লোৱা শৌচাগাৰ-স্নানাগাৰ (এতিয়াও ভঙা নাই) দুয়োটা অস্থায়ী শিবিৰৰ মানুহে এতিয়াও ব্যৱহাৰ কৰি আছে। ৰেলৱে য়াৰ্ডৰ শিবিৰত নিৰ্মাণ কৰা অস্থায়ী শিবিৰটোতকৈ চিতপুৰ কেনেলৰ ওচৰত নিৰ্মাণ কৰা শিবিৰটো দলঙৰ পৰা বেছি দূৰত। সেই কাৰণে কেনেলৰ ওচৰৰ শিবিৰটোৰ মানুহখিনিয়ে বাধ্য হৈ ‘পে এণ্ড য়ুজ’ শৌচাগাৰ ব্যৱহাৰ কৰিবলগী হৈছে। তেনেকুৱা ৰাজহুৱা শৌচাগাৰ আকৌ নিশা ৮ বজাৰ পিছত বন্ধ কৰি দিয়া হয়। তাৰপিছত প্ৰয়োজন হ’লে তেওঁলোকে ধ্বংসপ্ৰাপ্ত বস্তিলৈ যাবলগা হয়। কিন্তু মহিলাসকলে কয় যে নিশা তালৈ যোৱা তেওঁলোকৰ বাবে অসম্ভৱ কথা।
কেনেলৰ ওচৰত মই ৩২ বছৰীয়া নীলম মেহতাক লগ পালো। তেওঁৰ স্বামী বিহাৰৰ জামুই জিলাৰ পৰা কলকাতালৈ আহিছিল। তেওঁ ৰাস্তাত চাটু বিক্ৰী কৰে। নীলমে মানুহৰ ঘৰত কাম কৰে। ‘আমি ক’লৈ যাম? আমি কোনো মতে জীয়াই আছো। আমি ইয়াত থকা বহুবছৰ হ’ল। মই ছোৱালীজনীৰ ভৱিষ্যত ভাল কৰিম বুলি ভাবিছিলো। মই তাইক মানুহৰ ঘৰে ঘৰে কাম কৰাই ফুৰাব বিচৰা নাছিলো। মোৰ ল’ৰাটোৱেও পঢ়ি আছে। কওকচোন, এনে অৱস্থাত আমি এতিয়া কেনেকৈ জীয়াই থাকিম।’ নীলম মেহতাই এইদৰে হৃদয়ৰ দুখ আৰু বেদনাৰে জীৱনৰ অনিশ্চয়তা ব্যক্তি কৰে।
কেনেলৰ ওচৰৰ শিবিৰটোৰ বাবে সিহঁতে শৌচাগাৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল বুলি তেওঁ কয়। কিন্তু এতিয়ালৈকে তেওঁৰ লগতে আন লোকসকলে প্ৰতিবাৰত দুটকাকৈ দি চৰকাৰী শৌচাগাৰ ব্যৱহাৰ কৰি আছে। ‘শৌচাগাৰৰ বাবেও কেনেকৈ আমি টকা ভৰি থাকিম। ৰাতি মহিলা আৰু গাভৰু ছোৱালী বা কণকণ ল’ৰা-ছোৱালীবোৰে কি কৰিব? কিবা যদি হয়, কোনে দায়িত্ব ল’ব?’ তেওঁ প্ৰশ্ন কৰে।
অস্থায়ী শিবিৰৰ কোঠাটোৰ মজিয়াত মাকৰ কাষতে বহি নীলমৰ ১৫ বছৰীয়া জীয়ৰী নেহাই পঢ়ি আছিল। তাই ক’লে, ‘এনেকৈ পঢ়িবলৈ বহুত অসুবিধা হয়। গোটেই দিনটো লাইট নাথাকে, আমি কেনেকৈ আমাৰ পঢ়া সম্পূৰ্ণ কৰিম?’
আশ্ৰয় শিবিৰলৈ যোৱাৰ পথত দুৰ্গাদেৱীৰ মন্দিৰ। ৰেলৱে য়াৰ্ডৰ অস্থায়ী শিবিৰৰ এটা কোঠাত থকা ৮০ বছৰীয়া ধীৰেণ মণ্ডলে দুৰ্গাদেৱীৰ ওচৰত সন্ধিয়াৰ আৰতি কৰে। ‘মই ৫০ বছৰৰো ওপৰত ইয়াত আছো।মই আহিছিলো সুন্দৰবনৰ সন্দেক্ষাহালি অঞ্চলৰ পৰা। কলকাতাত কাম বিচাৰি আহোতে ঘৰত সকলো বয়-বস্তু এৰি আহিছিলো। আমাৰ গাওঁখন নদীৰ বুকুত জাহ গ’ল,’ তেওঁ কয়। তাল্লাহ বস্তিত বাঁহ-খেৰেৰে বনোৱা এটা ঘৰত থাকি ঠেলাগাড়ী চলাই মণ্ডলে তিনিটা সন্তান ডাঙৰ কৰিছে। কালক্ৰমত বহু কষ্টোপাৰ্জিত ধনেৰে ঘৰটো পকী কৰিছিল।
‘পৌৰ নিগমৰ কাউঞ্চিলৰে আমাক সুধিছিল যে ঘৰ বনাবলৈ আমি তেওঁৰ অনুমতি লৈছিলো নে নাই?’ মণ্ডলে কয়। মই তেওঁক ক’লো যে আমি ৫০ বছৰৰো অধিক কাল ইয়াত বাস কৰিছো। উপযুক্ত বিকল্প ব্যৱস্থা নকৰাকৈ তেওঁ আমাক সকলো বস্তু এৰি থৈ যাবলৈ কেনেকৈ ক’ব পাৰিলে? মানুহখিনিক কেনেকৈ এইদৰে উচ্ছেদ কৰিলে? কওঁকচোন মোক। আমি ক’লৈ যাম?’
টুম্পা মণ্ডল নামৰ ২২ বছৰীয়া বোৱাৰী গৰাকীয়ে অভিযোগ কৰে যে ২৫ ছেপ্টেম্বৰৰ সন্ধিয়া আৰক্ষী আহি মানুহখিনিক ঘৰৰ পৰা ওলাই যাবলৈ কয়। ‘মোৰ শাহুক বেয়া ভাষাৰে গালি দিয়ে, মোৰ দেৱৰটোক চোলাৰ কলাৰত ধৰি টানি চোঁচৰাই কেম্পলৈ লৈ য়ায়। মই সিহঁতক বাধা দিবলৈ ধৰোতে মোক ঠেলা মাৰি দিয়ে আৰু জোৰেৰে খুন্দা মাৰে। মই গৰ্ভৱতী যদিও সিহঁতে কোনো গুৰুত্ব নিদিলে। সিহঁতে মহিলাক চুলিত ধৰি চোঁচৰাই টানি নিলে। সিহঁতৰ লগত এজনীও মহিলা আৰক্ষী নাছিল। সিহঁতে অতি নিন্দনীয় ভাষাত আমাক গালি দিছিল।’
(তাল্লাহ বস্তিৰ পৰা প্ৰায় ২.৫ কিলোমিটাৰ দুৰত থকা চিতপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অয়ন গোস্বামীয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বস্তিবাসীক শাৰীৰিকভাৱে আঘাত কৰা বা আন দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ অস্বীকাৰ কৰে। পৰিয়ালবোৰৰ প্ৰতি তেওঁ সহানুভূতিশীল বুলি কয়, উচ্ছেদ কাৰ্য অনিবাৰ্য আছিল, কিয়নো অৰ্হতাসম্পন্ন স্থপতিবিদে কৈছে যে দলংখনৰ অৱস্থা বিপজ্জনক হৈ পৰিছে। তেওঁ কয় যে দলংখনৰ এটা অংশও যদি খহি পৰে, তেন্তে বস্তিবাসীসকলেই ইয়াৰ প্ৰথম চিকাৰ হ’লহেঁতেন)।
টেলিফোনেৰে কথা পাতোতে তৃণমূল কংগ্ৰেছৰ স্থানীয় কাউঞ্চিলৰ তৰুণ সাহাই মোক ক’লে, ‘সিহঁত বেদখলকাৰী। তাত থকা সিহঁতৰ কোনো আইনী অধিকাৰ নাই। সিহঁতে বস্তিটোত থাকিবলৈ ধৰিলে। মানৱীয় কাৰণতে আমি পানী আৰু স্নানাগাৰৰ (তাল্লাহ বস্তিৰ বাবে) ব্যৱস্থা কৰি দিছিলো। কালক্ৰমত সিহঁতে জুপুৰী ঘৰৰ ঠাইত পকী ঘৰ বনালে।’ তেওঁ কয় যে দলংখন অতি বিপজ্জনক হৈ পৰিছে। ‘এইখনৰ পুনৰ্নিৰ্মাণ অতি জৰুৰী হৈ পৰিছে। মেৰামতি নকৰিলে খহি পৰিব পাৰে। সেয়ে মানুহখিনিক স্থানান্তৰ কৰিব লগা হ’ল।’
তাল্লাহ বস্তিৰ পৰিয়ালবোৰক স্থায়ী পুনৰ্সংস্থাপন দিয়া সম্পৰ্কে চৰকাৰে এতিয়াও সিদ্ধান্ত লোৱা নাই বুলি সাহাই কয়। ‘এতিয়া দিয়াৰ দৰে সিহঁতক অস্থায়ী শিবিৰত থাকিবলৈ দিয়া হ’ব। ভৱিষ্যতে চালিঘৰবোৰৰ ওপৰত টিনপাত লগোৱাৰ ব্যৱস্থা কৰা হ’ব,’ তেওঁ কয়। কিন্তু কোনো ধৰণৰ পকীঘৰ বনাবলৈ দিয়া নহ’ব, তেওঁ কয়। ‘আন ঠাইত সিহঁতৰ ঘৰ আছে।’ সিহতৰ পুৰণি গাওঁ তথা আন কিছুমান উদাহৰণ দি তেওঁ কয় যে কিছুমান দূৰৰ ঠাইত সিহঁতৰ দুই-এঘৰে মাটিও ক্ৰয় কৰিছে। ‘সিহঁতে কাম কৰিবলৈ আহি এই মাটিখিনিও বেদখল কৰিছিল। সিহত বহুদিন ধৰি ইযাত থাকিবলৈ লৈছিল। সিহঁতে পৰিয়ালবোৰকো ইয়ালৈ আনিবলৈ ধৰিলে। কিছুমানৰ অৱস্থা এতিয়া ভাল হৈছে।’
‘দুখীয়া মানুহ সদায় চৰকাৰী মাটিত থাকিবলৈ লয়। নহ’লে সিহঁত ক’লৈ যাব?’ লক্ষী দাস নামৰ ২৩ বছৰীয়া গৃহিণী গৰাকীয়ে কয়। তেওঁৰ স্বামীয়ে কাৰ্যালয়ৰ সহকাৰীৰ কাম কৰে। দুজনী ছোৱালীৰ সৈতে সিহঁত দুজনো বস্তিৰ পৰা ওলাই আহিবলগা হ’ল। ‘আমি দুখীয়া মানুহ। আমি আমাৰ শ্ৰমেৰে উপাৰ্জন কৰোঁ, কেৱল ছোৱালী দুজনীৰ বাবেই আমি সকলো অসুবিধা মূৰ পাতি লৈছো,’ লক্ষী দাসে কয়।
দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত ধ্বংসপ্ৰাপ্ত বস্তিলৈ পুনৰ উভতি আহিবলৈ কাউঞ্চিলৰৰ পৰা মানুহখিনিয়ে লিখিত প্ৰতিশ্ৰুতি বিচাৰিলে। কিন্ত কাউঞ্চিলৰে যিমানদূৰ জনা যায়, লিখিত নিশ্চয়তা প্ৰদান কৰা নাই।
২৫ ছেপ্টেম্বৰত বস্তি এৰিবলগীয়া হোৱাৰ দিনটোত পৰিয়ালবোৰে সাধাৰণ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল। নিশা ১০ বজাত এঘণ্টাৰ বাবে বস্তিবাসীয়ে দলং অৱৰোধ কৰিছিল। ১১ নৱেম্বৰত তেওঁলোকে এক মৰ্চা উলিয়াইছিল। ১৮ নৱেম্বৰত নিজৰ দাবীবোৰ উত্থাপন কৰিবৈল এখন ৰাজহুৱা সভাৰ আহ্বান জনাইছিল। ‘বস্তিবাসী শ্ৰমজীৱি অধিকাৰ ৰক্ষা কমিটি’ৰ অধীনত ঐক্যবদ্ধ হৈ তেওঁলোকে শৌচাগাৰ-স্নানাগাৰ আৰু নিয়মীয়া বিজুলী যোগানৰ দাবী উত্থাপন কৰাৰ লগতে সমূহীয়া ৰন্ধনশালা নিৰ্মাণৰ আঁচনিও তুলি ধৰিলে, যাতে প্ৰতিটো পৰিয়ালৰ ব্যয় হ্ৰাস পায়।
তাল্লাহ বস্তিৰ পৰা সপৰিয়ালে উচ্ছেদ হোৱা পথৰ ফেৰিৱালা ৰাজা হাজৰাই ২৫ নৱেম্বৰত উচ্ছেদিত বস্তিবাসী পৰিয়ালৰ হৈ কলকাতা হাই ক’ৰ্টত এখন আবেদন দাখিল কৰিলে। তেওঁলোকৰ মূল দাবী হ’ল উপযুক্ত পুনৰ্সংস্থাপন, কেতিয়াও উচ্ছেদৰ বলি হ’বলগীয়া নোহোৱা এখন স্থায়ী ঠাইত বসবাসৰ অধিকাৰ, সেই ঠাইখন ভাঙি পেলোৱা বস্তিৰ পৰা বেছি দূৰত পুনৰ্সংস্থাপন কৰিব নালাগিব (বস্তিৰ পৰা তেওঁলোকৰ কৰ্মস্থান আৰু বিদ্যালয় ওচৰ হৈছিল) আৰু বিদ্যুৎ যোগান, পানী তথা শৌচাগাৰ আদিৰ দৰে মৌলিক সেৱাৰ ব্যৱস্থা থাকিব লাগিব।
অস্থায়ী শিবিৰলৈ আহি সুলেখা মণ্ডলে মাটিৰ চৌকাটো জ্বলালে। তেতিয়া ভাতিবেলা ২-৩০ বাজিছিল। ওচৰৰ মানুহৰ ঘৰত কাম কৰি তেওঁ আহি পাইছে। সন্ধিয়া আকৌ কাম কৰিবলৈ সেই মানুহবোৰৰ ঘৰলৈ যাব লাগিব। কেৰাহী এটাত বেঙেনা, আলু আৰু ফুলকবিৰ আঞ্জা লৰাই তেওঁ ক’লে, ‘চাৰি পুৰুষৰ আগতে আমি ডাউদপুৰ এৰি আহিলো। আৰু এতিয়া আমাক ঘূৰি যাবলৈ কৈছে। সুন্দৰবনৰ অৱস্থাৰ কথা সকলোৱে জানে। যি অলপ মানুহ আছিল, সেইখিনিও আইলা ঘূৰ্ণীবতাহৰ সময়ত বিধ্বস্ত হ’ল। আমি কোনো মানুহৰ ক্ষতি কৰা নাই। আমিও দলংখন মেৰামতি কৰা বিচাৰো। কিন্তু চৰকাৰে আমাক পুনৰ্সংস্থাপন দিবই লাগিব।’
সোম্যা, ৰায়া আৰু অৰ্কোক তেওঁলোকৰ সহায়ৰ বাবে সাংবাদিকগৰাকীয়ে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
অনুবাদঃ পংকজ দাস