২০১৭ৰ জুলাইৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত হঠাৎ দেখা গ’ল কপাহ উংপাদনকাৰী বিদৰ্ভ জিলা, বিশেষকৈ ইয়াৰ য়াভাতমাল অঞ্চলৰ বহুলোক সংজ্ঞাহীন হৈ পৰা, মূৰ ঘূৰোৱা, দৃষ্টিশক্তি লোপ পোৱা আৰু পেটৰ বিষৰ বাবে চিকিৎসালয়লৈ ঢাপলি মেলিব লগা হৈছিল৷ তেওঁলোকে সকলো কপাহ খেতিয়ক অথবা কপাহ খেতিপথাৰত কাম কৰা কৃষি বনুৱা৷ কপাহ খেতিত কীটনাশক চটিয়াবলৈ গৈ সেই কীটনাশকৰ দ্বাৰা তেওঁলোক আক্ৰান্ত হৈছিল৷ কমেও এনে আক্ৰান্ত কৃষকৰ ৫০ জনৰ মৃত্যু হৈছিল আৰু ১০০০ জন গুৰুতৰভাৱে আক্ৰান্ত হৈ পৰিছিল৷ কিছুসংখ্যক লোক কেইবাজনৰ বাবে ৰোগাক্ৰান্ত হৈ আহিছিল৷ কপাহ আৰু ছয়াবিনত অপ্ৰশমিত আৰু প্ৰচুৰ পৰিমানে কীটনাশক ব্যৱহাৰৰ দিশটো এই বিপৰ্যয়ৰ পিছত পোহৰলৈ আহিল আৰু বিদৰ্ভৰ কৃষি অৰ্থনীতিৰ ওপৰত ইয়াৰ দীৰ্ঘস্থায়ী প্ৰতিক্ৰিয়া অৱশ্যম্ভাৱী হৈ পৰিল৷
তিনিটা খণ্ডত তুলি ধৰা এই প্ৰতিবেদনৰ প্ৰথম খণ্ডত এই অঞ্চলত কি ঘটিছিল, তাৰ ওপৰত পাৰি গোটে পৰ্যালোচনা কৰে আৰু মহাৰাষ্ট্ৰৰ চৰকাৰৰ বিশেষ তদন্তকাৰী গোটে কি পালে, এই দিশত আলোকপাত কৰে।
এলানি পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাইছে এই অঞ্চলত অত্যাধিক পৰিমাণৰ কীটনাশক ব্যৱহাৰৰ অন্তৰালৰ কাহিনী৷ বৈজ্ঞানিকভাৱে উন্নত মান বিশিষ্ট কৰা বিটি-কটন (BT-COTTON) ৰ ঠাইত শুঁৰপোক প্ৰতিৰাধী ক্ষমতা জন্মগত৷ কিন্তু দেখা গ’ল এনে এবিধ শুঁৰপোক প্ৰতিৰোধী ঠাইৰ পৰা খেতি কৰা কপাহ এবিধ পুৰণি শুঁৰপোকৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ল৷ পাছত দেখা গল বেঙুনীয়া শুঁৰপোক বিধে প্ৰতিশোধ পৰায়ণ হৈ কপাহ খেতি ধংস কৰিবলৈ ধৰিলে৷ আশংকা কৰা মতে ই ব্যাপক হাৰত ক্ষতি কৰিছে৷









