বাজাৰদিহাৰ ঠেক গলিবোৰৰ পৰা তাঁতশালৰ খটখট শব্দ ভাঁহি আহিছে। তাৰ মাজতে ৱাচিম আক্ৰাম কামত ব্যস্ত হৈ পৰিছে। বহুকেইটা প্ৰজন্ম দেখা সেই দুই মহলীয়া ইটা-চিমেণ্টৰ ঘৰটোত তেওঁ ১৪ বছৰ বয়সৰ পৰাই তাঁতশালত বহিছে, এয়া বেনাৰসী শাড়ী বোৱা তেওঁলোকৰ পৰিয়ালটোৰ পৰম্পৰা।
তেওঁৰ ককা-আজোককাই হস্ততাঁততে কাপোৰ বোৱা-কটা কৰিছিল, কিন্তু তেওঁৰ প্ৰজন্মই যন্ত্ৰচালিত তাঁতশালতে কাপোৰ বোৱা শিকিলে। “২০০০ চনমানতে যন্ত্ৰচালিত তাঁতশাল ইয়ালৈ আহে,” ৩২ বছৰীয়া ৱাচিমে কয়। “মই কেতিয়াও স্কুললৈ যোৱা নাছিলো আৰু তাঁতশালতে বহিবলৈ শিকিলো।”
বাৰানসীৰ বাজাৰদিহা অঞ্চলৰ প্ৰায় ১,০০০ টা পৰিয়াল (শিপিনীসকলে অনুমান কৰা মতে) বয়নশিল্পৰ লগত জড়িত। তেওঁলোকে ৰেচন আদি পোৱা, ঋণ আৰু সৰহকৈ কাপোৰ কিনি নিয়াসকলৰ অৰ্ডাৰ পোৱা আৰু সকলোৱে কাম পোৱাটো নিশ্চিত কৰাত ইজনে সিজনক সহায় কৰি আহিছে।
কিন্তু ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনত তাঁতশালবোৰ নীৰৱ হৈ পৰিল। শিপিনী, তাঁতশালৰ গৰাকীবোৰকে ধৰি বয়নশিল্পৰ সৈতে জৰিত সকলো কৰ্মহীন হৈ পৰিল। শাড়ীৰ অৰ্ডাৰবোৰ বাতিল হৈ গ’ল আৰু ৱৰ্কশ্বপবোৰ বন্ধ হৈ পৰিল। “লকডাউনৰ প্ৰথম ২ৰ পৰা ৪ মাহৰ ভিতৰতে মোৰ আটাইখিনি সঞ্চিত ধন শেষ হ’ল,” ৱাচিমে কয়। “শিপিনী সেৱা কেন্দ্ৰলৈ (ৰাজ্যচৰকাৰ চালিত) গৈ আমাৰ কাৰণে কিবা আঁচনি আছে নেকি সুধিলো (সেই সময়ছোৱাৰ বাবে), তেওঁলোকে নাই বুলি ক’লে।”







