বাজাৰদিহাৰ ঠেক গলিবোৰৰ পৰা তাঁতশালৰ খটখট শব্দ ভাঁহি আহিছে। তাৰ মাজতে ৱাচিম আক্ৰাম কামত ব্যস্ত হৈ পৰিছে। বহুকেইটা প্ৰজন্ম দেখা সেই দুই মহলীয়া ইটা-চিমেণ্টৰ ঘৰটোত তেওঁ ১৪ বছৰ বয়সৰ পৰাই তাঁতশালত বহিছে, এয়া বেনাৰসী শাড়ী বোৱা তেওঁলোকৰ পৰিয়ালটোৰ পৰম্পৰা।
তেওঁৰ ককা-আজোককাই হস্ততাঁততে কাপোৰ বোৱা-কটা কৰিছিল, কিন্তু তেওঁৰ প্ৰজন্মই যন্ত্ৰচালিত তাঁতশালতে কাপোৰ বোৱা শিকিলে। “২০০০ চনমানতে যন্ত্ৰচালিত তাঁতশাল ইয়ালৈ আহে,” ৩২ বছৰীয়া ৱাচিমে কয়। “মই কেতিয়াও স্কুললৈ যোৱা নাছিলো আৰু তাঁতশালতে বহিবলৈ শিকিলো।”
বাৰানসীৰ বাজাৰদিহা অঞ্চলৰ প্ৰায় ১,০০০ টা পৰিয়াল (শিপিনীসকলে অনুমান কৰা মতে) বয়নশিল্পৰ লগত জড়িত। তেওঁলোকে ৰেচন আদি পোৱা, ঋণ আৰু সৰহকৈ কাপোৰ কিনি নিয়াসকলৰ অৰ্ডাৰ পোৱা আৰু সকলোৱে কাম পোৱাটো নিশ্চিত কৰাত ইজনে সিজনক সহায় কৰি আহিছে।
কিন্তু ২০২০ৰ মাৰ্চত আৰম্ভ হোৱা লকডাউনত তাঁতশালবোৰ নীৰৱ হৈ পৰিল। শিপিনী, তাঁতশালৰ গৰাকীবোৰকে ধৰি বয়নশিল্পৰ সৈতে জৰিত সকলো কৰ্মহীন হৈ পৰিল। শাড়ীৰ অৰ্ডাৰবোৰ বাতিল হৈ গ’ল আৰু ৱৰ্কশ্বপবোৰ বন্ধ হৈ পৰিল। “লকডাউনৰ প্ৰথম ২ৰ পৰা ৪ মাহৰ ভিতৰতে মোৰ আটাইখিনি সঞ্চিত ধন শেষ হ’ল,” ৱাচিমে কয়। “শিপিনী সেৱা কেন্দ্ৰলৈ (ৰাজ্যচৰকাৰ চালিত) গৈ আমাৰ কাৰণে কিবা আঁচনি আছে নেকি সুধিলো (সেই সময়ছোৱাৰ বাবে), তেওঁলোকে নাই বুলি ক’লে।”
২০২০ৰ লকডাউন যেতিয়া শিথিল হৈ আহে, ৱাচিমে বাজাৰদিহাৰ আন বহুতৰ দৰে বাৰানসীৰ নিৰ্মাণ ছাইটবোৰত দিনে ৩০০-৪০০ টকাৰ হাজিৰাত কাম কৰিবলৈ লয়। আন কিছুমানে ৰিক্সা ভাৰাত লৈ চলাবলৈ লয়। ২০২১ৰ লকডাউনৰ সময়তো তেওঁলোকে একেই পৰিস্থিতিৰ সন্মুখীন হৈছিল। “আমি শ্ৰমিক হিচাপে কাম কৰি আৰু অটো চলাই পেট পুহিছো,” কেইমাহমান আগতে আক্ৰামে মোক কৈছিল। “এনেদৰে কিমানদিন চলিব পাৰিম, নাজানো।”
আক্ৰামৰ সৰু ৱৰ্কশ্বপটো তেওঁৰ ঘৰটোৰ ভূমি মহলাত আছে, তাত তিনিখন যন্ত্ৰচালিত তাঁতসাল ৰখা হৈছে। তেওঁলোকৰ ১৫ জনীয়া যৌথ পৰিয়ালটো প্ৰথম মহলাত থাকে। “প্ৰথম লকডাউনৰ কাৰণে আমাৰ কাম বন্ধ হৈ পৰিছিল আৰু তাৰপিছত তিনিমাহ (জুলাইৰ পৰা এই কাম চলে আৰু এই বন্ধ হয়) আমাৰ তাঁতশালকেইখন এফুট দ পানীত আছিল,” তেওঁ কয়। তাৰে এখন তাঁতশাল অলপ ওখ ঠাইত পতা কাৰণে চলাব পৰা গৈছিল।
প্ৰতিবছৰে অক্টোবৰ মাহ চাপিলে বৰষুণৰ পানী নৰ্দমাৰ পানীৰে সৈতে লগ লাগি বাজাৰদিহাৰ ৱৰ্কশ্বপ আৰু ঘৰবোৰ উপচাই পেলায়। তাঁতশালৰ খুৰাবোৰ সাধাৰণতে মজিয়াতকৈ সামান্য তলত থাকে, সেয়া পানীত ডুব যায়। “তাঁতশাল চলালে আমি মৰি থাকিম। কিবা এটা কৰাৰ কাৰণে সকলোকে আমি কৈ থাকো, কিন্তু কোনেও আমাৰ কথা নুশুনে,” আক্ৰামে কয়।
“পানী কমালৈ আমি ৰৈ থাকো, প্ৰতিবছৰেই এনে হয়, আমি অভিযোগ কৰো, কিন্তু সমস্যাৰ ওৰ নপৰে,” ছখন যন্ত্ৰচালিত তাঁতশাল থকা গুলজাৰ আহমদে কয়, কেইঘৰমান এৰি তেওঁৰ ঘৰ।
বাজাৰদিহাৰ তাঁতশালৰ গৰাকীসকলৰ বাবে লকডাউন পৰাৰ আগতেই আন এক আহুকাল আহি পৰিছিল, যেতিয়া উত্তৰ প্ৰদেশ চৰকাৰে শিপিনীসকলৰ বিদ্যুতৰ সাহায্যপ্ৰাপ্ত টেৰিফ উঠাই নতুন বাণিজ্যিক নিৰিখ নিৰ্ধাৰণ কৰিছিল।
“নতুন টেৰিফৰ চৰকাৰী নটিচখন ২০২০ৰ ১ জানুৱাৰীত জাৰি কৰা হয়,” শিপিনী আৰু ব্যৱসায়ী সংস্থা বুনকাৰ উদ্যোগ ফাউণ্ডেছনৰ সাধাৰণ সম্পাদক জুবেইৰ আদিলে কয়। “সেই নটিচ পাই গোৰখপুৰ, বাৰানসী, কানপুৰ, লক্ষ্ণৌকে ধৰি উত্তৰ প্ৰদেশৰ আন আন ঠাইৰ আমাৰ প্ৰতিনিধিসকলে নতুন টেৰিফখনৰ বিৰোধীতা কৰিবলৈ গোট খায়। বিৰোধৰ সময়তে লকডাউন ঘোষিত হয়। জুনত (২০২০ৰ) লকডাউন সামান্য শিথিল হ’বলৈ ধৰাত আমি পুনৰাই বিৰোধ প্ৰদৰ্শন কৰিবলৈ লওঁ আৰু আগষ্টত তিনিদিনীয়া ধৰ্মঘট কৰো। লক্ষ্ণৌৰ বিষয়-ববীয়াই আমাক ক’লে যে সেই নিৰ্দেশ উঠাই লোৱা হ’ব। কিন্তু কাৰ্য্যতঃ একো নহ’ল। সেয়ে আমি পুনৰাই ১ ছেপ্টেম্বৰত (২০২০ৰ) লিখিত প্ৰতিশ্ৰুতি বিচাৰি ধৰ্মঘট কৰো। বিষয়াসকলে তাৰ পৰিৱৰ্তে অৰ্ডাৰটো প্ৰত্যাহাৰ কৰা বুলি মিডিয়াত এক বিবৃতি দিয়ে। কিন্তু আমি কোনো লিখিত নথি নোপোৱাত বহু সময়ত বিদ্যুৎ ব’ৰ্ডৰ মানুহে শিপিনীক নতুন টেৰিফ মতে মাচুল লয় নাইবা বিদ্যুতৰ সংযোগকে কাটি দিয়ে। এনেকৈ সমস্যা বাঢ়ি যায়।”
সাহায্যপ্ৰাপ্ত টেৰিফ অনুযায়ী প্ৰতিখন তাঁতশালত মাহে ৭১ টকাকৈ দিব লাগে। সেই হিচাপত গুলজাৰে মাহে ৭০০ৰ পৰা ৮০০ টকা মাচুল পৰিশোধ কৰে। ২০২০ৰ ফেব্ৰুৱাৰীৰ পৰা নতুন নিৰিখ মতে তেওঁৰ বিল ১৪ৰ পৰা ১৫ হাজাৰ পৰ্যন্ত হৈ পৰে। আনবোৰেই এনে বৃহৎ ৰাশিৰ বিল আহে, অৱশ্যে বহুতেই পৰিশোধ কৰাত অমান্তি হয়। কিছুমানে তাঁতশালবোৰ চলক বুলিয়ে আধাখিনি বিল পৰিশোধ কৰে, কিছুমানে প্ৰতিবাদ কৰাত লাগে। ২০২০ৰ মাৰ্চৰ লকডাউনৰ লগে লগে প্ৰায়বোৰ তাঁতশাল বন্ধ হৈ গ’ল, চৰকাৰৰ সৈতে আলোচনাও চলি থাকিল। “মই ইলেকট্ৰিচিটি ব’ৰ্ডৰ অফিছলৈ বাৰে বাৰে যাবলগীয়া হৈছিল,” গুলজাৰে কয়। ২০২১ৰ জুন মাহৰ পৰাহে তেওঁৰ লগতে বাজাৰদিহাৰ আন শিপিনী আৰু তাঁতশালৰ গৰাকীবোৰৰ বিল আগৰ সাহায্যপ্ৰাপ্ত নিৰিখত আহিবলৈ লয়।
“কাম একেবাৰেই নাইকিয়া হৈ পৰা এনে সময়ত নিৰিখ বাঢ়িলে আমি কেনেকৈ ইমান মোটা বিল দি ব্যৱসায় চলাই নিব পাৰিম?” ৪৪ বছৰ বয়সীয়া ৰিয়াজুদ্দিন আনছাৰিয়ে কয়, আক্ৰামৰ ঘৰৰ পৰা তিনিঘৰ এৰি তেওঁৰ ঘৰ, সাতখন তাঁতশালৰ ৱৰ্কশ্বপ এটা তেওঁ চলায়।
২০২০ৰ জুনত লকডাউন শিথিল হ’বলৈ ধৰা সময়ত শিপিনীসকলে শাড়ীৰ বেছি অৰ্ডাৰ পোৱা নাছিল, অক্টোবৰলৈ পৰিস্থিতি আৰু বেয়া হৈ পৰে। “বেনাৰসী শাড়ী কেৱল বাৰানসীতে বিক্ৰী নহয়, বিভিন্ন উৎসৱ-পাৰ্বণ যেনে পুজা, দেৱালী আৰু বিয়া-বাৰুৰ চিজনত আন ৰাজ্যলৈও পঠিওৱা হয়। কোনেও ৰং-ৰহইচ নকৰিলে আমাৰ ব্যৱসায় কেনেকৈ ভাললৈ আহিব?” ৰিয়াজুদ্দিনে যোৱা বছৰৰ বিক্ৰী ভাল হ’বলগীয়া মাহকেইটাৰ কথা এনেদৰে কয়।
অৰ্ডাৰবোৰ আৰম্ভ হৈছিলহে, ২০২১ৰ এপ্ৰিলত দ্বিতীয় লকডাউন ঘোষণা হ’ল। “ক’ভিড দুবাৰো আহিল, কিন্তু দ্বিতীয় লকডাউনৰ সময়ত ভোকে বেছি কষ্ট দিলে,” আনছাৰীয়ে কয়। তেওঁ কয় যে তেওঁৰ অঞ্চলটোৰ বহুতে গহণা বিক্ৰী কৰি, ঋণ লৈ আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ৰ ৰেচন আৰু বেচৰকাৰী সংস্থাৰ সাহায্যৰ ওপৰতে নিৰ্ভৰ কৰি চলিল।
২০২১ৰ আগষ্টৰ পৰাহে নিয়মীয়াকৈ অৰ্ডাৰ আহিবলৈ ধৰিছে। কিন্তু দাম কমিছে। “এখন শাড়ী মহামাৰীৰ আগতে ১,২০০ টকাত বিক্ৰী হৈছিল, এতিয়া ৫০০-৬০০ টকাতে এৰি দিবলগা হৈছে। শিপিনীগৰাকীক তেওঁৰ ভাগৰ হাজিৰাখিনি দিয়াৰ পিছত আমাৰ হাতত কোনোমতে ২০০-৩০০ টকা থাকেগৈ,” গুলজাৰে কয়। ৰিয়াজুদ্দিনৰ দৰে তেওঁ ২০২০ৰ মাৰ্চৰ আগলৈকে ৩০-৪০ খন শাড়ীৰ অৰ্ডাৰ পাইছিল (বিপণি, শ্ব’ৰুম, কোম্পানী আৰু আন আউটলেটৰ পৰা), এতিয়া কোনোমতে ১০খন মানৰ অৰ্ডাৰহে পায়, তাকো দৰ কম।
“নতুন টেৰিফ সংশোধন কৰাৰ চৰকাৰে কোনোধৰণৰ লিখিত নিৰ্দেশ দিয়া নাই,” গুলজাৰে কয়। “তেওঁলোকে নিৰ্বাচনৰ পিছত (উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন) নতুন নিৰিখ জাৰী কৰে যদি? আমি তেতিয়া আৰু এই ব্যৱসায় চলাব নোৱাৰিম। ক’ভিডৰ কাৰণে হোৱা ঘাটি পুৰাবলৈ সময় লাগিব। কিন্তু সাহায্যখিনিয়েই যদি উঠাই লয়, আমি বাচি থকাৰ উপায় নাথাকিব।”
প্ৰচ্ছদ আলোকচিত্ৰ: বাৰানসীৰ সাৰনাথ এলেকাত এজন শিপিনীয়ে যন্ত্ৰচালিত তাঁতশাল চলাইছে (আলোকচিত্ৰঃ সমীক্ষা)
অনুবাদ: পংকজ দাস