বাৰিষাৰ প্ৰথম বৰষুণজাকৰ সৈতে চানিয়া মুল্লানিৰ জন্মদিনটোৰ এক বিশেষ যোগসূত্ৰ আছে।
চন ২০০৫ । মহাৰাষ্ট্ৰত তেতিয়া প্ৰলংয়কাৰী বানপানী। ইতিমধ্যে ১,০০০ লোকে প্ৰাণ হেৰুৱাইছে। ২০ কোটি লোকে প্ৰাণ হেৰুৱাইছে। তাৰে এটা সপ্তাহ পিছত, জুলাই মাহত তাইৰ জন্ম হৈছিল। “বানপানীৰ মাজতে তাইৰ জন্ম হৈছিল, বানপানীতে তাইৰ জীৱনটো যাব,” মানুহে তাইৰ মাক-দেউতাকক কৈছিল।
২০২২ৰ জুলাইৰ প্ৰথমটো সপ্তাহত যেতিয়া ধাৰাসাৰ বৰষুণ আহে, তেতিয়া ১৭ বছৰীয়া চানিয়াৰ মনলৈ মানুহে কোৱা কথাষাৰ আহে। “পানী বঢ়ত চল্লায় (পানী বাঢ়িছে) বুলি শুনিলে আকৌ এবাৰ বানপানী আহিব নেকি বুলি মনতে শংকা জাগে,” মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ হাটকানাংলে তালুকৰ ভেণ্ডাৱাড়ে গাঁৱৰ বাসিন্দাগৰাকীয়ে কয়। ২০১৯ৰ পৰা এতিয়ালৈকে দুবাৰ গাওঁখনৰ ৪,৬৮৬ বাসিন্দাই বানৰ সংহাৰ দেখিছে।
“২০১৯ৰ আগষ্টত বানৰ পানী ২৪ ঘণ্টাৰ ভিতৰতে আমাৰ ঘৰৰ ভিতৰত সোমাইছিল, সাতফুট পানী,” চানিয়াই মনত পেলায়। ঘৰৰ পানী সোমাবলৈ ধৰা সময়তে মুল্লানি পৰিয়ালটো কোনোমতে ওলাই সাৰিল, কিন্তু সেই ভয়াৱহ স্মৃতিয়ে চানিয়াৰ মনত দকৈ সাঁচ বহুৱাই থৈ গ’ল।
২০২১ৰ জুলাইত আকৌ এবাৰ বান আহিল। এইবাৰ পৰিয়ালটোৱে গাঁৱৰ বাহিৰত পতা আশ্ৰয় শিবিৰত তিনিটা সপ্তাহ কটালে। গাঁৱৰ কৰ্তৃপক্ষই অনুমতি দিয়াৰ পিছতহে ঘৰলৈ উভতিব পাৰিলে।
টাইকোৱাণ্ডো চেম্পিয়ন চানিয়াই ব্লেক বেল্ট পোৱাৰ পৰা পিছুৱাই থকাৰ কাৰণ ২০১৯ৰ পৰা আৰম্ভ হোৱা বানপানী। যোৱা তিনিটা বছৰত তেওঁৰ অৱসাদগ্ৰস্ততা, অস্থিৰতা আৰু উদ্বেগ বাঢ়িছে, খিংখিঙীয়াও হৈছে। “প্ৰশিক্ষণত ভালকৈe মন বহুৱাব পৰা নাই, বৰষুণৰ ওপৰতেই মোৰ প্ৰশিক্ষণ নিৰ্ভৰশীল হৈ পৰিছে,” তেওঁ কয়।





















