সংবাদমাধ্যমে কেতিয়াও স্বীকাৰ কৰিব নোৱাৰিলে যে এয়া আছিল বিশ্বই কত যুগৰ মুৰত দেখা সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ, বিশ্ব মহামাৰীৰ মাজতো যি সংগঠিত ৰূপত সুকলমে চলিছিল, সেই নজিৰবিহীন প্ৰতিবাদে শেষত বিজয়ৰ মুখ দেখিলে।
বিজয় যি নিজেই এক ইতিহাস। যিদৰে পুৰুষ-মহিলা, আদিবাসীৰ পৰা দলিত নিৰ্বিশেষে সকলোৱে এই দেশৰ স্বাধীনতাৰ সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল, তেনেদৰেই আমাৰ স্বাধীনতাৰ আজি ৭৫ টা বছৰ পাছত দিল্লী গেটৰ কৃষকৰ এই আন্দোলনে সেই সংগ্ৰামকে পুনৰোজ্জীৱিত কৰি তুলিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ সেই আইনকেইখন উঠাই ল’ব আৰু ২৯ নৱেম্বৰত আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিবেশনত সেই তিনি আইন আনুষ্ঠানিকভাৱে বাতিল কৰা হ’ব। তেওঁ কৈছে যে ‘উত্তম প্ৰচেষ্টা স্বত্ত্বেও একাংশ কৃষক’ক ৰাজী কৰাব নোৱাৰাৰ বাবে তেওঁ এই সিদ্ধান্তত উপনীত হৈছে। মন কৰিব যে তেওঁ মাত্ৰ একাংশৰ কথা কৈছে, যাক তেওঁ এই তিনিখন কুখ্যাত আইনৰ বাবে পতিয়ন নিয়াব নোৱাৰিলে, যিকেইখন আইন তেওঁৰ মতে সঁচাকৈয়ে ভাল আছিল। তাতে তেওঁ কিন্তু এবাৰো সেই ৬০০ৰো অধিক কৃষকৰ কথা উল্লেখ নকৰিলে, যিসকলে এই ঐতিহাসিক সংগ্ৰামত প্ৰাণ হেৰুৱালে। তেওঁৰ বিফলতা আন ক’তো নাই, সেই যে ‘একাংশ কৃষক’ক তেওঁ আইনকেইখনৰ ধনাত্মক দিশটো দেখুৱাব নোৱাৰিলে, কেৱল তাতেই তেওঁ যেন বিফল হ’ল। তেওঁ সেই কথা জোৰ দি কৈছে। এই আইনকেইখন নিজেই যে আঁসোৱাহপূৰ্ণ আৰু এই অতিমাৰীৰ মাজতো কেনেকৈ সেই আইন তেওঁৰ চৰকাৰে কৃষকৰ ওপৰত জাপি দিলে, সেই কথা ঘুণাক্ষৰেও তেওঁ উল্লেখ নকৰিলে।
অৱশ্যে সেই খালিস্তানি, এণ্টি-নেশ্যনেল, কৃষকৰ ছদ্মবেশত ভুঁৱা সমাজকৰ্মীসকলক তেওঁ অকণমান উচ্চখাপত ৰাখিলে। তেওঁলোকক ‘একাংশ কৃষক’ বুলি কোৱা হ’ল যিয়ে মোদী মহাশয়ৰ দৰে ব্যক্তিত্বৰ ওচৰতো নাচোৰবান্দা হৈ থাকিল, পতিয়ন নগ’ল। পতিয়ন নগ’ল মানে? পতিয়ন নিয়াবলৈ কি ধৰণ-কৰণ আৰু পদ্ধতিৰ প্ৰয়োগ হৈছিল? ৰাজধানী চহৰ আহি নিজৰ অভাৱ-অভিযোগৰ কথা ক’বলৈ অনুমতি নিদিয়াকৈ? খাৱৈ খান্দি আৰু কাঁটাতাঁৰৰ বেৰেৰে ভেটা দি? গালৈ পানীবোমা নিক্ষেপ কৰি? তেওঁলোকৰ শিবিৰবোৰক বন্দীৰ শিবিৰলৈ পৰ্য্যৱসিত কৰি? মিতিৰ পতা মিডিয়াৰে কৃষকক প্ৰতিদিনে দুৰ্নাম কৰি? কেন্দ্ৰীয় মন্ত্ৰী এগৰাকীয়ে নে তেওঁৰ পুত্ৰই বুলি অভিযোগ উঠা কোনো এজনৰ গাড়ী তেওঁলোকৰ গাৰ ওপৰৰে চলাই নি? পতিয়ন নিওৱাৰ এয়ে নেকি এইখন চৰকাৰৰ পদ্ধতি? সেয়াই যদি তেওঁলোকৰ ‘উত্তম প্ৰচেষ্টা’ আছিল, তেন্তে মই তেওঁলোকৰ নিকৃষ্ট চেষ্টা কি হ’ব ভাবি ঘিণ লাগে।











