"আমি জীয়াই থাকিবলৈ বহুৰূপীৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে। খেতি-বাতি কৰি খাবলৈ আমাৰ হাতত মাটি নাই," ৰাজু চৌধুৰীয়ে কয়। বহুৰূপী শিল্পীসকল হৈছে কলা প্ৰদৰ্শনকাৰী। বিভিন্ন ধৰ্মীয় আৰু কিংবদন্তি চৰিত্ৰ তেওঁলোকে মঞ্চত ৰূপায়ন কৰে।
এই চলচ্চিত্ৰখনত চৌধুৰীৰ পৰিয়ালক চিত্ৰায়িত কৰা হৈছে। চৌধুৰীৰ পিতৃ-মাতৃ আৰু সকলো বহুৰূপীৰ সন্তানসকল যিয়ে বিৰভূম জিলাৰ বিষয়পুৰ গাঁৱৰ পৰা গাঁৱে গাঁৱে, চহৰে-নগৰে ঘুৰি ফুৰে আৰু কেবাদিনজোৰা কাৰ্যসূচীৰে বিভিন্ন কলা প্ৰদৰ্শন কৰে।
এসময়ৰ জনপ্ৰিয় লোকশিল্পৰূপে সমাদৃত এই শিল্প এতিয়া পশ্চিমবংগৰ গ্ৰামাঞ্চলৰপৰা নোহোৱা হ'বলৈ ধৰিছে। ইটোৰ পিছত সিটো পুৰুষে কৰি অহা এই শিল্পৰে শিল্পীসকলে ভালেই উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু সম্প্ৰতি দৰ্শকে অইন ধৰণৰ মনোৰঞ্জনহে ভাল পোৱা হ'ল, সেয়ে বহুৰূপী পৰিয়ালৰ বৰ্তমানৰ প্ৰজন্মই অইন পেছা বাছি ল'বলৈ বাধ্য হ'ল। চৌধুৰীৰ দৰে বহুতো পৰিয়ালৰ জীৱিকাৰ বাবে আন উপায় নাই।




