‘তেতিয়া শস্য চপোৱাৰ সময়। জিলা উপায়ুক্তই আমাৰ কেউখন গাঁৱৰ প্ৰতিনিধিক তেওঁৰ কাৰ্যালয়লৈ মাতিলে আৰু তিনি মাহৰ চৰম সময়সীমা বান্ধি দিলে। ঠাইখিনি ডিচেম্বৰৰ আগতে খালী কৰক, নহ’লে আমি পুলিচ লগাই খেদি বাহিৰ কৰি দিম, তেওঁ ক’লে।’ ৬৮ বছৰ বয়সীয়া বিত্থাল গানু ভিড়ে কথাবোৰ মনত পেলালে।


Thane, Maharashtra
|THU, APR 16, 2020
‘বহুতো পৰিয়ালৰ অস্তিত্ব নোহোৱা হৈ গ’ল’
প্ৰায় আধা শতিকা অতিক্ৰম কৰাৰ পিছতো মহাৰাষ্টৰ থানে জিলাৰ ভাটছা জলসিঞ্চন প্ৰকল্পৰ বাবে নিজৰ ভূমি খালী কৰি দিয়া আদিবাসী আৰু অনান্য পিছপৰা শ্ৰেণীৰ পৰিয়ালসমূহে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে
Author
Translator

Jyoti Shinoli
সেয়া আছিল ১৯৭০ চনৰ অক্টোবৰ মাহৰ কথা।
মহাৰাষ্ট্ৰৰ থানে জিলাৰ শাহাপুৰ তালুকৰ দুৰ্গম আৰু আওহতীয়া ঠাইখনলৈ মুম্বাই মহানগৰীৰ পৰা ৮৪ কিলোমিটাৰ দূৰত্ব, ইয়াৰেই সাৰংগপুৰি গাঁৱত বিড়েই আমাৰ লগত কথা পাতিছে। পাঁচখন গাওঁ আৰু জনজাতীয় পাৰাৰ ১২৭ টা পৰিয়ালক ৪৬ বছৰৰ আগতে ভাটছা জলসিঞ্চন প্ৰকল্পৰ বাবে উচ্ছেদ কৰা হৈছিল। সাহায্য আৰু পুনৰ্বাসনৰ দৰে কথাৰ বাবে প্ৰায় দুই দশক সময় লাগিছিল। বান্ধৰ বাবে নিজৰ ভূমিৰ পৰা উচ্ছেদিত পৰিয়ালবোৰে নিজৰ সুৰক্ষাৰ দায়িত্ব নিজে ল’বলগীয়া হৈছিল, থকাৰ বাবে বনাঞ্চলৰ মাটি বিচাৰিবলগীয়া হৈছিল। মাত্ৰ কেইটামান পৰিয়ালে অলপ নগদ টকা পালে। সেয়া আছিল প্ৰতি একৰৰ বাবে ২৩০ টকা। কিন্তু নথিপত্ৰত লেখা-পঢ়া কৰা নাছিল। অধিক সংখ্যক পৰিয়ালে একো নাপালে। তেওঁলোকক উচ্ছেদিত পৰিয়াল বুলি উল্লেখ থকা একোখন প্ৰমাণপত্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ে দিলে। সেয়াও ৰাইজে আন্দোলন কৰাৰ পিছত দিলে।
‘১৫ দিন আমি একেলেঠাৰিয়ে খোজ কাঢ়িলো। যান-বাহনৰ ব্যৱস্থা নাথাকিলে একেবাৰতে সকলো বস্তু লগত লৈ আন ঠাইলৈ যোৱা অসম্ভৱ। কোলাত সৰু কেচুৱা, হাতত ধৰি সৰু সৰু ল’ৰা-ছোৱালীক লৈ পুৰুষ-মহিলাৰ এটা দীঘলীয়া শাৰী। লগত অনা হৈছিল বাচন-বৰ্তন, খেতিৰ সঁজুলি, জমা ৰোৱা শস্য, ঘেঁহু, দাইল, পোহনীয়া জীৱ-জন্তু আৰু কুকুৰা চৰাই। কুকুৰা চৰাই বা গৰুজনীক কোনেও মৰিবলৈ এৰি আহিব বিচৰা নাছিল। দুৱাৰ, ঘৰৰ বেৰৰ হাকুটি, চিনামাটিৰ বস্তু, আন ক’ৰবাত জীয়াই থকাৰ বাবে ঘৰ সাজি ল’বলৈ পুৰণি ঘৰৰ সম্ভৱপৰ সকলো বস্তু লৈ অহা হৈছিল,’ বিড়েই ক’লে।
পাঁচখন অভিশপ্ত গাওঁ আৰু টোলাৰ ১২৭ টা পৰিয়ালৰ মাজতে তেওঁৰ পৰিয়ালটো। ৱাকিচাপাড়া, পলাশপাড়া আৰু গধেপাৰুল আছিল আদিবাসী টোলা (ক্ষুদ্ৰ গাওঁ)। পাথেৰি আৰু পাঁচিৱাৰে আছিল অন্যান্য পিছপৰা জাতিৰ লোকৰ বসতি প্ৰধান গাওঁ। ১৯৭০-৭২ৰ সময়ত এই সকলো গাওঁ ভাটছা বান্ধত বুৰ গ’ল।
‘মোৰ গাওঁ আছিল পাথেৰি। আমাৰ গাঁৱৰ ওচৰতে জনজাতীয় লোকৰ ঘৰ আছিল। অঞ্চলটো গভীৰ বনাঞ্চল আৰু নদীৰে আৱৰা আছিল,’ ভিড়েই ক’লে।
‘জিলা উপায়ুক্তই আমাৰ গাওঁবিলাকৰ প্ৰতিনিধিক তেওঁৰ কাৰ্যালয়লৈ মাতি পঠিয়ালে আৰু আমাক চুড়ান্ত সময়সীমা ধৰি দিলেঃ ডিচেম্বৰৰ আগতে আপোনালোকে ঠাইখিনি এৰি দিয়ক, অন্যথা আমি পুলিচ লগাই আপোনালোকক বাহিৰ কৰি দিম,’ ভিড়েই কথাবোৰ মনত পেলালে।

ভাটছা প্ৰকল্পৰ বাবে চৰকাৰে ৩২৭৮ হেক্টৰ ভূমি অধিগ্ৰহণ কৰিছিল। মুঠ ভূমিৰ ৬৫৩ হেক্টৰ ভূমি ব্যক্তিগত মালিকানাধীন আছিল আৰু বাকীখিনি চৰকাৰী বনাঞ্চলৰ ভূমি। মা ঠাকুৰ জনজাতিৰ ৯৭ টা আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ৩০ টাক লৈ মুঠ ১২৭ টা পৰিয়ালে নিজৰ ঘৰ-মাটি হেৰুৱালে। অথচ, প্ৰায় আধা শতিকাৰ পিছত ৫৭৮ জন লোকে পুনৰ্সংস্থাপনৰ বাবে অপেক্ষা কৰি আছে।
‘১৯৭০ত আমি শেষৰবাৰৰ বাবে শস্য চপোৱাৰ সময়ত কোনো পৰম্পৰাগত উৎসৱ উদযাপন কৰিব নোৱাৰিলো। সেই তিনিওটা মাহ (অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰ) বৰ বিপজ্জনক আছিল। আমি আই বসুমতীকো কৃতজ্ঞতা জনাব নোৱাৰিলো। সেই বছৰ দুৰ্গাপুজা, দীপাৱলী পালন কৰা নহ’ল,’ ভিড়ে স্মৃতি ৰোমন্থন কৰিলে।
১৯৭১-৭২ত বান্ধৰ বাবে গোধেপাৰুলৰ পৰা উচ্ছেদ কৰা ৩৫ টা পৰিয়াল তেওঁৰ গাওঁ মুৰবিচাপাড়াৰ পৰা প্ৰায় দুই কিলোমিটাৰ দুৰত আছিল। তেতিয়া জয়তু ভাউ কেৱাড়িৰ বয়স আছিল ১৬ বছৰ। পিতৃ-মাতৃ আৰু চাৰিটা ভাই-ভনীৰ সৈতে তেওঁ গাওঁ এৰি থৈ আহিছিল।
প্ৰথমবাৰৰ বাবে আমি পৰম্পৰাগত ঢোল আৰু নৃত্যৰে শস্য চপোৱা উৎসৱ উদযাপন কৰিব নোৱাৰিলো। প্ৰত্যেকেই ভীত-সন্ত্ৰস্ত হৈ আছিল আৰু ভাবিছিলঃ চৰকাৰৰ ক্ষতিপূৰণেৰে আমি কিমান দিনলৈ জীয়াই থাকিম, কেৱাড়িয়ে ক’লে।

Paresh Bhujbal

Paresh Bhujbal
‘কিছুমানে আন গাঁৱত থকা আত্মীয়ৰ ঘৰত আশ্ৰয় ল’লে। আন কিছুমান পৰিয়াল সাৰংপুৰি, বিৰৱাড়ি, আতগাওঁ, খুতঘৰ, খাইৰে, মুৰবিচাপাড়াৰ দৰে ওচৰৰ গাওঁ বা চুবুৰীলৈ গ’ল। কিছুমান পৰিয়াল একেবাৰে নোহোৱা হৈ গ’ল। তেওঁলোক ক’লৈ গ’ল আমি নাজানো,’ তেওঁ কয়।
‘এই ঘটনাৰ আগলৈকে আমাৰ জীৱন শান্তিপূৰ্ণ আৰু আত্মনিৰ্ভৰশীল আছিল। অতি সাৰুৱা মাটিত আমি ধান খেতিৰ উপৰি বিভিন্ন মাহৰ খেতিও কৰিছিলো। ইন্ধনৰ বাবে খৰি, ফলমূল আৰু অসুখ-বিসুখ ভাল কৰিবলৈ বিভিন্ন বনৌষধি লতা, গছ- এই সকলো আমি জংঘলৰ পৰা আনিছিলো। আমাৰ ছয়জনী গৰু আছিল। সেই কাৰণে সদায় গাখীৰ থাকিছিল। এতিয়া গাখীৰ দেখিবলৈকো টান,’ কেৱাড়িয়ে কয়।
পলাশপাড়াৰ বাবু ভাউ কেৱাড়িৰ লগত বিয়াত বহাৰ সময়ত ভেটাপাড়াৰ ৰামি কেৱাড়িৰ বয়স আছিল খুব বেছি ১৫ বছৰ। ‘আমি আমাৰ কাষত পোৱাখিনিৰেই চলিবলৈ শিকিবলগা হৈছিল। আমাৰ ধানখেতি আছিল, গৰু আছিল। কিছুমানে ধানখেতিৰ উপৰি ৰহৰ, মছুৰ, মুগ আৰু বুটৰ খেতিও কৰিছিল। এসময়ত দাইল বিনামূলীয়া আৰু উভৈনদী আছিল। এতিয়া আমি দাইল কিনিব নোৱাৰো। আগতে আমি খোৱা বস্তুৰ বাবে খৰছ কৰিবলগীয়া হোৱা নাছিল। কিন্তু এতিয়া সকলো কিনি খাব লাগে।’ ৰামি কেৱাড়িয়ে কয়।

Paresh Bhujbal

Paresh Bhujbal
দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰেচন কাৰ্ড থকা ৰামি কেৱাড়িয়ে এতিয়া ১৫ কিলোমিটাৰ দুৰৰ সাহাপুৰলৈ গৈ প্ৰতি কিলোগ্ৰামত ৮০ টকা দৰত দাইল কিনিবলগা হয়। আনবোৰৰো একেই দশা।
স্থানান্তৰিত হোৱাৰ পিছত জন্ম লাভ কৰা প্ৰজন্মই এনে এটা জঠৰ পৰিস্থিতিৰ মুখামুখি হৈছে। এই অঞ্চলত কোনো উদ্যোগ-প্ৰতিষ্ঠান নাই। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনিখন ইয়াত অস্তিত্বহীন। কৃষি শ্ৰমিক, মিস্ত্ৰী, মাছ ধৰা বা বনাঞ্চলত পোৱা সামগ্ৰীৰ বিক্ৰিয়েই ইয়াত উপলব্ধ উপাৰ্জনৰ উৎস।
তেওঁৰ বয়সৰ আন বহুতৰ দৰে গোপাল দাট্টু কেৱাড়ি (৩৫ বছৰ)য়ে কৃষি শ্ৰমিক হিচাপে কাম কৰে। তেওঁৰ এটা ১৬ জনীয়া পৰিয়াল আছে। ‘মই দৈনিক ২০০-২৫০ টকা উপাৰ্জন কৰো। কিন্তু বছৰত ১৫০ দিনতকৈ বেছি কাম নাপাও,’ তেওঁ ক’লে।
গোপালে ছয়গৰাকী কন্যা সন্তান আৰু এটি পুত্ৰ সন্তানৰ লালন-পালন কৰিব লাগে। কোনো স্থায়ী কাম নথকা তেওঁৰ পাঁচজন কনিষ্ঠ ভাতৃ আছে। ‘আমি সকলো একেলগে থাকো। মাহে আমি ৫০০০ টকাৰ বেছি উপাৰ্জন কৰিব নোৱাৰো।’
মুৰবিচাপাড়াত এখন প্ৰাথমিক বিদ্যালয় আছে। ছয় কিলোমিটাৰ দুৰত কোঠাৰি গাওঁ থকা উচ্চ মাধ্যমিক বিদ্যালয়খনেই আমাৰ নিকটৱৰ্তী। ‘দশম শ্ৰেণীৰ পিছত সকলো পাড়াৰ ছাত্ৰ-ছাত্ৰী সাহাপুৰলৈ যাবলগীয়া হয়, তাত কলেজ আৰু ছাত্ৰাবাস আছে। খুব কম সংখ্য়ক তালৈ যাব পাৰে। সেয়ে আধৰুৱাকৈ পঢ়া-শুনা এৰি দিয়াৰ সংখ্যা বেছি।’ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক এজন স্থানীয় শিক্ষকে ক’লে।

Paresh Bhujbal

Paresh Bhujbal
এতিয়া কৃষিশ্ৰমিক ৰূপে জীৱিকা নিৰ্বাহ কৰা মুৰবিচাপাড়াৰ ২৩ বছৰীয়া শচীন কেৱাড়িয়ে ৮ বছৰৰ আগতে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ‘মই ছাত্ৰাবাসৰ খৰছ অথবা দৈনিক অহা-যোৱা কৰা গাড়ীৰ ভাড়া যোগাৰ কৰিব পৰাৰ সামৰ্থ নাছিল। পৰিয়ালৰ কাৰণে টকা উপাৰ্জন কৰা অধিক প্ৰয়োজন আছিল,’ হতাশাত তেওঁ এইদৰে কয়।
৮৮ মিটাৰ উচ্চ ভাষ্টা বান্ধৰ জল মজুতকৰণৰ ক্ষমতা ৯৭৬ বৰ্গমিটাৰ আৰু জলবিদ্যুৎ উৎপাদনৰ ক্ষমতা হৈছে ১৫ মেগাৱাট। ইয়াৰ দ্বাৰা ২৩,০০০ হেক্টৰ খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পৰা মুম্বাই আৰু থানেলৈ হাজাৰ হাজাৰ লিটাৰ পানীৰ যোগান ধৰা হয়।

Paresh Bhujbal
‘এই পৰিস্থিতি বন্তিৰ তলৰ আন্ধাৰৰ দৰে। এই প্ৰকল্পৰ বাবে এই মানুহবোৰে নিজৰ বহু প্ৰজন্ম ধৰি বসবাস কৰা পৈতৃক সম্পত্তি উৎসৰ্গা কৰিবলগা হ’ল। কিন্তু একো নাপালে। নাই সা-সুবিধা, নাই চাকৰি, নাই শিক্ষা,’ সমাজকৰ্মী তথা ভাষ্টা জলসিঞ্চন প্ৰকল্পৰ পুনৰ্বাসন কমিটিৰ সমন্বয়ক বাবান হাৰানে কয়। উচ্ছেদিত লোকসকলে বহু আগৰে পৰা সংগ্ৰাম কৰি আহিছিল যদিও ১৯৮৮ত কমিটিখন গঠন কৰা হয়।
উক্ত কমিটিখনৰ অধ্যক্ষ ৬৩ বছৰীয়া ভাউ বাবু মহালুংগে নিজেও এজন এই বান্ধৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোক। মহাৰাষ্ট্ৰ বান্ধ ক্ষতিগ্ৰস্ত লোকৰ পুনৰ্সংস্থাপন আইন, ১৯৯৯ৰ অধীনত উচ্ছেদিত লোকৰ বাবে ন্যায়ৰ হকে তেওঁ যুঁজি আহিছে।
১৯৭০-৭১ত তেওঁলোকৰ খেতিৰ মাটিবোৰ একৰত ২৩০ টকাৰ অতি কম ক্ষতিপূৰণ দি চৰকাৰে অধিগ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় পুনৰ্বাসন আৰু পুনৰ সংস্থাপন নীতি, ২০০৭ৰ অধীনত আইনগতভাবে কৰিবলগীয়া ‘সামাজিক প্ৰভাৱৰ মূল্যায়ন’ আজি পৰ্যন্ত কৰা নহ’ল, মহালুংগেয়ে কয়।
১৯৭৩ৰ পৰা উচ্ছেদৰ বলি হোৱা আদিবাসী আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ গাওঁবাসীসকলে শতাধিক দিন প্ৰতিবাদ, অনশন, ধৰ্ণা, সভা-সমিতি আৰু আলোচনা তথা চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি কটাইছে। জীয়াই থকাৰ বাবে বৰ্তমান প্ৰজন্মই সংগ্ৰাম কৰিবলগীয়া হৈছে।
দশম শ্ৰেণী উত্তীৰ্ণ হোৱা এটা ল’ৰাই নগৰাঞ্চলত কি চাকৰি পাব? সিহঁতে ভাল উপাৰ্জন কৰিব পাৰিব জানো? শচীন কেৱাড়িয়ে প্ৰশ্ন কৰে।
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/বহুতো-পৰিয়ালৰ-অস্তিত্ব-নোহোৱা-হৈ-গল

