ঘৰ-ৱাপছিৰ বাবে আবেদন
হে চৰম ৰাষ্ট্ৰবাদীসকল!
অনুগ্ৰহ কৰি মোৰ ঘৰলৈ উভতি যোৱাৰ ব্যৱস্থা কৰা!
সেইটো তুমি যিয়েই বোলা – ঘৰ নতুবা পূৰ্বৰ অৱস্থা।
পূৰ্বৰ ধৰ্ম, পূৰ্বৰ জাতি,
পূৰ্বৰ সংস্কৃতি, পূৰ্বৰ উৎস, গৰ্ভ...
আমি শিপা বিচাৰি যোৱাৰ আমাৰ এক অধিকাৰ আছে
আৰু মানুহে যাতে তেওঁলোকৰ শিপা বিচাৰি পায় তাক নিশ্চিত কৰাটো
তোমালোকৰ এক বাধকতা।
হে বিষ্ণু! হে ব্ৰহ্মা!
এই উজ্বল জ্যোতিৰ্লিংগটোৰ অস্তিত্বৰ মূলটো
তোমালোকে বিচাৰি উলিয়াব লাগিব
বিচাৰিব লাগিব তাৰ অন্ত,
আৰু তেনেকৈয়ে দেখুৱাব লাগিব মোৰ ঘৰ
হে গোড়া ৰাষ্ট্ৰবাদীসকল!
যি দৰে তোমালোকে ৰহিংগীয়াসকলক
ম্যানমাৰলৈ ওভোতাই পঠাবা
‘বসুদেৱায় কুটুম্বকম’ৰ আহ্বান ক্ৰমে
যিদৰে বাংলাদেশীসকলক বাংলাদেশলৈ পঠোৱা হ’ব
সকলো মুছলিমক পাকিস্তানলৈ
যি দৰে সকলো আলজেৰীয়াৰ লোকেই ফ্ৰান্স এৰিব
সকলো ৰোমাক জাৰ্মানীৰ পৰা ঘৰলৈ ওভতাই পঠোৱা হ’ব
যিদৰে শ্বেতকায় আমেৰিকাৰ লোক সকলে
যুক্তৰাষ্ট্ৰ এৰি ইউৰোপলৈ যাব
আৰু সকলো হিন্দুৱেই মৰিছাছৰ পৰা, ছুৰিনামৰ পৰা
স্বৰ্গভূমিলৈ উভতি যাব।
যিদৰে আমি সকলো আফ্ৰিকালৈ যামগৈ
আদিম সেই মাতৃক বিচাৰি
ভাইয়াসকল মুম্বাই আৰু আহমেদাবাদৰ পৰা
উভতি যোৱাৰ দৰে
গুজৰাটীসকলে দিল্লী এৰি যোৱাৰ দৰে
আদিবাসীসকল অৰণ্যলৈ উভতি যোৱাৰ দৰে
(অহ! মই দুঃখিত। চৰকাৰক অৰণ্যখন লাগে বুলি ভাবিছোঁ!)
অনুগ্ৰহ কৰি, মোক মোৰ ঘৰ ওভোতাই দিয়া।
আৰু কেৱল মোকেহে কিয়,
আনকি তোমালোকো লগত অহা উচিত – আমি সকলো যাব লাগিব
উভতি যোৱা ...উভতি যোৱা...
হাতে ভৰিয়ে খোজ কাঢ়ি,
গছ বগাই, বোকাত পোত গৈ,
পাতৰ মাজত ডুব গৈ,
ছেপেটা পেলুৰ দৰে স্ব-মিলনৰত হৈ,
মাছৰ দৰে আমাৰ ফুলেৰে উশাহ লৈ
আমাৰ ঘৰ বিচাৰি ওভতনি যাত্ৰা।
মূলৰ এই অথাই সাগৰখনত
আহা আমি এককোষী কৃমি হৈ পৰোঁ
যি চেতনাৰ আদিম অৱস্থাত,
খায় আৰু কিলবিলাই ফুৰে...
ঈশ্বৰৰ আনন্দময় উপস্থিতিত
শৰীৰৰ আৱৰণ আঁতৰাই – আহাঁ আমি এক হওঁ।
এক অধিভৌতিক ডিএনএৰ সন্ধানত
মূললৈ উভতি যোৱা এই বিশাল সমদল,
প্ৰাগ-ঐতিহাসিক বাসস্থানলৈ, আদিম উৎসলৈ
এই আধ্যাত্মিক বিশাল-সম্পৰীক্ষা,
এই বতাহত কঁপি থকা ধৰ্মীয় পতাকাবোৰে, বজাৰত যুদ্ধৰ দামামাই
এই কোলাহল...এই হৈ চৈ,
আহাঁ আমি সেই কৃষ্ণ গহ্বৰটোলৈ উভতি যাওঁ।
জোৰদাৰ শব্দেৰে মানৱতাক তাৰ শেষ প্ৰান্তত উপনীত হ’বলৈ দিয়া
মূলৰ সৈতে পুনৰ্মিলিত হোৱাঁ
আহাঁ আমি আগবাঢ়ি যাওঁ
এটা সন্মিলিত আদিম আত্মহত্যাৰ দিশে
হে অতিৰাষ্ট্ৰবাদীসকল!
অনুবাদ: ৰুবী বৰুৱা দাস



