ফ’ৰ্বছ ২০২১ৰ তালিকাখন যদি আমি বিশ্বাস কৰি লওঁ (আৰু যেতিয়া কোটিপতিৰ প্ৰসংগ ওলায়, মানুহে ফ’ৰ্বছৰ ওপৰতে বিশ্বাস কৰে), ধনাঢ্য কোটিপতিৰ সংখ্যা ১২ মাহত ১০২ৰ পৰা বাঢ়ি ১৪০ হৈছে। ফ’ৰ্বছৰ তথ্য অনুসৰি, তেওঁলোকৰ ধনৰ সমষ্টি বিগত এটা বছৰত ‘প্ৰায় দুগুণ বাঢ়ি ৫৯৬ বিলিয়ন ডলাৰ’ হৈ পৰিছে।
তাৰমানে এই যে ১৪০ গৰাকী ব্যক্তি, আন কথাত দেশৰ মুঠ জনসংখ্যাৰ ০.০০০০১৪ শতাংশ লোকৰ হাতত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ২.৬২ ট্ৰিলিয়ন ডলাৰৰ ২২.৭ শতাংশ (অৰ্থাৎ এক পঞ্চমাংশৰো অধিক) সম্পত্তি আছে, ইয়ে ‘মুঠ’ শব্দৰ অৰ্থই সলনি কৰি পেলায়, যিটো তেওঁলোকে সদায়ে কৰি আহিছে।
আনবাৰৰ দৰে এইবাৰো প্ৰায়বোৰ প্ৰমুখ ভাৰতীয় বাতৰি কাকতে ফ’ৰ্বছৰ এই ঘোষণাক স্বীকৃতি দিয়াৰ সুৰত বাতৰি ছপালে। কেৱল অৰেকল অফ পেল্ফ যিয়ে অধিক স্পষ্ট আৰু সততাৰে কয়, সেই কথাৰ উল্লেখ কৰিব এৰিলে।
“আন এক ক’ভিড-১৯ ঢৌৱে সমগ্ৰ ভাৰত জোকাৰি গৈছে আৰু মুঠ আক্ৰান্তৰ সংখ্যা ১ কোটি ২০ লাখ অতিক্ৰম কৰিছে। কিন্তু দেশৰ ষ্টক মাৰ্কেটে বিশ্ব মহামাৰীৰ বিভীষিকাক তেনেই আওকাণ কৰি নতুন শিখৰত উপনীত হৈছে, এবছৰ আগৰ তুলনাত ছেনচেক্সৰ বেঞ্চমাৰ্ক ৭৫% বাঢ়িছে। ভাৰতীয় কোটিপতিৰ সংখ্যা ১০২ জনৰ পৰা ১৪০ লৈ বাঢ়িল, তেওঁলোকৰ সম্পত্তিৰ সমষ্টি প্ৰায় দুগুণ হ’ল।” এয়া ফ’ৰ্বছৰ আলোচনীখনে দেশখনৰ ওপৰত কৰা প্ৰতিবেদনৰ প্ৰথমটো দফা।
হয়, জিডিপি ৭.৭ শতাংশলৈ সংকুচিত হোৱাৰ বছৰটোতে এই ১৪০ জনীয়া ধনিক গোষ্ঠীৰ হাতলৈ অহা ধনৰ সমষ্টি ৯০.৪ শতাংশ বাঢ়িল। এই কৃতিত্বৰ খবৰ আহিছে এনে এটা সময়ত, যেতিয়া চহৰ এৰি নিজৰ গাঁৱৰ ঘৰলৈ বুলি বাট বুলা প্ৰব্ৰজিত শ্ৰমিকৰ দ্বিতীয় ঢৌ আমি দেখিবলৈ পাইছো। এই ঢৌ বিশাল, যাৰ গণনা সহজে কৰিব নোৱাৰি। এনেকৈ সংস্থাপন হেৰুওৱাৰ ফলত জিডিপিৰ গ্ৰাফডাল ওপৰলৈ নাযায়। কিন্তু সৌভাগ্যক্ৰমে আমাৰ কোটিপতিকেইজনৰ বেছি ক্ষতি নহ’ল। আমাক ফ’ৰ্বছে সেই নিশ্চয়তা দিছে।
তাৰোপৰি, এনে লাগে যেন কোটিপতিৰ ধনে ক’ভিড-১৯ৰ সোঁতৰ বিপৰীতে কাম কৰে। যিমানেই ধন চপায়, সিমানেই ছুপাৰ-স্প্ৰেডাৰৰ প্ৰভাৱ ক্ষীণ হৈ আহে।







