এয়া এটা ভগা-ছিগা ঘৰৰ জকা। চাতাৰা জিলাৰ কাটগুণ গাঁওবাসীৰ কাৰণে এই ঘৰটো গৌৰৱৰ প্ৰতীক হ'ব লাগিছিল আৰু সম্ভৱতঃ তেঁওলোকে এয়া উপলব্ধিও কৰে। ইয়াত গাঁও পঞ্চায়ত আছে, ততস্বত্বেও এই সৰু ঘৰটোৰ বিশেষ একো গুৰুত্ব দিয়া হোৱা নাই। মহাৰাষ্ট্ৰ চৰকাৰৰো এই ঘৰটোৰ প্ৰতি কাণসাৰ নাই।
এয়া মহান সমাজ সংস্কাৰক জ্যোতিবা ফুলেৰ পিতৃপ্ৰদত্ত ঘৰ। তেঁওৰ ককাকে এই ঘৰটো সাজিছিল। এতিয়া এই ঘৰটোৰ অৱস্থা তেনেই জৰ্জৰ। চাদখনৰ পৰা প্লা্ষ্টাৰ টুকুৰা-টুকুৰকৈ খহিছে। গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকৰ কাৰণে মুকলি কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ তৰফৰ পৰা আমি ভাল ভাল ঘৰ সজা দেখিছো। এনে লাগে যেন এই ঘৰটো এই যোজনাৰ অধীনতে পুনৰাই সাজি তোলা কামটো বৰ নিম্ন ধৰণে কৰা হৈছে।
দৰাচলতে এই ঘৰটো ইমানেই সৰু যে ঘৰটোৰ মেৰামতি আৰু চাফ-চিকুণতা ইমান এটা ডাঙৰ কাম নহয়। এই কামটোৰ কাৰণে আহিলা-পাতিও আছে। ঘৰৰ পিছফালে পঞ্চায়তে এটা আটকধুনীয়া জিমো সাজিছে। ঘৰৰ সমুখতে ফুলেৰ নামেৰে এটা তথৈবচ ঘৰত শৈক্ষিক সন্থা এটাও চলি আছে। ৰাস্তাটোৰ কাষতে এখন মুকলি মঞ্চ তৈয়াৰ কৰা হৈছে।




