৬৫ টা বাঘৰ সৈতে মুদুমালাইৰ ঘন বনাঞ্চলত হস্তীকুলৰ বিচৰণভ ভূমিত জীয়াই থকা এম. মাধানে ৬০ ফুট উচ্ছতাৰ গছত বিপদসংকুলভাবে বাই গৈ মৌবাহৰ পৰা মৌ সংগ্ৰহ কৰিব জানে।
এইবোৰৰ বাবে তেওঁৰ ভয় নালাগে। কিমানটা বাঘ তেওঁ ওচৰৰ পৰা দেখিছিল বুলি আমি তেওঁক সোধোতে হাঁহি মাৰি ক’লে, ‘মই হিচাপ কৰা বাদ দিলো!’
কিন্তু এতিয়া তেওঁ যাৰ বাবে বিৰক্ত হৈছে, সেয়া হৈছে জোপ লৈ থকা এক ভিন্ন ধৰণৰ বিপদ। মুদুমালাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰ অঞ্চলৰ প্ৰায় ৯০ টা পৰিয়ালে বাস কৰা সাতখন গাঁৱৰ এখন সৰু গাওঁ বেন্নেৰ মাধান আৰু আন বাসিন্দাসকলে অতি সোনকালে পুৰুষানুক্ৰমে ভোগদখল কৰি অহা ভূমি আৰু ঘৰ এৰি যাব লাগিব।
জংঘলৰ মাজত থকা তেওঁৰ ঘৰটো মাধানে আমাক দেখুৱালে। তেওঁৰ ঘৰৰ কাষতে থকা খেৰ আৰু মাটিৰে তৈয়াৰী পঁজাটো মাৰিআম্মা গোঁসানীৰ মন্দিৰ আৰু তাৰ কাষতে থুপ খুৱাই ৰোপন কৰা গছ কেইজোপাৰ সৈতে মাধানৰ কেইবা প্ৰজন্ম চিৰিনিদ্ৰিত হৈ পৰি থকা কবৰস্থান। তেওঁ এজোপা গছলৈ আঙুলিয়াই দেখুৱালে আৰু বন্যপ্ৰাণীয়ে খাব নোৱৰাকৈ কাইটীয়া বেৰ দি থোৱা পৰিয়ালৰ শাক-পাচলিৰ খেতি আমাক দেখুৱাই ক’লে, ‘এয়া মোৰ ঘৰ।’


