“সেই মাতৃগৰাকীয়ে নিজৰ চাৰি সন্তানক লৈ নিশাৰ পিছত নিশা খোজ কাঢ়িছে- মোৰ বাবে তেঁৱেই মা দুৰ্গা।”
দেৱী দুৰ্গাৰ প্ৰতিমাক প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ৰূপত তুলি ধৰা চিত্ৰশিল্পী এয়া ৰিণ্টু দাস। দক্ষিণ-পশ্চিম কলকাতাৰ বেহালাত থকা বাৰিষা ক্লাবৰ দুৰ্গা পূজা মণ্ডপত ই এক বিশিষ্ট ভাস্কৰ্য। সহযোগী হিচাপে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ ৰূপত মা দুৰ্গাৰ লগত আন দেৱ-দেৱীও আছে। সৰস্বতী, লক্ষ্মী, গণেশ আৰু বহুতো। ক’ৰনাভাইৰাছ বিশ্বমহামাৰীৰ মাজত প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সংগ্ৰামলৈ চিত্ৰশিল্পীজনৰ সেয়া এক শ্ৰদ্ধাৰ্ঘ্য।
তলাবন্ধৰ সময়ত ৪৬ বছৰীয়া ৰিণ্টু দাসৰ এনে অনুভৱ হৈছিল যেন “যোৱা ছটা মাহ গৃহবন্দীত্বৰ কাল আছিল,” তেওঁ আৰু কয়, “টেলিভিছনৰ পৰ্দাত চকু ফুৰালেই মই দেখো কেৱল মৃত্যু, অগণন লোক ক্ষতিগ্ৰস্ত হৈছে। বহুতেই দিনৰ পিছত দিন, নিশাৰ পিছত নিশা কেৱল খোজ কাঢ়িছে। কোনোবা সময়ত সামান্য আহাৰো খাবলৈ পোৱা নাই, কেতিয়াবা পানী এটুপিও পোৱা নাই। মাতৃসকল, জীয়ৰীসকল সকলোৱে কেৱল খোজ কাঢ়িছে। সেয়ে মই ভাবিলো এইবাৰ যদি মই উপাসনা কৰো, মই মানুহৰ বাবে উপাসনা কৰিম। মই সেই মাতৃসকলক শ্ৰদ্ধা জনাম।” আৰু সেয়ে প্ৰব্ৰজনকাৰী শ্ৰমিক মাৰ ৰূপত মা দুৰ্গা।
“মূল ধাৰণা অলপ বেলেগ আছিল।” ৰিণ্টু দাসৰ পৰিকল্পনা অনুসৰি প্ৰতিমা নিৰ্মাণ কৰা ৪১ বছৰীয়া পল্লৱ ভৌমিকে পশ্চিমবংগৰ নাদিয়া জিলাৰ ঘৰৰ পৰা ‘পাৰি’ক ক’লে। ২০১৯ৰ দুৰ্গাপূজাৰ উখল-মাখলৰ অন্ত পৰাৰ আগতে “বাৰিষা ক্লাবৰ সংগঠকসকলে ইতিমধ্যে এই বছৰৰ পূজাৰ প্ৰস্তুতি চলাইছিল। কিন্তু ক’ভিড-১৯ মহামাৰীয়ে বুজাই দিলে ২০২০ৰ দুৰ্গাপূজা ভিন্নৰূপৰ হ’ব, সেয়ে ক্লাবে আগৰ পৰিকল্পনা বাদ দিলে।” তলাবন্ধ আৰু শ্ৰমিকৰ বিপদসংকূলতাক কেন্দ্ৰ কৰি এই নতুন আঁচনি ঠিৰাং কৰা হ’ল।



