এদিনাখন পুৱাৰ কথা। অনু এখন ফটা-ছিগা প্লাষ্টিকৰ ঢাৰিত বহি আছে। আউল-বাউল চুলি আৰু ঢেলা পৰা মুখ। কাষেৰে যোৱা মানুহে দূৰত্ব বজাই ৰাখি তেওঁৰ সৈতে কথা পাতিছে। ওচৰতে গৰু-মহবোৰ জিৰাইছে আৰু নাতিদূৰত খেৰৰ পুঁজি এটাত ৰ’দ পৰিছে।
“আনকি বৰষুণ দিলেও মই ছাতি লৈ গছৰ তলতে থাকো, ঘৰ নোসোমাও। মোৰ ছাঁটোও কাৰো গাত পৰিব নালাগে। ইশ্বৰক বিতুষ্ট কৰিব নোৱাৰি,” অনুৱে কয়।
গছডাল তেওঁৰ ঘৰৰ পৰা ১০০ মিটাৰমান দূৰত মুকলি পথাৰ এখনৰ তলত আছে। ঋতুস্ৰাৱৰ সময়ত মাহৰ তিনিটা দিনৰ বাবে সেয়াই তেওঁৰ ঘৰ।
“মোৰ ছোৱালীয়ে কাঁহি এখনত খাদ্য দি যায়,” অনুৱে কয় (নাম সলোৱা হৈছে)। এই একাষৰীয়া হ’বলগীয়া দিনকেইটাত তেওঁৰ বাচন-বৰ্তনো বেলেগ। “ইয়াত মই জিৰণি লৈ ভাল পাওঁ এনে নহয়। মই কাম কৰিব বিচাৰো (ঘৰত), কিন্তু আমাৰ নিয়মবোৰৰ প্ৰতি সন্মান জনাব লাগে বুলিয়ে ইয়াতে থাকো। পথাৰত খুব বেছি কাম থাকিলে তাতে সহায় কৰি দিওঁ।” অনুৰ পৰিয়ালে ১.৫ একৰ মাটিত ৰাগি খেতি কৰে।
নিজৰ ভৰসাতে এইকেইটা দিন এনেদৰে অকলশৰে কটাবলগীয়া অনু দেখা অকলশৰীয়া যদিও তেওঁ অকলেই এই নিয়মত বান্ধ খাই থকা মহিলা নহয়। তেওঁৰ ১৯ আৰু ১৭ বছৰীয়া দুই জীয়ৰীয়েও একেই নিয়ম মানিব লগাত পৰে (২১ বছৰীয়া আন এজনী জীয়ৰীৰ বিয়া হৈছে)। একেদৰে কাডুগল্লা চুবুৰীৰ ২৫ টা পৰিয়ালৰ সকলো মহিলাৰ একেই দশা।
সদ্যপ্ৰসৱ কৰা মহিলাই ইয়াতকৈও কঠোৰ নিয়মৰ মাজেৰে পাৰ হ’বলগীয়া হয়। অনুক তিনিদিনৰ আশ্ৰয় দিয়া গছজোপাৰ কাষতে ছটা টোকোৰা পঁজা আছে, সেয়াই সদ্যজাত সন্তান আৰু মাতৃৰ ঘৰ। আন সময়ত সেই পঁজাবোৰ খালি হৈ পৰি থাকে। মাহেকীয়া হৈ থকা মহিলাক গছৰ তলতে দিন নিয়াবলৈ দিয়া হয়।















