সকলোতকৈ ডাঙৰ কথা, এয়া হ’ল প্লাষ্টিক। কল্পনাই ঢুকি পোৱা প্ৰায় সকলো ৰূপতে ই সৰ্বত্ৰে বিৰাজমান - পথত পৰি থকা অৱস্থাত, পানীত ওপঙি থকা অৱস্থাত, বস্তাত দ’মাই থোৱা অৱস্থাত, আৱৰ্জনাৰ পাত্ৰত, ঘৰৰ চালত। আৰু যেতিয়া ১৩তম কম্পাউণ্ডৰ সীমাত থকা কূপত উচ্চ মূল্যৰ ধাতুৰ অংশ নিষ্কাশন কৰিবলৈ প্লাষ্টিকৰ সামগ্ৰীবোৰ জ্বলাই দিয়া হয়, ঘন ক’লা ধোঁৱাই আকাশ চানি ধৰে।
এই প্লাষ্টিক আৰু অন্যান্য আৱৰ্জনাৰ এক অন্তহীন শৃংখল মুম্বাইৰ সকলো প্ৰান্তৰ পৰা নিয়মীয়াকৈ ধাৰাৱিৰ এই কমপ্লেক্সৰ ৰিচাইক্লিং খণ্ডত আহি শেষ হয়। চহৰখনত দৈনিক উৎপন্ন হোৱা ১০,০০০ টনতকৈও অধিক আৱৰ্জনাৰ এক বৃহৎ অংশ ঠেলা, ট্ৰাক আৰু টেম্পোৰে ইয়ালৈ অনা হয়। শ্ৰমিকসকলৰ অধিকাংশই বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজনকাৰী যুৱক, তেওঁলোক অঞ্চলটোৰ অতিকৈ ঠেক পথবোৰত এই সামগ্ৰীবোৰ লোড আৰু আনলোড কৰে।
ইয়াত ঘৰবোৰৰ এক ভৰ্তি পাত্ৰত, তাৰে কিছুমান চাৰিটা স্তৰযুক্ত, ৰিচাইক্লিঙৰ এক বহুস্তৰীয় প্ৰক্ৰিয়া পুনৰাবৃত্তি গতিত চলিব ধৰে। প্ৰতিটো সামগ্ৰী এটা ‘নতুন’ কেঁচামালৰ সামগ্ৰী অথবা অন্যান্য প্ৰস্তুত সামগ্ৰীলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বে ইয়াক এটা শাৰীত স্থাপন কৰি এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ, এটা প্ৰক্ৰিয়াৰ পৰা আন এটা প্ৰক্ৰিয়ালৈ ত্বৰান্বিত কৰা হয়৷
টেৰা কম্পাউণ্ডত ৰিচাইক্লিঙৰ পৰিস্থিতিতন্ত্ৰৰ এক সূক্ষ্ম আভ্যন্তৰীণ যুক্তি আছে: তাত ক্ৰয় আৰু বিক্ৰীৰ ব্যৱস্থা আছে। মানুহে কামৰ নিৰ্দিষ্ট পৰিভাষা ব্যৱহাৰ কৰে, প্ৰক্ৰিয়াটোৰ ক্ৰমাগত পদক্ষেপবোৰ ভালদৰে প্ৰতিষ্ঠাপন কৰা হয় আৰু প্ৰতিজন ব্যক্তিয়েই এক বা একাধিক কামত বিশেষজ্ঞ: ৰড্ডিৱালাই (চহৰৰ আৱৰ্জনা সামগ্ৰীৰ ডীলাৰ) পৰিত্যক্ত সামগ্ৰী সংগ্ৰহ কৰে, আৱৰ্জনা-সংগ্ৰাহক আৰু ফেৰিৱালাই (ভ্ৰমণকাৰী ডীলাৰ) ঘৰবোৰত দৈনিক তেওঁলোকৰ সংগ্ৰহবোৰ জমা কৰে। বাহন চালক আৰু সহায়কসকলে কাঁটাৱালাত সামগ্ৰী আনলোড কৰে (ওজনৰ স্কেল থকা ডীলাৰ)। তাৰ পিছত গুদামৰ মালিক অৰ্থাৎ শেঠসকল, ছুপাৰভাইজাৰসকল, শ্ৰমিকসকল, পুৰুষ আৰু মহিলা সকলোৱেই সহস্ৰাধিক কামত নিয়োজিত হৈ পৰে।




