আজিৰ দিনটোৰ বাবে এইয়া তেওঁৰ বহনিৰ সময়। শিৱপুৰ্ৱা গাঁৱৰ এটা হেণ্ডপাম্পৰ ওচৰত গোট খোৱা ৯-১০ গৰাকীমান মহিলাৰ জুম এটাৰ ওচৰত বাচুয়ে তেওঁৰ মটৰ চাইকেলখন ৰখালে। “বাইদেউ, এই কাপোৰবোৰৰ ডিজাইনবোৰ চাওকচোন” তেওঁ ক’লে। “এনেকুৱা শাড়ী আপুনি সিধিৰ বজাৰৰ ডাঙৰ ডাঙৰ দোকানতো নাপায়। অৱশ্যে কিনিব লাগিব বুলি কোনো কথা নাই, ভাল নালাগিলে নিকিনিব।”
তাৰপিছত, বহনি নিশ্চিত কৰিবৰ বাবে, বাচুয়ে ৰেহাইৰ পৰিমাণ পোনচাটে বঢ়াই দিলেঃ “এই এখন এখন শাড়ীৰ দাম ৭০০ টকা, কিন্তু মই আপোনাক মাত্ৰ ৪০০ টকাতে দিম.....”
মহিলাসকলে বাণ্ডিলটোত থকা ১৫-২০ খন নাইলনৰ শাড়ী এখন এখনকৈ খুলি-মেলি চালে। তেওঁলোকৰ মাজৰ এগৰাকীয়ে ক’লে যে তেওঁ ১৫০ টকাহে দিব। বিৰক্ত হৈ বাচুয়ে তেওঁৰ শাড়ীবোৰ জাপিবলৈ আৰম্ভ কৰিলে, বাণ্ডিলটো ৰছী এডালেৰে বান্ধি থাকোতে তেওঁ ভোৰভোৰাই উঠিল, এখন শাড়ীৰ কিনা দামেই ২৫০ টকা। তেওঁৰ প্ৰথম গৰাকী গ্ৰাহক হ’বলগীয়া মহিলাগৰাকী হেণ্ডপাম্পটোলৈ উভতি গ’ল।
নিৰাশ হৈ বাচুয়ে তেওঁৰ মটৰচাইকেলত উঠি তেওঁৰ সেইদিনাৰ পথত থকা পিছৰখন গাঁও মাড়ৱালৈ গ’ল। “কেতিয়াবা মানুহেবোৰে বহুত সময় নষ্ট কৰে অথচ একো নিকিনে,” স্থানীয় বাঘেলী ভাষাত ভোৰভোৰাই তেওঁ ক’লে। “আমাৰ বহুত সময় কেৱল মাত্ৰ শাড়ীবোৰ জপা-মেলা কৰোঁতে আৰু টোপোলা বনাওতেই যায়।”
প্ৰায় তিনি কিলোমিটাৰৰ পিছত তেওঁ মাড়ৱাৰ হেণ্ডপাম্পত পানী খাবলৈ ৰ’ল। “মোৰ যাত্ৰা আৰম্ভ কৰা চাৰি ঘণ্টা হ’ল,” তেওঁ ক’লে। “কিন্তু এতিয়ালৈকে মই মোৰ বহনিয়ে কৰা নাই (দিনটোৰ প্ৰথম বিক্ৰী, শুভ বুলি কোৱা হয়)। আজি ৰাতিপুৱা মই পেট্ৰ’লত ১৫০ টকা খৰছ কৰিলো আৰু এতিয়ালৈকে সেইখিনিও ঘূৰি অহা নাই।”









