“আন কিবা বিকল্প থকা হ’লে মই কেতিয়াও হস্পিতাললৈ নগ’লোহেঁতেন।” বাৰানসী জিলাৰ আনেই গাঁৱৰ সুদামা আদিবাসীয়ে কোনো সংকোচবোধ নকৰাকৈ কয়। আমি যেন জন্তু-জানোৱাৰহে, হস্পিতালত আমাক তেনে আচৰণ কৰে। ডাক্তৰে আমাক নিজে নাচায় আৰু নাৰ্ছে নিজৰ মাজত কথা পাতে- ‘এই গোন্ধোৱা মানুহসোপা আহে ক’ৰপৰা, থাকে কেনেকৈ?’ কেনেকৈ, কেতিয়া আৰু কিয় নিজৰ পাঁচোটা সন্তান ঘৰতে জন্ম দিছিল, সেই কথা মনত পেলাই তেওঁ কয়।
যোৱা ১৯ টা বছৰত সুদামাই নটা সন্তান জন্ম দিছে। ৪৯ বছৰ বয়সতো তেওঁৰ মাহেকীয়া বন্ধ হোৱা নাই।
বৰাগাওঁ ব্লকৰ ৫৭ টা পৰিয়াল থকা মুছাহাৰ বস্তিৰ এটা মূৰত তেওঁৰ ঘৰ। গাওঁখনৰ এটা মূৰে তথাকথিত উচ্চ জাতিৰ ঠাকুৰ, ব্ৰাহ্মণ, গুপ্তালোকৰ চুবুৰী। চমাৰ, ধাৰকাৰ আৰু পাচি পৰিয়ালকে ধৰি কেইঘৰমান মুছলমান আৰু অনুসূচিত জাতিৰ ঘৰো তাত আছে। বস্তিটোত এই পৰিয়ালবোৰক লৈ বহুতো বদ্ধমূল ধ্যান-ধাৰণা প্ৰচলিত। যেনে তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰ নাঙঠ-পিঙঠ হৈ ধূলিয়ে-মাকটিয়ে পৰি থাকে, খাব নাপাই ক্ষীণাই যোৱা সিহঁতৰ গাত ভেনামাখি উৰি থাকে। চাফ-চিকুণতাৰ কোনো নাম নাই। কিন্তু ভালকৈ চালে তেওঁলোকৰ আন এক কাহিনীহে আপুনি দেখিবলৈ পাব।
উত্তৰ প্ৰদেশত অনুসূচিত জাতি হিচাপে তালিকাভুক্ত মুছাহাৰসকল কৃষিকৰ শত্ৰু এন্দুৰ ধৰা কামত পাকৈত আছিল। কিন্তু সময় বাগৰাৰ লগে লগে তেওঁলোকক মানুহে হীন দৃষ্টিৰে চাবলৈ ল’লে, তেওঁলোকক নাম দিয়া হ’ল ‘এন্দুৰ খোৱা’ মানুহ। মুছাহাৰ শব্দৰ আন এক অৰ্থ হৈ পৰিল এন্দুৰ খোৱা লোক। কিন্তু গ্লানিৰ সন্মুখীন হোৱা আৰু সদায়েই সমাজচ্যুত হৈ অহা এই লোকসকলক কেৱল মানুহেই হীন দৃষ্টিৰ চোৱা নহয়, চৰকাৰেও তেওঁলোকক কেতিয়াও সুদৃষ্টি দিয়া নাই। বঞ্চিত হৈ এই মুছাহাৰসকলে দিন নিয়াইছে। চুবুৰীয়া বিহাৰত তেওঁলোকক মহাদলিত হিচাপে তালিকাভূক্ত কৰা হৈছে, অনুসূচিত জাতিৰ আটাইতকৈ বঞ্চিত আৰু বৈষম্যৰ বলি হোৱা এইসকল লোক।








