হাটানেত চৰকাৰী হস্পিতেল এখনৰ মূল দুৱাৰখনতে অটোৰিক্সা এখনত এগৰাকী মহিলা এবাৰ বাৰে বাৰে অচেতন হৈ পৰিছে। আনজনে বুকুত ভুকুৱাই কান্দিছে: “মাঝা চনিয়া, মাঝা চনিয়া, কুথে গেলা ৰে মাঝা চনিয়া (ক’লৈ গ’লা অ’ মোৰ চনিয়াজনী)?” প্ৰতিটো দিশৰ পৰা কেৱল কান্দোনৰ ৰোল ভাঁহি আহিছে। কিছুমান পৰিয়ালে একলগ হৈ হস্পিতেলত ভৰ্তিৰ কাগজবোৰ পূৰাবলৈ যত্ন কৰিছে। কিছুমানে আন কোনো হস্পিতেলত বে’ড পোৱা যাব নেকি চেষ্টা কৰিছে।
এয়া মে’ মাহৰ আৰম্ভণিৰ ভাগৰ এটা উষ্ম আবেলি। মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ হাটানে গাঁৱত থকা ৰেভেৰা হস্পিতেলৰ বাহিৰত পৰিস্থিতি বিষম হৈ পৰিছে।
চিন্তিত গুৰু চৌধাৰীয়ে হস্পিতেল চৌহদৰ গছ এডালৰ তলৰ চিমেণ্টেৰে বনোৱা ঠাইখিনিত বহি ইটোৰ পিছত সিটো ফোনকল লগাইছে। ভনীজোঁৱাইৰ মৃত্যুৰ খবৰ তেওঁ আত্মীয়-কুটুমক দিছে। “দেৱালা প্ৰিয়া ঝালা কাল ৰাত্ৰি (তেওঁ কালি ৰাতি ঢুকাল)।” তেওঁ ফোনত বাৰে বাৰে সেই কথা কৈছে। “তেওঁ মোৰ ভাতৃসম আছিল,” তেওঁৰ মুখখন শুকাই গৈছে। “ভিডিঅ’টো চাওক। তেওঁ সুস্থ হৈ আছে। মোৰ ভনীজনী তেওঁৰ লগতে হস্পিতেলত আছিল। তেওঁৰ অক্সিজেন চিলিণ্ডাৰটো লিক হৈ আছিল… তাই বাৰে বাৰে ডাক্তৰক সেয়া পৰীক্ষা কৰিবলৈ মাতি আছিল…”
গুৰুৰ ভনীজোঁৱাই, ৩৫ বছৰীয়া বমন দিঘাক পৰিয়ালে ৰেভেৰা হস্পিতেললৈ অহাৰ আগেয়ে ২৩ এপ্ৰিলত দুখন সৰু হস্পিতেললৈ নিয়া হৈছিল। “তেওঁ ভালকৈ উশাহ ল’ব পৰা নাছিল। কেইদিনমান ধৰি তেওঁৰ গাত তীব্ৰ জ্বৰো আছিল। আমি ভয় খাই ডাক্তৰৰ ওচৰ চাপিলো,” গুৰুৱে কয়। “ডাক্তৰে কৈছিল যে তেওঁৰ নিউমনিয়া হৈছে আৰু ক’ভিডো হ’ব পাৰে, গতিকে ততালিকে হস্পিতেলত ভৰ্তি কৰাব লাগে। ওচৰৰ কোনো হস্পিতেলত বিচনা নাছিল, অক্সিজেন নাছিল।”
পৰিয়ালটোৱে পালঘৰৰ মোখাৰা তালুকৰ তেওঁলোকৰ গাওঁ টাকপাড়াৰ পৰা এম্বুলেন্স এখনত একেখন জিলাৰ বিক্ৰমগড় তালুকৰ ৰাজ্য চৰকাৰচালিত ৰেবেৰালৈ ৬০ কিলোমিটাৰ বাট তেওঁক এম্বুলেন্স এখনত লৈ গৈছিল। তালুকটোত সেইখনেই একমাত্ৰ ক’ভিড হস্পিতেল, তাত ২০০ খন ক’ভিড বিচনা আছে (তাৰে আধাখিনি আইচ’লেচন বে’ড আৰু বাকীখিনি অক্সিজেন, ভেণ্টিলেটৰ বা আই.চি.ইউ. থকা বে’ড: এই সম্পৰ্কত জিলাৰ চৰকাৰী ৱেবছাইটত থকা ডেটা স্পষ্ট নহয়)।










