তাইৰ বয়স মাত্ৰ ১৯ বছৰ, কিন্তু শিৱানী কুমাৰীয়ে ভাৱে যে তাইৰ সময় পাৰ হ’বলৈ ধৰিছে।
পৰিয়ালৰ মানুহে তাইক বিয়া দিয়াৰ পৰা ইতিমধ্যে চাৰিবছৰ কোনোমতে তাই ৰখাইছে। এয়া তাইৰ বাবে একপ্ৰকাৰৰ বিলাসিতাই বুলিব লাগিব, যিটো তাই বেছিদিনৰ বাবে উপভোগ কৰিবলৈ নাপাব। “আৰু কিমানদিনলৈ মই তেওঁলোকক ৰখাব পাৰিম, মই নাজানো,” তাই কয়। “এদিন এয়া অন্ত পৰিব।”
বিহাৰৰ সমষ্টিপুৰ জিলাৰ তাইৰ গাওঁ গংচাৰাত ছোৱালীবোৰক আনকি মেট্ৰিক পৰীক্ষা দিয়াৰ আগতেই বা ১৭-১৮ বছৰমান বয়স হওঁতেই বিয়া দিয়া হয়।
শিৱানীয়ে (এই প্ৰতিবেদনৰ সকলো নাম সলনি কৰা হৈছে) কোনোমতে বিয়াখন ৰখাই থৈ বাণিজ্যৰ স্নাতক পাঠ্যক্ৰমৰ দ্বিতীয় বৰ্ষত ভৰি দিছে। কলেজলৈ যোৱাৰ তাইৰ আগৰেপৰাই মন আছিল, কিন্তু ইমান অকলশৰীয়া অনুভৱ হ’ব বুলি তাই ভৱা নাছিল। “গাঁৱৰ মোৰ আটাইবোৰ বান্ধৱীৰে বিয়া হৈ গ’ল। মোৰ লগত একেলগে ডাঙৰ হোৱা আৰু স্কুললৈ যোৱা কোনো ছোৱালী বাকী নাই,” এদিনাখন আবেলি চুবুৰীয়াৰ ঘৰত বহি কথা পাতোতে তাই মোক কয়। নিজৰ ঘৰত এইবোৰ কথা তাই মুকলিকৈ পাতিব নোৱাৰে। আনকি চুবুৰীয়াৰ ঘৰতো তাই পিছ চোতালত ছাগলী বন্ধা ঠাইত বহি কথা পাতিবলৈ জোৰ কৰিছিল। “ক’ৰনাৰ সময়ত মোৰ শেষৰজনী কলেজীয়া বান্ধৱীৰো বিয়া হৈ গ’ল,” তাই কয়।
তাইৰ সম্প্ৰদায়ত, ছোৱালীয়ে কাচিৎহে কলেজলৈ যোৱাৰ সুবিধা পায়। শিৱানী ৰবিদাস সম্প্ৰদায়ৰ (চমৰ জাতিৰ এটা উপজাতি)। বিহাৰ চৰকাৰে জনজাতীয় সম্প্ৰদায়ৰ অতিকৈ পিছপৰা ২১টা গোটক সামৰি ২০০৭ত মহাদলিত নামেৰে স্বীকৃতি দিয়া গোষ্ঠীটোৰ মাজৰ ইয়ো এটা।
বিয়া নোহোৱাৰ কালিমা আৰু পৰিয়াল, চুবুৰীয়াকে ধৰি পৰিচিতসকলৰ পৰা বিয়াৰ বাবে বাৰম্বাৰ দিয়া হেঁচাই তাইৰ নিসংগতাক অধিক জটিল কৰি পেলাইছে। “মোৰ দেউতাই কয় যে মই যথেষ্ট পঢ়়া-শুনা কৰিলো। কিন্তু মই এগৰাকী আৰক্ষী বিষয়া হ’ব বিচাৰো। তেওঁৰ মতে মই ইমান উচ্চাকাংক্ষী হ’ব নালাগে। তেওঁ কয় যে মই পঢ়়ি থাকিলে মোক কোনে বিয়া পাতিব?” তাই কয়। “আনকি আমাৰ জাতিৰ ল’ৰাবোৰেও কম বয়সতে বিয়া পাতে। কেতিয়াবা সন্দিহান হৈ সেও মনাটোৱে ভাল নেকি বুলি মনলৈ ভাৱ আহে, কিন্তু ইমানদূৰ আহিছো, গতিকে মই মোৰ সপোন পূৰাব বিচাৰো।”







