“যোৱা ৪-৫ মাহ ধৰি ঝাৰিয়াত থকা মোৰ ঘৰত বিদ্যুৎ নাই। মোৰ ভাই-ভনী আৰু মই টৰ্চৰ পোহৰত অলপ পঢ়ি লও, কিন্তু ৩০-৪৫ মিনিটহে টৰ্চটোৱে কাম কৰে, তাৰপিছত আকৌ চাৰ্জ দিব লাগে।”

সোমবাৰী বাস্কে চাওঁতাল আদিবাসী সম্প্ৰদায়ৰ ১৩ বছৰীয়া কিশোৰী। ভাটিন মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ: “মই পঢ়িব বিচাৰো [আনুষ্ঠানিক শিক্ষা ল’ব বিচাৰো]। এয়াই মোৰ একমাত্ৰ সপোন।”

ঝাৰিয়া হৈছে জাদুগৌড়া ব্লকৰ এখন গাঁও, জনসংখ্যা ১০০০ৰ অলপ বেছি। সাক্ষৰতাৰ হাৰ ৫৯ শতাংশ – ঝাৰখণ্ডৰ গড় ৬৬ শতাংশতকৈ কম। পূর্বী সিংহভুম জিলাৰ ঝাৰিয়াত কেৱল প্রাথমিক বিদ্যালয় এখনহে আছে, গতিকে মাধ্যমিক শিক্ষাৰ বাবে সোমবাৰী ঘৰৰ পৰা চাৰি কিলোমিটাৰ দূৰৈৰ আন এখন বিদ্যালয়লৈ যায়৷

ওচৰৰ গাঁও খড়িয়া কোচালৈ এই প্ৰতিবেদকজন যাওতে সেই কণমানি সোমবাৰীয়েই স্বেচ্ছাসেৱী হিচাপে সবৰ ভাষাৰ পৰা হিন্দীলৈ দোভাষী হ’বলৈ হাত দাঙিছিল। পূৰ্বী সিংহভূমৰ সবৰ সম্প্ৰদায়ৰ লোকৰ সৈতে কথা পাতিবলৈ আমাক সহায় কৰিছিল। মাতৃভাষা চাওঁতালীৰ বাহিৰেও সোমবাৰীয়ে সবৰ, হো, হিন্দী আৰু বাংলা ভাষা জানে।

The entrance of Bhatin Middle School
PHOTO • Rahul

ভাটিন মাধ্যমিক বিদ্য়ালয়ৰ প্ৰৱেশদ্বাৰ

হিন্দী ভাষাত কথা কোৱা সোমবাৰীয়ে বুজায় কেনেকৈ তাই টৰ্চ চাৰ্জ কৰিবলৈ প্ৰায় এক কিলোমিটাৰ দূৰৈৰ খড়িয়া কোচালৈ নিজৰ গাঁও ঝাৰিয়াৰ পৰা অহা-যোৱা কৰি থাকিবলগীয়া হয়।

*****

‘আমি সময়মতে বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে আমাৰ বিদ্যুৎ কৰ্তন কৰা হৈছিল। তেওঁলোকে [বিদ্যুৎ বিভাগে] মোৰ দাদা গুৰাই বাস্কেৰ নামত ১৬,৭৪৫ টকাৰ বিল পঠিয়াইছিল। ইমানসোপা ধনৰ ব্যৱস্থা আমি কেনেকৈ কৰিব পাৰো?

"গতিকে, আমাৰ সংযোগ কটা গ'ল।"

"মোৰ গাঁৱত মাত্ৰ কেইঘৰমানৰ বিদ্যুতৰ সংযোগ আছে, কিন্তু আমি তেওঁলোকৰ ঘৰত আমাৰ টৰ্চ আৰু মোবাইল চাৰ্জ কৰিবলৈ গ’লে খং কৰে। সেয়ে মই ওচৰৰ খড়িয়া কোচা গাঁৱলৈ গৈ টৰ্চ চাৰ্জ কৰি লওঁ। তাত যিকোনো সবৰ আদিবাসীৰ এঘৰত গৈ টৰ্চটো চাৰ্জত বহুৱাও আৰু ঘৰলৈ আহো।”

Sombari standing with her parents, Diwaram and Malati Baske in front of their home in Jharia village in Purbi Singhbhum district of Jharkhand
PHOTO • Rahul

ঝাৰখণ্ডৰ পূৰ্বী সিংহভুম জিলাৰ ঝাৰিয়া গাঁৱৰ নিজৰ ঘৰৰ সন্মুখত পিতৃ-মাতৃ, দিৱাৰাম আৰু মালতী বাস্কেৰ সৈতে সোমবাৰী

'আমাৰ গাঁৱত মাত্ৰ কেইঘৰমানত বিদ্যুতৰ সংযোগ আছে।' আমাৰ টৰ্চ চাৰ্জ কৰিবলৈ প্ৰায় এক কিলোমিটাৰ দূৰৈৰ কাষৰীয়া খড়িয়া কোচা গাঁৱলৈ যাবলগীয়া হয়, নহ’লে পঢ়া-শুনা কৰিব নোৱাৰিম’

“তাৰ পিছত মই পাপা (দেউতা) নাইবা চাচা (খুৰা) বজাৰৰ পৰা উভতি অহালৈ অপেক্ষা কৰো যাতে তেওঁলোকৰ চাইকেলখন নিব পাৰো। টৰ্চটো সম্পূৰ্ণ চাৰ্জ হ’বলৈ ৩-৪ ঘণ্টা সময় লাগে আৰু এবাৰ চাইকেলখন পালে মই তৎক্ষণাত চাৰ্জ কৰা টৰ্চটো ঘূৰাই আনিবলৈ ৰাওনা হওঁ। মই কষ্ট কৰিবই লাগিব আৰু প্ৰতিটো ৰাতিপুৱা টৰ্চটো চাৰ্জ কৰিব লাগিব, নহ’লে আমি পঢ়িব নোৱাৰো। মোৰ ডাঙৰ ভনী ৰতনী দশম শ্ৰেণীত আৰু সৰু ভাইটি জিতু তৃতীয় শ্ৰেণীত পঢ়ে।

‘সততে, আমি খড়িয়া কোচালৈ যাব নোৱাৰো। এনে দিনত আমি বেটাৰীত বাকী থকা চাৰ্জখিনি বচাবলৈ চেষ্টা কৰো, নহ’লে মমবাতি জ্বলাই কাম চলাও।”

*****

ভাটিন মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ভাটিনৰ লগতে ঝাৰিয়াৰ দৰে ওচৰৰ গাঁৱৰ পৰা আহে। ২৩২ জন ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই জনজাতীয় সম্প্ৰদায়ৰ। সোমবাৰীৰ পঢ়া স্কুলখনৰ প্ৰধান শিক্ষক দীনেশ চন্দ্ৰ ভগতে কয়, “আমি মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰো আৰু কণী বা ফল-মূল বিলোৱাৰ দিনা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বাঢ়ে।”

ঝাৰখণ্ড চৰকাৰে ঝাৰখণ্ড এডুকেচন প্ৰজেক্ট কাউন্সিলৰ অধীনত ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ ইউনিফৰ্ম প্ৰদান কৰে। ১-৫ শ্ৰেণীৰ প্ৰতিটো শিশুক আবণ্টন দিয়া হৈছে স্কুলৰ ইউনিফৰ্ম, জোতা আৰু মোজাৰ এটা চেট কিনাৰ বাবে ৬০০ টকা আবণ্টন দিয়া হৈছে। ৬-৮ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ কাপোৰৰ বাবে ৪০০ টকা, চুৱেটাৰ এটাৰ বাবে ২০০ টকা আৰু এযোৰ জোতা-মোজাৰ বাবে ১৬০ টকা লাভ কৰে।

Dinesh Chandra Bhagat, the headmaster of Bhatin Middle School in Jadugora block of Purbi Singhbhum district in Jharkhand.
PHOTO • Rahul
Sombari with her classmates in school
PHOTO • Rahul

বাওঁফালে: ঝাৰখণ্ডৰ পূৰ্বী সিংহভুম জিলাৰ জাদুগৌড়া ব্লকৰ ভাটিন মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ চন্দ্ৰ ভগত। সোঁফালে: স্কুলত সহপাঠীৰ সৈতে সোমবাৰী

এই আঁচনিখনত প্ৰাপ্য ধন তেওঁলোকৰ বেংকৰ খাতাত প্ৰত্যক্ষ লাভ হস্তান্তৰৰ জৰিয়তে জমা হোৱাৰ কথা। কিন্তু প্ৰধান শিক্ষকজনে কয় যে তেওঁৰ মাত্ৰ ৬০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েহে ইউনিফৰ্ম ক্ৰয়ৰ বাবে এই ধন লাভ কৰিছে।

ঝাৰিয়াত ৯৪.৩৯ শতাংশ জনসংখ্যা চাওঁতাল, মুণ্ডা, তাঁতী আৰু লোহাৰ সম্প্ৰদায়ৰ; সংখ্যাগৰিষ্ঠ, ৯৪ শতাংশই চাওঁতাল। বেছিভাগ মানুহেই দিন-হাজিৰা কৰা লোক, আৰু কিছুমানৰ দুই-এবিঘা মাটি আছে য’ত তেওঁলোকে বৰ্ষানিৰ্ভৰ খেতি কৰে, নিজৰ ঘৰৰ বাবে ধান খেতি কৰে।

“দেউতা দিৱাৰাম বাস্কে দিন-হাজিৰা কৰা লোক আৰু তেওঁ সাধাৰণতে মাটিৰ তলৰ কেবল খন্দা কাম পায়। কাম পোৱা দিনবোৰত তেওঁ দিনে ৩০০-৩৫০ টকা দৰমহা পায়। আমাৰ পৰিয়ালটো তেওঁৰ মজুৰিৰ ওপৰত নিৰ্ভৰশীল। আমাৰ মোৰ দেউতাৰ ফালৰ প্ৰায় সাত একৰ মাটি আছে, কিন্তু সেই মাটিখিনি শিলাময়।

“মোৰ মা মালতি বাস্কেয়ে ঘৰখন চায় আৰু প্ৰায়ে খৰি বিচাৰি হাবিলৈ যাবলগীয়া হয়। তেওঁৰ অনুপস্থিতিত মই ঘৰখনৰ যত্ন লওঁ আৰু এনেকৈ প্ৰায়ে স্কুল খতি হয়। মায়ে বাবলু চাচাৰ [দেউতাৰ ভায়েক] চাহৰ দোকানত ৰন্ধা-বঢ়া কৰে। বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ এদিনতে ৫০-৬০ টকা উপাৰ্জন কৰিব পাৰিছিল। দেউতাই যেতিয়া মজুৰিৰ কাম নাপায়, তেতিয়া তেওঁ বাবলু চাচাক সহায় কৰে। যদিও চাচা আমাৰ সম্প্ৰদায়ৰ নহয়, তথাপি তেওঁ আমাৰ পৰিয়ালৰ অতিকৈ আপোন।”

Morning school assembly at Bhatin Middle School
PHOTO • Rahul

ভাটিন মাধ্যমিক বিদ্যালয়ৰ পুৱাৰ প্ৰাৰ্থনাৰ সময়ত

ক’ভিড-১৯ৰ সময়ত চৰকাৰী প্ৰতিষ্ঠানত অধ্যয়ন কৰা ৮৭ শতাংশৰে স্মাৰ্টফোনৰ সুবিধা নাছিল, গ্লুম ইন দা ক্লাছৰুম: দা স্কুলিং ক্ৰাইচিছ ইন ঝাৰখণ্ড শীৰ্ষক স্কুলীয়া শিক্ষাৰ প্ৰতিবেদনত এই কথা কোৱা হৈছে। অৰ্থনীতিবিদ জ্যা ড্ৰেজে পাৰিক জনায় যে, “ক’ভিড-১০ সংকটৰ সময়ত সুবিধাবিহীন আৰু আদিবাসী ছাত্ৰ-ছাত্ৰীসকলক স্কুলীয়া শিক্ষা ব্যৱস্থাই অসহায় কৰি তুলিছিল। আমি সম্পূৰ্ণৰূপে অনলাইন শিক্ষাৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছিল, দুখীয়া ল’ৰা-ছোৱালীৰ প্ৰতি ই আছিল অন্যায়।”

*****

“ডিচেম্বৰ মাহটো মাত্ৰ আৰম্ভ হৈছিল, আৰু আমাৰ স্কুলে আয়োজন কৰা বৰদিনৰ বনভোজত যাব পাৰিম নে নাই, তাকে লৈ চিন্তা লাগিছিল। মোৰ সঁচাকৈয়ে সহপাঠীসকলৰ লগত জামছেদপুৰৰ দিমনা বান্ধলৈ যাবলৈ মন গৈছিল। কিন্তু তাৰবাবে গাইপতি ২০০ টকা দিব লাগে আৰু ঘৰৰ মানুহৰ ইমানখিনি দিবপৰা সামৰ্থ্য নাছিল। সেইবাবেই মই মা-দেউতাৰ পৰা পইচা নিবিচাৰিলো। আন কাৰোবাৰ খেতিপথাৰত ধান চপোৱাৰ বাবে দিনটোত ১০০ টকা মই পাইছিলো। এইদৰে মই কষ্টৰে ২০০ টকা গোটালো আৰু বনভোজৰ খৰচ নিজেই যোগাৰ কৰিলো। স্কুলৰ বন্ধু-বান্ধৱীৰ সৈতে বান্ধলৈ গৈ বৰ ভাল লাগিছিল।

“ক’ৰোনা মহামাৰীৰ সময়ত আমাৰ বিদ্যালয়খন বন্ধ আছিল আৰু যোৱা বছৰহে খুলিছিল। লকডাউনৰ সময়ত মই ভালদৰে পঢ়িব পৰা নাছিলো, আৰু শেষৰ পৰীক্ষাবোৰতো বেয়া নম্বৰ পাইছিলো। কিন্তু এইবাৰ মই কঠোৰ পৰিশ্ৰম কৰিছো আৰু ভাল নম্বৰ পাবলৈ প্ৰাণে-পণে চেষ্টা কৰিছো।

“এইবাৰ মোৰ পৰীক্ষা শেষ হ’লে আৰু বেছি পঢ়িবলৈ যাদুগৌড়ালৈ যাব লাগিব, মোৰ গাঁৱৰ পৰা প্ৰায় ৭-৮ কিলোমিটাৰ দূৰত। তাত হাইস্কুলত নামভৰ্তি কৰিম।

“ডাঙৰ হ’লে মই আৰক্ষী বিষয়া নাইবা উকীল হ’ব খোজো।”

অনুবাদ: পংকজ দাস

Rahul

ରାହୁଲ ହେଉଛନ୍ତି ଝାଡଖଣ୍ଡର ଜଣେ ସ୍ୱାଧୀନ ରିପୋର୍ଟ। ସେ ପଶ୍ଚିମର ଝାଡଖଣ୍ଡ, ବିହାର ଓ ପଶ୍ଚିମବଙ୍ଗ ଆଦି ରାଜ୍ୟର ପରିବେଶଗତ ସମସ୍ୟା ବିଷୟରେ ରିପୋର୍ଟ ପ୍ରସ୍ତୁତ କରନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Rahul
Editor : Devesh

ଦେବେଶ ଜଣେ କବି, ସାମ୍ବାଦିକ, ଚଳଚ୍ଚିତ୍ର ନିର୍ମାତା ଓ ଅନୁବାଦକ। ସେ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍‌ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆରେ ହିନ୍ଦୀ ଭାଷା ସମ୍ପାଦକ ଓ ହିନ୍ଦୀ ଅନୁବାଦ ସମ୍ପାଦକ।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Devesh
Editor : Sanviti Iyer

ସନ୍ୱିତୀ ଆୟାର ପିପୁଲ୍ସ ଆର୍କାଇଭ ଅଫ୍‌ ରୁରାଲ ଇଣ୍ଡିଆରେ ଜଣେ ବିଷୟବସ୍ତୁ ସଂଯୋଜିକା ଭାବେ କାର୍ଯ୍ୟ କରୁଛନ୍ତି। ଗ୍ରାମୀଣ ଭାରତର ପ୍ରସଙ୍ଗ ଉପରେ ଦସ୍ତାବିଜ ସଂଗ୍ରହ କରିବା ଏବଂ ରିପୋର୍ଟ ପ୍ରସ୍ତୁତ କରିବାରେ ସହାୟତା ଲାଗି ସେ ମଧ୍ୟ ଛାତ୍ରଛାତ୍ରୀଙ୍କ ସହ କାମ କରିଥାନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Sanviti Iyer
Translator : Pankaj Das

ପଙ୍କଜ ଦାସ ପିପୁଲ୍ସ ଆର୍କାଇଭ୍ ଅଫ୍ ରୁରାଲ୍ ଇଣ୍ଡିଆର ଆସାମ ଭାଷାର ଜଣେ ଅନୁବାଦ ସମ୍ପାଦକ। ସେ ଗୌହାଟିର ବାସିନ୍ଦା, ସେ ମଧ୍ୟ ଜଣେ ଦକ୍ଷ ଅନୁବାଦକ ଯେ କି ୟୁନିସେଫ୍ ସହିତ କାର୍ଯ୍ୟ କରନ୍ତି। ସେ idiomabridge.blogspot.comରେ ଶବ୍ଦଚାତୁରୀରେ ପ୍ରଦର୍ଶନ କରିବାକୁ ଭଲପାଆନ୍ତି।

ଏହାଙ୍କ ଲିଖିତ ଅନ୍ୟ ବିଷୟଗୁଡିକ Pankaj Das