পটৰ গান এটা ৰচনা কৰাই পটচিত্ৰ অংকনৰ প্ৰথমটো ঢাপ। "আঁকিবলৈ আৰম্ভ কৰাৰ আগতে, আমি গীতটোৰ স্তৱক সৃষ্টি কৰোঁ... ইয়াৰ ছন্দই চিত্ৰাংকন প্ৰক্ৰিয়াক এক গাঁথনি প্ৰদান কৰে," মামণি চিত্ৰকাৰে এইদৰে কয়। নিজৰ ঘৰত বহি এই অষ্টম প্ৰজন্মৰ শিল্পীগৰাকীয়ে পশ্চিমবংগৰ পূব কলকাতা আৰ্দ্ৰভূমিৰ বৰ্ণনাৰে এখন পটচিত্ৰ নিৰ্মাণ কৰি আছে।
এই কলাবিধে সংস্কৃত শব্দ 'পাট্টা' বা কাপোৰৰ টুকুৰা আৰু 'চিত্ৰ' বা চিত্ৰকলাৰ পৰা নিজৰ নামটো আহৰণ কৰিছে। মামণিয়ে আৰ্দ্ৰভূমিৰ দ্বাৰা প্ৰতিপালিত জটিল পৰিৱেশতন্ত্ৰৰ ছবি অংকন কৰি থকাৰ সময়তে তেওঁ পটচিত্ৰৰ প্ৰদৰ্শনৰ সৈতে জড়িত পটৰ গীতো গুণগুণায়৷ মামণিৰ স্বৰচিত এই গীতটো এটা নিমন্ত্ৰণেৰে আৰম্ভ হয়: "শুনা, সকলোৱে শুনা, মনোযোগেৰে শুনা"।
গীতটোত বৰ্ণিত হৈছে পূব কলকাতা আৰ্দ্ৰভূমিৰ তাৎপৰ্য্য, যি "বহুতৰ জীৱনৰেখা"। মাছমৰীয়া, কৃষক আৰু বৰ্ণিল পথাৰবোৰ এখন পটত অংকন কৰা হয় আৰু সেইবোৰ হ’ল কাপোৰৰ ওপৰত লগোৱা কাগজৰ নুৰা (স্ক্ৰ'ল)। যেতিয়া প্ৰদৰ্শনৰ সময়ত অন্তিম পৃষ্ঠাটো লুটিয়াই দিয়া হয়, চিত্ৰকলাৰ অংশবোৰ গানটোৰ স্তৱকৰ সৈতে খাপ খাই পৰে। এনেদৰে, মামণিৰ কলাই চিত্ৰকলা আৰু সংগীতৰ জৰিয়তে আৰ্দ্ৰভূমিৰ কাহিনী বৰ্ণনা কৰে।
পশ্চিম মেদিনীপুৰৰ পিংলা তালুকাত অৱস্থিতনয়া গাঁৱৰ বাসিন্দামামণিৰ গাওঁখনত প্ৰায় ৪০০ গৰাকী শিল্পীয়ে বাস কৰে, এয়া তেওঁৰ অনুমানমতে ৷ এই তালুকৰ এই গাঁওখনৰ বাহিৰে আন কোনো গাঁৱত পটচিত্ৰ নিৰ্মাণ কৰা শিল্পীসকলৰ এনে উচ্চ ঘনত্বত বসবাস নকৰে।৩২ বছৰীয়া শিল্পীগৰাকীয়ে পাত, বন্য জন্তু আৰু ফুলৰ অংকনৰ বিষয়ে উল্লেখ কৰি কয়, "গাওঁখনৰ প্ৰায় ৮৫ টা ঘৰৰ দেৱালত মুৰাল আছে। তেওঁ লগতে কয়, "আমাৰ গোটেই গাওঁখনেই দেখাত ধুনীয়া।’’











