আমোল বাৰ্দেৰ ‘আইচ’লেচন কোঠা’টো মৰাপাটৰ ঠাৰিৰ বেৰ দিয়া আৰু দৰ্জাখন ভগা। প্লাষ্টিকৰ চালিখন উৰুখিছে, শিল-মাটিৰে মজিয়াখন অসমান।
১ মে’ৰ দিনা ক’ভিড পজিটিভ হোৱাৰ পিছত মহাৰাষ্ট্ৰৰ শিৰুৰ তালুকৰ এই আওহতীয়া ঠাইৰ পঁজাঘৰটোত আমোলে আইচ’লেচনত থাকিবলৈ লয়।
মে’ৰ উৎকট গৰমত ১৯ বছৰ বয়সীয়া আমোলে সেই পঁজাটোৰ ভিতৰত সোমাই থকাটো তেনেই অসম্ভৱ, সেয়ে তেওঁ কেইহাতমান দূৰত থকা আহত গছজোপাৰ তলতে আশ্ৰয় লৈছে। “পুৱা ১১ বজাৰ পৰা আবেলি ৪ বজালৈ মই প্লাষ্টিকৰ ঢাৰি এখন পাৰি গছজোপাৰ তলত শোও,” তেওঁ কয়।
১ মে’ৰ দিনা ১৯ বছৰ বয়সীয়া আমোলৰ জ্বৰ উঠিল, মুৰ আৰু গাৰ বিষত থাকিব নোৱাৰি তেওঁ ততালিকে তেওঁৰ ঘৰৰ পৰা ১২ কিলোমিটাৰ দূৰৰ শিৰুৰ গ্ৰামীণ হস্পিতাললৈ কেইজনমানে লগ লাগি ভাড়া কৰা জীপ এখনত যায়গৈ।
ৰেপিড এণ্টিজেন পৰীক্ষাত আমোলৰ পজিটিভ ধৰা পৰাত কি কৰিব লাগিব বুলি তেওঁ ডাক্তৰক সুধিলে। “ডাক্তৰে ১০ দিনৰ দৰৱ লৈ পৰিয়ালৰ পৰা দূৰত পৃথকে কোঠা এটাত ১৪-১৫ দিনৰ বাবে থাকিবলৈ পৰামৰ্শ দিলে,” আমোলে কয়।
“তাত বিচনা নাছিল,” তেওঁ কয়। শিৰুৰ গ্ৰামীণ হস্পিতালত অক্সিজেনৰ সুবিধা থকা ২০ খন বিচনা, ১০ খন আইচ’লেচন বিচনা (চিকিৎসা অধীক্ষকজনে তাত মোক কোৱা অনুসৰি) আছে। সেয়ে আমোলে ডাক্তৰৰ নিৰ্দেশ মানি হস্পিতালৰ কাষৰে ফাৰ্মাচী এখনৰ পৰা দৰৱখিনি কিনি আনিলে। নিজৰ সৰু পঁজাটোত একাষৰীয়াকৈ থকাটো সম্ভৱ নাছিল কাৰণে তেওঁ চুবুৰীয়াৰ খালি হৈ থকা পঁজাটোত থাকিবলৈ ল’লে। “তেওঁলোকে এপ্ৰিলত কিছুমাহৰ কাৰণে কামলৈ বুলি ওলাই গৈছিল। মোৰ ক’ৰ্ছ (ক’ভিডৰ চিৎকিসা) শেষ নোহোৱা পৰ্য্যন্ত ইয়াতে থকাৰ অনুমতি বিচাৰি মই ফোন কৰিছিলো,” আমোলে কয়।










