নেলী তেজেৰ ৰাঙলী হৈ পৰা দিনটো আছিল ১৮ ফেব্ৰুৱাৰী, ১৯৮৩ চন। ৰছিদা বেগমৰ বয়স আছিল তেতিয়া মাত্ৰ আঠ বছৰ। “সিহঁতে আমাক সকলো ফালৰ পৰা ঘেৰি ধৰি এটা দিশে খেদি নিছিল। কাঁড় মাৰিছিল, কিছুমানৰ হাতত বন্দুকো আছিল। তেনেকৈ সিহঁতে মানুহ মাৰিছিল। কিছুমানৰ গল কটা গৈছিল, কিছুমানক বুকুতে আঘাত হনা হৈছিল,” তেওঁ মনত পেলায়।
সেইদিনা ছঘণ্টাৰ ভিতৰতে বংগমূলীয় হাজাৰ হাজাৰ মুছলমান লোকক মধ্য অসমৰ মৰিগাওঁ জিলাত হত্যা কৰা হৈছিল। গুৰুতৰভাবে ক্ষতিগ্ৰস্ত হোৱা গাওঁকেইখন আছিল আলিশিংগা, বসুন্ধাৰি জালাহ, বৰবৰি, ভুগডুবা বিল, ভুগডুবা হাবি, খোলাপথাৰ, মাটিপৰ্বত, মুলাধাৰি, নেলী আৰু শিলভেটা। চৰকাৰী তথ্য অনুযায়ী মৃতকৰ সংখ্যা প্ৰায় ২,০০০; কিন্তু বেচৰকাৰী তথ্য মতে প্ৰায় ৩ৰ পৰা ৪ হাজাৰ লোক সেই গণহত্যাৰ বলি হৈছিল।
ৰছিদা, ঘৰত যাক ৰুমী বুলিও মাতে, তেওঁ বাচি গ’ল। কিন্তু চকুৰ আগত দেখিলে কেনেকৈ তাইৰ চাৰি ভনীক হত্যা কৰা হ’ল আৰু মাকে গুৰুতৰভাবে আঘাত পালে। “সিহঁতে মোক শেল এপাতেৰে আক্ৰমণ কৰিছিল, কঁকালত গুলিয়াইছিল। ভৰিৰ মঙহ ফালি গুলি এটা ওলাই গৈছিল,” তেওঁ মনত পেলালে।
১৯৭৯ৰ পৰা ১৯৮৫লৈ অসমত বিদেশী খেদা আন্দোলনৰ উত্থানৰ সময়ত সংঘটিত হোৱা গোষ্ঠীসংঘৰ্ষ তুগংত উঠাৰ সময়তে এই গণহত্যা হৈছিল। আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্থা আৰু মিত্ৰজোঁট বন্ধা সংগঠনসমূহে। তেওঁলোকৰ দাবী আছিল ৰাজ্যখনৰ পৰা বিদেশী বহিষ্কৰণ আৰু ভোটাৰ তালিকাৰ পৰা সেইসকলৰ নাম আঁতৰোৱা।


