'সুৰাৰ বিপণী চাহৰ দোকানৰ দৰে সকলোতে বিয়পি পৰিছে। প্ৰথমাৱস্থাত বিপণীবোৰ দুৰে দুৰে আছিল, বিপণীলৈ যোৱাটো সিমান সহজ নাছিল। কিন্তু এতিয়া এখন দোকান ইয়াৰ পৰা তিনি কিলোমিটাৰ দুৰতে বহিছে। আপুনি নিজে খোজকাঢ়ি নাযায় যদি, অটোৰিক্সা চালকে আপোনাৰ ঘৰত দি থৈ যাবহি।’
সেয়ে আজি ১৮ এপ্ৰিলত কট্টুনায়কন জনগোষ্ঠীৰ ৩২ বৰ্ষীয় এম. ভি. শান্তিনীয়ে লোকসভা নিৰ্বাচনত ভোট দিয়াৰ কাৰণে জনশূন্য বোকা-পানীৰে ভৰা কদৰ্য ৰাস্তাটোৰে দুই কিলোমিটাৰ বাট বাই নিজৰ ঘৰৰ পৰা চৰকাৰী স্কুললৈ যাব, তেতিয়া তেঁও এটা কথাৰ বাবেই অনুৰোধ জনাবঃ 'আপুনি যদি চৰকাৰ গঠন কৰে তেন্তে অনুগ্ৰহ কৰি সুৰাই থান-বান কৰা পৰিয়ালবোৰৰ শান্তি ঘুৰাই আনে যেন।’
১৫-১৭ ঘৰ পৰিয়াল থকা মাছিকোল্লীৰ নিবাসী শান্তিনীয়ে কয় যে নিৰ্বাচনত প্ৰাৰ্থী কোন উঠিছে তাই নাজানে। মুদুমলাই ব্যাঘ্ৰ সংৰক্ষিত এলেকাৰ দাঁতিতে থকা গুডালুৰ খণ্ডৰ দেবৰশৌলা নগৰ পঞ্চায়তৰ অধীনত নীলগিৰি লোকসভা সমষ্টিত তেঁওৰ ঘৰ পৰে। ২০১৪ত এইটো সমষ্টিত ভোটদাতাৰ সংখ্যা (পঞ্জীয়ন থকা) প্ৰায় ১২.৭০ লাখ আছিল।
কিন্তু শান্তিনীয়ে এই কথা লৈ স্পষ্ট যে জয়ী প্ৰাৰ্থীজনে তেঁওলোকৰ জীৱন উন্নত কৰিবলৈ কি কৰিব পাৰে। ৰাজ্যৰ নিম্ন আয়সম্পন্ন পৰিয়ালৰ অইন বহু মহিলাৰ দৰে শান্তিনীয়েও বৰমতা দেখুওৱা সুৰাৰ পৰা যাতনা ভুগিবলগীয়া হৈছে। তামিলনাডুৰ ৰাজ্যিক বিপণন নিগম (Tamil Nadu State Marketing Corporation চমুকৈ TASMAC)এ ২০০২ৰ পিছৰেপৰা ৰাজ্যখনত সুৰাৰ পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ একাধিকাৰ ৰাজত্ব কৰি আহিছে।
'আমাৰ গিৰিবোৰৰ বেছিভাগেই খেতিপথাৰত হাজিৰা কৰে, মজুৰীৰ আটাইখিনি টকা মদ খাই শেষ কৰে। হাজিৰা কৰি পোৱা ২৫০ টকাৰে মদ খোৱাৰ পিছত পৰিয়ালৰ কাৰণে খাদ্যৰ যোগাৰ কৰাৰ পইছা নাটে। তেতিয়াই ঘৰত পৰিস্থিতি ভয়ানক হৈ পৰে,’ পানীত হাঁহ নচৰা অৱস্থা হোৱা শান্তিনীয়ে কয়। তাই নিজৰ তিনিটা সন্তানৰ চোৱা-চিতাতে দিনটো কটায়, ডাঙৰটো ল’ৰাৰ বয়স ১০ বছৰ।






