প্ৰত্যেক ৰাতিপুৱা খহনীয়া আৰু পানীত বুৰ যোৱাৰ শংকাৰ মাজতে ডুবি থকা বিভিন্ন চৰৰপৰা ভুটভুটিবোৰেৰে দিনহাজিৰা কৰা শ্ৰমিকবোৰ ধুবুৰী জিলাস্থিত ধুবুৰী চহৰলৈ আহে। ধুবুৰীত গদাধৰ উপনৈ আৰু ব্ৰহ্মপুত্ৰৰ বোৱতী সোঁতত ভাঁহি অহা চুবুৰীয়া ৰাজ্য বিশেষকৈ মেঘালয়ৰ বাহেৰে সজা অস্থায়ী ভেলবোৰো ইয়াতে উপস্থিত হয়।
কিন্তু এই সংগমস্থলীতে জীৱিকাৰ সংকটে দেখা দিছে। বিগত দুটা দশকত বাঁহৰ চোঁচৰ চাহিদা কমি আহিছে। বাঁহৰ চোঁচেৰে ফেঞ্চিং, পেনেল, বাহৰ বেৰ আদি বনোৱাৰ লগতে কাঠৰ প্লাইবৰ্ড তৈয়াৰ কৰা কামতো এই চোঁচ ব্যৱহাৰ কৰা হয়। কিন্তু ইঠাইৰপৰা সিঠাইলৈ ঘৰ স্থানান্তৰ কৰি ফুৰিবলগা অসমৰ চৰাঞ্চলৰ প্ৰায়ভাগ বাসিন্দাই আজিকালি বাঁহৰ চোঁচ আৰু খেৰৰ চালি দিয়া ঘৰৰ পৰিৱৰ্তে এক নতুন ধৰণৰ টিনৰ চালি-বেৰ দিয়া ঘৰ সাজি থাকিবলৈ লৈছে। নিৰন্তৰ বানপানী আৰু খহনীয়াৰ পৰা বাচি থাকিবপৰাকৈ এই ঘৰবোৰ খুলি-মেলি আন ঠাইলৈ লৈ যাব পাৰি। পশ্চিমবংগ আৰু বিহাৰতো বাঁহৰ চোঁচৰ চাহিদা কমি আহিছে। সেইবোৰ ৰাজ্যতো ইটা আৰু টিনপাত দি কম খৰচতে ঘৰ বনোৱাৰ বিকল্প আহি পৰাত এনে হ'বলৈ পাইছে।











