গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম, অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল। ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে। বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে।
জীৱনজুৰি হাউলি থকা
দুপৰীয়াৰ তীক্ষ্ণ ৰ'দত অণ্ঠ-কণ্ঠ শুকাই যোৱাত তেওঁ বিজয়নগৰমত ক্ষন্তেক সময় ৰৈছিল। কিন্তু আগৰ দৰেই বেঁকা হৈয়েই ৰৈছিল। তেওঁ জানিছিল যে কিছু মুহূৰ্তৰ ভিতৰতে পুনৰ কাম আৰম্ভ কৰিব লাগিব – একেটা ভংগিমাত।
কাজুৰ এই খেতপথাৰত তেওঁৰ গাঁৱৰ মহিলাৰ আন দুটা গোটেও কাম কৰি আছিল। খেতিপথাৰৰ পৰা দুই কিলোমিটাৰ দূৰৈত এটা দলে তেওঁলোকৰ ঘৰৰ পৰা দুপৰীয়াৰ আহাৰ আৰু পানী লৈ আহিছিল। আনটো গোটে বিপৰীত দিশত কাম কৰি আছিল। আটাইকেইগৰাকীয়ে হাউলি কাম কৰি আছিল।
ওড়িশাৰ ৰায়গড়ত অৱস্থিত এই পথাৰখনত পুৰুষো আছিল। লেঞ্চৰ মাজেৰে চাবলৈ গ’লে এয়া এক আশ্চৰ্যকৰ দৃশ্য আছিল। সকলো পুৰুষ থিয় হৈ আছিল৷ আনহাতে মহিলাসকল হাউলি আছিল৷ ওড়িশাৰ নোৱাপাৰাত বৰষুণেও এই মহিলাগৰাকীক অপতৃণ আঁতৰ কৰাত বাধা দিব পৰা নাছিল। ছাতি এটাৰ তলত থাকি তেওঁ হাউলি কাম কৰি গৈছিল।








