গ্ৰামাঞ্চলৰ মহিলাই কৰা কামৰ বিশাল পৰিসৰ দেখুওৱাৰ উদ্দেশ্যে দৃশ্যমান কাম , অদৃশ্য নাৰী, এক আলোকচিত্ৰ প্ৰদৰ্শনী শীৰ্ষক শিতানৰ এয়া এটা পেনেল । ইয়াৰ আটাইবোৰ আলোকচিত্ৰ ১৯৯৩ৰ পৰা ২০০২ চনৰ ভিতৰত পি সাইনাথে ভাৰতৰ ১০ খন ৰাজ্য ঘূৰি তুলিছে । বহুবছৰ ধৰি দেশৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শিত প্ৰদৰ্শনীৰ আলোকচিত্ৰবোৰ পাৰিয়ে সৃষ্টিশীলতাৰে ডিজিটাইজ কৰি আপোনালৈ আগবঢ়াইছে ।
ইটা , কয়লা আৰু পাথৰ
উদং ভৰি, মূৰত তপত ইটাৰ বোজা কঢ়িয়াই তেওঁলোক শাৰী পাতি আগবাঢ়ে। তেওঁলোক হ’ল অন্ধ্ৰ প্ৰদেশৰ এটা ইটাভাতীত কাম কৰি থকা ওড়িশাৰ শ্ৰমিক। বাহিৰত তাপমান বৰ্তমান ৪৯ ডিগ্ৰী চেলছিয়াছ। কিন্তু মহিলাসকলে অধিক সময় কাম কৰা ভাটিটোৰ পাগশালৰ চৌপাশৰ উষ্ণতা তাতোকৈ বহুবেছি।
গোটেই দিনটো কাম কৰাৰ পিছত, প্ৰতিগৰাকী মহিলাই ১০-১২ টকাৰ মজুৰি লাভ কৰে, যি পুৰুষে লাভ কৰা প্ৰতিদিনৰ মজুৰিতকৈও ১৫-২০ টকা কম। ঠিকাদাৰসকলে 'আগতীয়াকৈ' পৰিশোধ কৰি এনে প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গোটেই পৰিয়ালটো ইয়ালৈ লৈ আনে। এনে ঋণৰ বাবে, এই প্ৰব্ৰজনকাৰী শ্ৰমিকসকল ঠিকাদাৰৰ সৈতে বান্ধ খাই থাকে আৰু প্ৰায়ে তেওঁলোক বন্ধক শ্ৰমিক হৈ পৰে। ইয়ালৈ অহা লোকসকলৰ নব্বৈ শতাংশই ভূমিহীন বা উপান্ত কৃষক।
ন্যূনতম মজুৰী আইন দেখা-দেখিকৈ উলংঘা কৰা স্বত্বেও এই শ্ৰমিকসকলৰ কোনোৱে অভিযোগ কৰিব নোৱাৰে। প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে প্ৰস্তুত কৰা আওপুৰণি আইনে তেওঁলোকক সুৰক্ষা প্ৰদান নকৰে। উদাহৰণ স্বৰূপে, এই আইনে অন্ধ্ৰ প্ৰদেশৰ শ্ৰম বিভাগক ওড়িয়া শ্ৰমিকসকলক সহায় কৰিবলৈ বাধ্য নকৰে। আৰু ওড়িশাৰ শ্ৰমিক বিষয়াসকলৰ অন্ধ্ৰ প্ৰদেশত কোনো ক্ষমতা নাই। বন্ধকী শ্ৰমৰ বাবে, ইটাভাতীত কাম কৰা বহুতো মহিলা আৰু যুৱতী যৌন উৎপীড়নৰো ভুক্তভোগী হয়।
এই অকলশৰীয়া মহিলাগৰাকীয়ে মাটি আৰু বোকাৰ মাজেৰে যি পথেৰে খোজ কাঢ়ি গৈ আছে সেয়া হৈছে ঝাৰখণ্ডৰ গোড্ডা জিলাৰ এটা মুকলি কয়লা খনিৰ লগতে এটা আৱৰ্জনাৰ স্তূপ। (তলৰ সোঁফালে) অঞ্চলটোৰ আন বহুতো মহিলাৰ দৰে, তেঁৱো এই আৱৰ্জনাৰ পৰা বৰ্জ্য কয়লা বাচি উলিয়ায় যাক সামান্য টকা উপাৰ্জন কৰিবলৈ ঘৰুৱা ইন্ধন হিচাপে বিক্ৰী কৰিব পাৰি। যদি এওঁলোকে ইয়াক বাচি নুলিয়ায়, এই কয়লা অব্যৱহৃত হৈ আৱৰ্জনাতে থাকি যাব। ইয়াৰ দ্বাৰা তেওঁ দেশৰ বাবে শক্তি সঞ্চয় কৰিছে সঁচা কিন্তু আইনৰ দৃষ্টিত এয়া এক অপৰাধ।
এই মহিলাগৰাকী চট্টিশগড়ৰ সৰগুজাত বাস কৰে। তেওঁৰ পৰিয়ালে ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে ঘৰৰ চাঁদখন প্ৰায় হেৰুৱাইছিল। তেওঁলোকৰ ওচৰত চাঁদৰ কেৱল খাপৰিবোৰহে বাকী আছিল, যিবোৰ বিক্ৰী কৰি তেওঁলোকে কিছু ধন সংগ্ৰহ কৰিব পাৰিলেহেঁতেন আৰু ঋণৰ কিস্তি পৰিশোধ কৰিব পাৰিলেহেঁতেন; গতিকে তেওঁলোকে তেনেদৰেই কৰিছিল। আৰু এতিয়া এই মহিলাগৰাকীয়ে নতুন খাপৰি নিৰ্মাণ কৰিছে, যাতে সেইবোৰ পুৰণি খাপৰিৰ সৈতে সলনি কৰিব পৰা যায়।
তামিলনাডুৰ পুডুকট্টাই জিলাৰ পৰা এই শিল ভঙা মহিলাসকলৰ কাহিনী অতিশয় আশ্চৰ্যজনক (তলত বাঁওফালে)৷ ১৯৯১ চনত, প্ৰায় ৪,০০০ অতিশয় দৰিদ্ৰ মহিলাই খনিবোৰৰ নিয়ন্ত্ৰণ লাভ কৰিছিল য'ত তেওঁলোকে পূৰ্বে বন্ধক শ্ৰমিক হিচাপে কাম কৰিছিল। সেই সময়ত স্থানীয় প্ৰশাসনে লোৱা কঠোৰ পদক্ষেপৰ দ্বাৰা এয়া সম্ভৱ হৈছিল। নৱশিক্ষিত মহিলাসকলৰ দ্বাৰা সংগঠিত কাৰ্যই ইয়াক বাস্তৱত পৰিণত কৰিছিল। আৰু খনিৰ এই মহিলাসকলৰ পৰিয়ালৰ জীৱন নাটকীয়ভাৱে উন্নত হৈছিল। চৰকাৰে এই পৰিশ্ৰমী নতুন 'মালিক' মহিলাসকলৰ পৰাও বৃহৎ ৰাজহ উপাৰ্জন কৰিছিল। কিন্তু ঠিকাদাৰসকলে পৰিৱৰ্তনৰ এই প্ৰক্ৰিয়াটোৰ ওপৰত এক নিৰ্মম আক্ৰমণ চলাইছিল, এওঁলোকে পূৰ্বে অঞ্চলটোত অবৈধ খনন কৰিছিল। ইয়াৰ দ্বাৰা তেওঁলোকৰ অতিশয় কষ্ট হৈছিল। তথাপিও বহুতো মহিলাই এতিয়াও উন্নত জীৱনৰ বাবে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰাখিছে।
সূৰ্যাস্তৰ বিপৰীত দিশত খোজ কাঢ়ি (তলত) এই মহিলাসকলে গোড্ডাৰ মুক্ত কয়লা খনিৰ কাষৰ আৱৰ্জনা পথাৰ অতিক্ৰম কৰি আহিছে। তেওঁলোকে গোটেই দিনটো যিমান পাৰে সিমান বৰ্জ্য কয়লা বাচি উলিয়াইছিল আৰু বাৰিষাৰ ডাৱৰে তেওঁলোকক মাটি আৰু বোকাত লুতুৰি-পুতুৰি কৰাৰ পূৰ্বেই তেওঁলোকে ইয়াৰ পৰা ওলাই আহিছে। খনি আৰু কুঁৱেৰীত কাম কৰা মহিলাৰ সংখ্যাৰ চৰকাৰী গণনা অৰ্থহীন। ইয়াৰ কাৰণ হৈছে অবৈধ খনি আৰু ইয়াৰ পৰিধিত বিপদজনক আৰু মাৰাত্মক কাম কৰা বহুতো মহিলা শ্ৰমিকক গণনা কৰা নহয়। এই মহিলাসকলৰ দৰে, যি আৱৰ্জনা পথাৰৰ পৰা ওলাই আহিছে, যদি তেওঁলোকে দিনটোৰ শেষত ১০ টকাও উপাৰ্জন কৰিছে, তেওঁলোকক ভাগ্যৱান বুলি বিবেচনা কৰা হয়।
ইয়াৰ পিছতো তেওঁলোকে খনিত বিস্ফোৰণ, বিষাক্ত গেছ, শিলৰ ধূলি আৰু বায়ুৰ পৰা উদ্ভৱ হোৱা অন্যান্য অশুদ্ধিৰ পৰা গুৰুতৰ ক্ষতিশংকাৰ সন্মুখীন হয়। কেতিয়াবা ১২০ টন ডাম্পাৰ ট্ৰাক খনিৰ কাষলৈ আহে আৰু খনন কৰা খনিবোৰৰ 'অতিৰিক্ত বোজা'বোৰ অৰ্থাৎ ওপৰৰ মাটিবোৰ পেলাই দিয়ে। আৰু কিছুমান দৰিদ্ৰ মহিলাই সেই মাটিৰ পৰা বৰ্জ্য কয়লা তুলিবলৈ দৌৰি যায়, তেওঁলোকে ইয়াৰ অন্তৰালত থকা ক্ষতিশংকাৰ বিষয়ে গুৰুত্বও নিদিয়ে।
অনুবাদ: মনোৰঞ্জন মজুমদাৰ