ভাৰতৰ কৃষিসংকট কৃষিক্ষেত্ৰৰ সীমা চেৰাই গৈ সৰ্বত্ৰে বিয়পিছে।
এয়া এক সামাজিক সমস্যা হৈ পৰিছে। বোধকৰো এয়া এক সভ্যতাৰ সংকট। তাৰে কবলত পৰা ক্ষুদ্ৰ খেতিয়ক শ্ৰেণী আৰু শ্ৰমিক শ্ৰেণীৰ লোকে তেঁওলোকৰ জীৱিকা ৰক্ষাৰ বাবে যুঁজ দিছে। কৃষিসংকটৰ বিষয়টো এতিয়া কেৱল ভূমি হেৰুওৱা দিশটোৰেই চালেই নহয়। তদুপৰি এয়া মানুহৰ জীৱন হেৰুওৱা, কাম বা উৎপাদনশীলতা হেৰুওৱাতে সীমাবদ্ধ হৈ থকা নাই। এয়া আমাৰ মানবীয়তাৰ ক্ষতি। আমাৰ মানবীয়তা ঠেক হৈ অহাৰ পৰিসৰৰ এয়া প্ৰতিফলন। এই দৃষ্টান্ত আমি হাত সাবতি বহি থাকি গঢ়িছো যেতিয়া বিগত দুটা দশকত বঞ্চিতজনৰ দুখ-দুৰ্গতিৰ সীমা নাইকিয়া হৈছে, ৩ লাখৰো অধিক কৃষকে আত্মহত্যা কৰিছে, আৰু আমি চাই ৰৈছো। এনে সময়তো কিছুমান 'প্ৰমুখ অৰ্থনীতিবিদে’ এনে কোনো সংকট উদ্ভৱে হোৱা নাই বুলি কোৱাৰ লগতে আমাৰ এই দুৰ্দশাক লৈ ব্যংগও কৰিছে।
ৰাষ্ট্ৰীয় অপৰাধ অভিলেখ ব্যুৰো (এনচিআৰবি)য়ে যোৱা দুবছৰ ধৰি কৃষকৰ আত্মহত্যাৰ ওপৰত তথ্য প্ৰকাশ কৰা নাই। তাৰে কেইবছৰমান আগতে ভালেমান প্ৰমুখ ৰাজ্যৰ ভুৱা ডেটাই সংস্থাটোৰ নিৰ্ধাৰিত পৰিসংখ্যাৰ বিকৃতি ঘটাইছে। উদাহৰণ স্বৰূপে চত্তীশগড় আৰু পশ্চিমবংগকে ধৰি ভালেকেইখন ৰাজ্যই তেঁওলোকৰ ৰাজ্যকেইখনত কৃষকৰ আত্মহত্যা 'শূন্য’ বুলি দাবী কৰিছিল। ২০১৪ চনত ১২ খন ৰাজ্য আৰু ৬খন কেন্দ্ৰীয় শাসিত অঞ্চলে তেঁওলোকৰ ঠাইত কৃষকৰ 'শূন্য আত্মহত্যা’ৰ দাবী কৰিছিল। ২০১৪ আৰু ২০১৫ চনৰ এনচিআৰবি প্ৰতিবেদনত সংখ্যা হ্ৰাস কৰাৰ বাবে পদ্ধতিৰ লজ্জাজনক সুৰুঙা ৰখা পৰিলক্ষিত হ’ল।
তৎস্বত্বেও এই সংখ্যা বাঢ়ি আহিছে।
এই সময়তে কৃষক আৰু শ্ৰমিকৰ প্ৰতিবাদ তুংগত উঠিছে। কৃষকক গুলিয়াই হত্যা কৰা হৈছে, মধ্যপ্ৰদেশত। চুক্তিৰে কৃষকক উপহাস কৰা হৈছে, প্ৰৱঞ্চনা কৰা হৈছে, মহাৰাষ্ট্ৰত। একেদৰে সমগ্ৰ দেশতে বিমুদ্ৰাকৰণৰ দৰে সকলো ক্ষেত্ৰতে বিলাই-বিপত্তিৰ সীমা নাইকিয়া কৰা হৈছে। দেশৰ গ্ৰামাঞ্চলত ক্ষোভ আৰু যাতনাৰে ক্লিষ্ট হৈছে কৃষক। একেদৰে শ্ৰমিক শ্ৰেণীও ক্ষোভিত হৈ পৰিছে, মনৰেগা আঁচনিৰ গুৰিতে আঁসোৱাহ থকাটোৱে তেঁওলোকক বিধ্বস্ত কৰিছে। মাছমৰীয়া, বনাঞ্চলৰ জাতি-জনজাতীয় লোক, কাৰিকৰ, শোষিত অংগনৱাড়ী কৰ্মী- সকলো হতাশ। যিসকলে চৰকাৰী বিদ্যালয়লৈ নিজৰ ল’ৰা-ছোৱালী পঠিয়াইছে, তেঁওলোকে উপলব্ধি কৰিছে যে ৰাজ্য চৰকাৰসমুহে নিজেই নিজৰ বিদ্যালয়বোৰৰ মৃত্যুঘণ্টা বজাইছে। তদুপৰি নিম্নশ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী আৰু পৰিবহন আৰু ৰাজহুৱা খণ্ডত কাম কৰাসকলকো বলিশাললৈ সাজু কৰা হৈছে।




