গুড়াপুৰী বালাৰাজুৱে নিজৰ অটোৰিক্সাখনৰ পিছৰ আসনখন আঁতৰাই থৈ প্ৰায় ৭০০ কিলোগ্ৰাম তৰমুজ বোজাই কৰি ল’লে। নিজ গাওঁ ভেমপাহাৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগৰ কোপ্পোলে গাঁৱৰ ভেল্লিদান্দুপাৰুৰ এজন কৃষকৰ পৰা তেওঁ তৰমুজবিলাক ক্ৰয় কৰিছিল।
তেওঁ নালাগাোণ্ডা জিলাৰ নিডামানুৰ মণ্ডলৰ বিভিন্ন গাঁৱত অটোৰিক্সাৰে ঘূৰি ঘূৰি তৰমুজ বিক্ৰী কৰে। ১ৰ পৰা ৩ কিলো ওজনৰ একোটা তৰমুজ তেওঁ ১০ টকাত বিক্ৰী কৰিছিল। বালাৰাজুৰ কাৰণে তৰমুজ বিক্ৰী কৰাৰ সেই দিনটো কষ্টসাধ্য আছিল, ফল-মূল বিক্ৰী কৰিবলৈ নাথাকিলে তেওঁ যাত্ৰীৰ ভাড়া মাৰে। গাওঁবাসীয়ে তেওঁ অহাৰ বাবে ভালেই পালে। ‘কিছুমানে তৰমুজক ক’ৰণা কায়া’ (ক’ৰণা তৰমুজ) বুলি ক’লে,’ ২৮ বছৰীয়া বালাৰাজুৱে ক’লে। ‘সিহঁতে ক’লে, ‘ইয়ালৈ নাহিবা, তুমি তৰমুজৰ লগত ভাইৰাছ আনিছা’।’
২৩ মাৰ্চৰ পিছত যেতিয়া তেলেংগানাত ক’ভিড-19 তলাবন্ধ আৰম্ভ হ’ল, তেওঁ তৰমুজ বিক্ৰী কৰি কোনোমতে দিনটোত ৬০০ টকা উপাৰ্জন কৰিছিল। তৰমুজৰ বতৰত তলাবন্ধৰ আগতে কেইসপ্তাহমান তেওঁ দৈনিক ১৫০০ টকা পৰ্যন্ত উপাৰ্জন কৰিছিল। সাধাৰণতে তেলেংগানাত জানুৱাৰী মাহত তৰমুজৰ খেতি আৰম্ভ হয় আৰু দুমাহৰ পাছত খেতি চপাবৰ হয়।
এফালে বিক্ৰী কমি আহিছে, আনহাতে মানুহে যিকোনো কথা ক’বলৈ আৰম্ভ কৰিছে। সেয়ে বালাৰাজুৱে ভাবিছে, ১ এপ্ৰিলত ক্ৰয় কৰা এই তৰমুজখিনি যেনেতেনে বিক্ৰী কৰিব পাৰিলে তেওঁ ঘৰৰ পৰা নোলায়। তেওঁৰ নিচিনাকৈ ক’ভিড-19 সংকটৰ বাবে বহুতো খেতিয়ক, শ্ৰমিক আৰু ব্যৱসায়ী, যিসকল তৰমুজ উৎপাদন আৰু ব্যৱসায়ত জৰিত, তেওঁলোকৰ বাবে এতিয়া অতি বেয়া সময়।
শ্ৰমিকসকল, বিশেষকৈ যিসকল মহিলা শ্ৰমিকে তৰমুজ গছৰ পৰা চিঙি ট্ৰাকত বোজাই কৰে, তেওঁলোক দিনমজুৰীৰ ওপৰত নিৰ্ভৰশীল। ১০ টনৰ এখন ট্ৰাক বোজাই কৰাৰ বাবে ৭-৮ গৰাকী মহিলা শ্ৰমিকে ৪০০০ টকা পায় সেই টকা তেওঁলোকে সমানে ভগাই লয়। বেছিভাগ দিনত এনে একোটা মহিলাৰ গোটে এদিনত দুখন ট্ৰাক বোজাই কৰে, কেতিয়াবা তিনিখন ট্ৰাকত বোজাই কৰিবলৈও সক্ষম হয়। তলাবন্ধৰ পাছত তেলেংগানাৰ বিভিন্ন চহৰলৈ ফলমূল পৰিবহন কৰা ট্ৰাকৰ আগমন হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ দিন-মজুৰীও হ্ৰাস পাইছে।










