তেওঁ ফুলবোৰ নিলকোট্টাই বজাৰলৈ নিয়ে। সেয়া চুবুৰীয়া দিণ্ডিগুল জিলাত, ইয়াৰ পৰা ৩০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। “মট্টুতৱানীৰ বজাৰখনো বেয়া নহয়। কিন্তু ভুল নুবুজিব, তাত আপুনি ফুল কিলো হিচাপত বিক্ৰী কৰিব পাৰে, নিলকোট্টাইত এয়া বস্তা হিচাপত বেচিব পাৰে। তাৰোপৰি বেপাৰীও আপোনাৰ কাষতে বহি থাকে। তেওঁলোকৰ হাতত টেব থাকে আৰু আপোনাক আকস্মিক খৰছ, উৎসৱ-পাৰ্বণৰ খৰছ আৰু কেতিয়াবা কীটনাশক আদি কিনিবলৈ অগ্ৰীম ধনো দিয়ে।”
পাণ্ডীৰ মতে কীটনাশক আৰু সাৰ ছটিওৱাটো গুৰুত্বপূৰ্ণ। তেওঁ চালিখনৰ তলত কাপোৰ সলাই হাফপেণ্ট আৰু পটি থকা টিচাৰ্ট এটা পিন্দিছে। খৰিকাজাঁইৰ প্ৰতি কোননো আকৰ্ষিত নহয়। কীটবোৰো তাৰে মাজৰেই। গণপতিৰ ঘৰত বিশেষজ্ঞ হিচাপে গণপতিৰ নিজৰ ল’ৰাটোৱে আছে। আনফালে পাণ্ডীয়ে ৰাসায়নিক দ্ৰব্য কিনিবলৈ দোকানলৈ যাব লাগে। তেওঁ মাটিত পৰি থকা খালি টেমা আৰু বটলবোৰ দেখুৱাই চালিখনৰ তলৰ পৰা টেংক আৰু স্প্ৰেয়াৰ উলিয়াই আনে। তাৰপিছত ৰোগৰ (এবিধ কীটনাশক) আৰু অস্তা (এবিধ সাৰ) উলিয়াই পানীত মিহলায়। এই মিশ্ৰণবিধ ছটিয়াবলৈ তেওঁক প্ৰতি একৰত ৫০০ টকা খৰছ কৰাৰ প্ৰয়োজন হয়। তেওঁলোকে প্ৰতি চতুৰ্থ-পঞ্চম দিনত এই কাম কৰে। “উৎপাদন ভালেই হওক বা মধ্যমীয়া, আপুনি সকলো বতৰতে ইয়াত কাম কৰিব লাগিব। আপোনাৰ হাতত ইয়াৰ কোনো বিকল্প নাই...”
তেওঁ প্ৰায় ২৫ মিনিট সময় পুলিবোৰৰ ওপৰত কীটনাশক ছটিয়ালে। সুৰক্ষাৰ নামত তেওঁ মুখত সূতাৰ মাস্ক এখন পিন্ধিছে। তেওঁ সেই ওজন থকা মেচিনটো পিঠিত লৈ জোপোহাবোৰৰ মাজে মাজে ঘূৰি প্ৰতিটো ফুল-পাতত পৰাকৈ সেই মিশ্ৰণ স্প্ৰে কৰিছে। পুলিবোৰ তেওঁৰ কঁকালৰ সমান হৈছে। সেই মিশ্ৰণটো তেওঁৰ গালে-মুখেও পৰিছে। মেচিনটোৱে বৰকৈ শব্দ কৰিছে। ৰাসায়নিকৰ গন্ধ চাৰওফালে বিয়পি পৰিছে। কিন্তু পাণ্ডীয়ে মিশ্ৰণটো ছটিওৱা বন্ধ কৰিব নোৱাৰে। টেংকটোত পুনৰবাৰ মিশ্ৰণটো ভৰাবলগীয়া হ’লেহে তেওঁ ৰয়। তাৰপিছত তেওঁ পুনৰ কামত লাগে।
ছটিওৱা কাম শেষ হোৱাৰ পিছত তেওঁ গা ধুলে আৰু খুলি থোৱা বগা চোলা আৰু নীলা লুঙিখন পুনৰাই পিন্ধি ল’লে। তেতিয়া মই তেওঁক ৰাসায়নিকৰ পৰা হোৱা ক্ষতিৰ কথা সোধো। তেওঁ শান্ত ভাৱত মোৰ প্ৰশ্নৰ উত্তৰ দি কয়, “আপুনি খৰিকাজাঁইৰ খেতি কৰিলে সকলো কৰিব লাগিব। যদি কীটনাশক ছটিয়াব নোখোজে, তেন্তে মনে মনে ঘৰত বহি থকাই ভাল।” তেওঁ নিজৰ হাতৰ তলুৱাদুখন হেঁচি ধৰিছে, যেন মনে মনে প্ৰাৰ্থনাহে কৰিছে।
আমি উভতিবলৈ ধৰা বাটত গণপতিয়েও এই কথাকে আমাক কয়। তেওঁ মোৰ বেগত মধুৰিয়াম ভৰাই দিলে। পুনৰাই আহিবলৈ আমন্ত্ৰণ জনাই আমাৰ যাত্ৰাপথৰ বাবে শুভেচ্ছা জনায়। “আকৌ যেতিয়া আহিব, দেখিব আমাৰ ঘৰটো সম্পূৰ্ণ হৈছে,” তেওঁ তেওঁ পিছপিনে থকা প্লাষ্টাৰ নকৰা ঘৰটোলৈ দেখুৱাই কয়। “আমি ইয়াতে বহি ভালকৈ এসাজ খাম।”
তীব্ৰ সুবাস, প্ৰাচুৰ্য্যময় অতীত আৰু অলেখ অনিশ্চয়তাৰে ভৰা বেপাৰ আৰু বজাৰৰ কেন্দ্ৰত থকা এই খৰিকাজাঁইৰ খেতি কৰা হাজাৰ কৃষকৰ দৰে পাণ্ডী আৰু গণপতিৰো সপোন আৰু আশাবোৰ খৰিকাজাঁইৰে বন্ধা। এনে এটা সপোন, য’ত পাঁচ মিনিটত হাজাৰ হাজৰ টকা আৰু বস্তাই বস্তাই মাদুৰাই মল্লী এখন হাতৰ পৰা আনখনলৈ যায়।
অৱশ্যে এই কাহিনী আন কোনো দিন শুনোৱা হ’ব।
এই গৱেষণামূলক অধ্যয়ন আজীম প্ৰেমজী বিশ্ববিদ্যালয়ৰ গৱেষণা অনুদান কাৰ্য্যসূচী, ২০২০ৰ অধীনত কৰা হৈছে।
অনুবাদ: পংকজ দাস