‘কেপ্টেইন ভাউ’ (ৰামচন্দ্ৰ শ্ৰীপতি লাড়)
মুক্তিযুঁজাৰু আৰু তুফান সেনাৰ সেনাধ্যক্ষ
২২ জুন, ১৯৯২ - ৫ ফ্ৰেব্ৰুৱাৰী, ২০২২
অৱশেষত তেওঁ নীৰৱে গ’লগৈ। যিখন দেশৰ কাৰণে তেওঁ যুঁজিছিল, সেইখন দেশে তেওঁক সন্মান যাঁচিবলৈ নহ’ল। কিন্তু ১৯৪০ৰ দশকত বিশ্বৰ সবাতোকৈ শক্তিশালী সাম্ৰাজ্যৰ বিৰুদ্ধে কমৰেড বন্ধুহঁতৰ সৈতে থিয় দিয়া এই ব্যতিক্ৰমী ব্যক্তিক জনা হাজাৰজনে গভীৰ শ্ৰদ্ধাৰে সোঁৱৰিলে। ৰামচন্দ্ৰ শ্ৰীপতি লাড় আছিল ‘প্ৰতি চৰকাৰ’ৰ এক অভিন্ন ব্যক্তি। ১৯৪৩ত ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা নিজকে স্বাধীন বুলি ঘোষণা কৰা সাতাৰাৰ চৰকাৰখনক নেতৃত্ব দিছিল কিম্বদন্তি পুৰুষ নানা পাটিলে।
কিন্তু কেপ্টেইন ভাউ (তেওঁৰ গোপন নাম) আৰু তেওঁৰ কমৰেডসকল সিমানতে ক্ষান্ত নাথাকিল। ১৯৪৬লৈ তিনিটা বছৰ তেওঁলোকে ব্ৰিটিছ চৰকাৰক প্ৰতিৰোধ কৰি গ’ল আৰু ৬০০ খন গাঁৱত খোপনি পোতা তেওঁলোকে সমান্তৰালভাৱে চৰকাৰ চলাই গ’ল। এইজনা কেপ্টেইন ভাউৰ ৫ ফেব্ৰুৱাৰীত মৃত্যুৰ লগে লগে বৃটিছক প্ৰতিৰোধ কৰা এখন চৰকাৰৰ অৱসান ঘটিল।







