পেৰাম্বালুৰৰ কেইখনমান গাঁৱত গ্ৰামোন্নয়নৰ কামত নিয়োজিত পায়িৰ নামৰ সংস্থাটোৰ সৈতে লগ লাগি মণিমাৰনে শিশুৰ বাবে শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখি গুৰুত্বপূৰ্ণ সামাজিক মূল্যবোধৰ শিক্ষা দিব পৰা খেল উলিওৱাক লৈ আশাবাদী। ‘আমি ইতিমধ্যে এইটো বিষয়ত কাম কৰিবলৈ লৈছো, কিন্তু বৰ্তমান আমি ক’ভিড-১৯ক লৈ গ্ৰামাঞ্চলত সজাগতা সৃষ্টিৰ কামত অধিক মনযোগ দিছো, কিয়নো এয়া একেবাৰে নতুন আৰু মানুহে একো উৱাদিহ পোৱা নাই। সোনকালেই আমি মণিমাৰন আৰু মাগিঝিনিৰ সৈতে লগ লাগি শিশুৰ বাবে এনে খেলৰ কামত হাত দিম,’ পায়িৰৰ উপদেষ্টা প্ৰীথি জেভিয়াৰে কয়।
মণিমাৰনৰ দৰে শিল্পীৰ বাবে এয়া সংগ্ৰামৰ সময়, মণিমাৰনে কয়। ‘লোকশিল্পীসকলে সংকটৰ সময়ত জনতাৰ কাষত থিয় দিয়াটো নিৰন্তৰ চলি আহিছে। সেয়ে শাৰীৰিক দূৰত্ব বজাই ৰাখি, উদাসীন হৈ থকাটো কষ্টকৰ।’ এনেদৰে নিজকে বিলাই দি কাম কৰা লোকশিল্পীৰ বাবে চৰকাৰে কিছু হ’লেও সাহায্য দিয়া উচিত, তেওঁ কয়। ‘সেইৰে আমি সামাজিক গণমাধ্যমত কলা প্ৰদৰ্শন কৰিব পাৰো। লোকশিল্পীসকল আৰ্থিকভাবে কোঙা হৈ পৰিছে, সেয়ে চৰকাৰে তেনে কিবা এটা বিবেচনা কৰা উচিত,’ তেওঁ বিনয়েৰে কয়।
কিন্তু সাহায্য পাওক কি নাপাওক, মণিমাৰন আৰু মাগিঝিনিয়ে আপোনাৰ মনৰ পৰা কৰ’ণাভাইৰাছক লৈ সৃষ্টি হোৱা শংকা আঁতৰোৱাৰ কাৰণে এনেদৰেই গীত গাব আৰু বাদ্যযন্ত্ৰ পৰিৱেশন কৰি থাকিব। ‘আমি চেষ্টা কৰিম যাতে মানুহক সজাগ কৰিব পাৰো আৰু আমি এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ নিৰন্তৰ চেষ্টা কৰি যাম। যেতিয়া আমি এই ভাইৰাছবিধৰ পৰা মুক্তি পাম, তেতিয়া পাৰাই বাদনেৰে উৎসৱ পাতি আনন্দ কৰিম।’
কৰ’ণা গীতৰ অনুবাদ
ধেই ধিন্ ধিন্না
চলিছে কৰ’ণাৰ উদ্দাম নৃত্য
বহুত মানুহ আছে
ভিত্তিহীন উৰাবাতৰি বিয়পাইছে
এনে উৰাবাতৰিত বিশ্বাস নকৰিব
কাকো নিন্দা নকৰিব!
উদাসীনতাই নানে সমাধান
ভয় খোৱাৰ নাই কোনো কাৰণ
উপায় বিচাৰক
কৰ’ণাক ৰোধ কৰাৰ চিন্তা কৰক
কৰ’ণাক ৰুধিবলৈ, ৰাখিবলৈ নিলগত
নিজৰ নাক ঢাকি ৰাখক
সজাগতাৰেহে পাৰিম
কৰ’ণাক বাধা দিম
বজাই ৰাখো যদি শাৰীৰিক দূৰত্ব
কৰ’ণাই পলাই পত্ৰং দিব
ধেই ধিন্ ধিন্না
চলিছে কৰ’ণাৰ উদ্দাম নৃত্য
উৰাবাতৰি বিলাই নুফুৰিব, বন্ধ কৰক!
আমিষ খালে
কৰ’ণা নিবিয়পে
নিৰামিষ খোৱাজনকো
কৰ’ণাই ৰেহাই নিদিয়ে
কি দেশ
কি ৰাজ্য
সকলো হতচকিত
ইয়াৰ ওৰনো ক’ত
জানিবলৈ গৱেষণা চলি আছে
আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱা খাদ্য খাওক
নিজকে নিৰাপদ ৰাখক
মিছা কথাবোৰ দলিয়াই পেলাওক
কাঁহি থকাজনৰ পৰা দূৰত্ব বজাই ৰাখক
হাঁচি মৰাজনৰ পৰা দূৰতে থাকক
কমিবই নোখোজা জ্বৰ হ’লে সাৱধান হওক
উশাহ-নিশাহ লওতে কষ্ট হৈছে নেকি মন কৰক
তেনে কিবা যদি আঠ দিনলৈ আছে
তেন্তে সেয়া কৰ’ণা হ’ব পাৰে
কৰ’ণাক দমাবলৈ
আপুনি ডাক্তৰৰ ওচৰলৈ যোৱা উচিত
অনুবাদঃ পংকজ দাস