আন বড়ো ছোৱালীৰ দৰে ময়ো মোৰ মাক কাপোৰ বয় থকা দেখি দেখি ডাঙৰ হৈছো, চামা ব্ৰহ্মই শৈশৱৰ কথা মনত পেলালে। নামনি অসমৰ বড়োলেণ্ডৰ অন্তৰ্গত চিৰাং জিলাৰ আই নৈৰ পাৰৰ সেউজ ধাননীপথাৰৰ মাজত অৱস্থিত ২ নং খুজ্ৰাবগুৰি নামৰ সৰু গাঁওখনৰ নিজ ঘৰৰ বাৰান্দাত বাহৰ গৰকাবাৰী থকা তাঁতশালখনত তাই বহিছে।
নিকটৱৰ্ত্তী চহৰ বঙাইগাঁও তাৰ পৰা ২০ কিলোমিটাৰ দুৰৈত পৰে। ৮৭ ঘৰ পৰিয়াল থকা তাইৰ গাঁওখনৰ বাট বুলিবলৈ নাই। নৈখনৰ বালিচৰেই মাজে মাজে বাটৰ কাম কৰে, এফালে আকৌ বাঁহৰ দলংখনৰ ওপৰেৰে খোজকাঢ়ি যাওতে সাৱধান নহ’লে নোৱাৰি।
অসমৰ গাঁওবোৰৰ বড়ো সম্প্ৰদায়ৰ ঘৰে ঘৰে তাঁতশাল আছে। সম্প্ৰদায়টোক অনুসূচীত জাতি হিচাপে তালিকাভূক্ত কৰা আছে। মহিলাৰ ক্ষেত্ৰত কাপোৰ বোৱা-কটা জনাটো বৰ সমাদৃত কৌশল, বিশেষকৈ বিয়া-বাৰুৰ ক্ষেত্ৰত। অৱশ্যে চামাৰ দৰে খুব কমেইহে এই পৰম্পৰাগত বিদ্যাক উপাৰ্জনমুখী কৰি তুলিছে।
'মোৰ বয়স ১৫ বছৰ নৌহওতেই তাঁতশালত বহিছিলো আৰু উজু ধৰণৰ কাপোৰ বোৱাত পাকৈত হৈ উঠিছিলো’, এতিয়াৰ ৪২ বছৰ বয়সীয়া চামাই ক’লে। 'নিজৰ ওপৰত যেতিয়া বিশ্বাস বাঢ়িল, মই পৰম্পৰাগত সাজ-পাৰ যেনে গামোচা, ঘৰুৱা সামগ্ৰী যেনে বিচনা চাদৰ আদি বোৱা আৰম্ভ কৰিলো। কিন্তু মই তাঁতশালত আটাইতকৈ ভাল পোৱা কাপোৰ হৈছে দখনা, বিশেষকৈ জটিল ফুল তোলা দখনা।’








