জামলো ১২ বছৰীয়া কিশোৰী। ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা সময়ত তাই তেলাংগনাৰ জলকীয়া খেতিৰ পথাৰত কাম কৰিবলৈ গ’ল। তলাবন্ধৰ সময়ত ঘৰলৈ উভতি আহিবলৈ আন শ্ৰমিকৰ সৈতে তিনিদিন ধৰি খোজ কাঢ়ি থাকোতে তাইৰ আদবাটতে মৃত্যু ঘটে।
‘বন্ধু আৰু গাঁৱৰ আন মানুহৰ সৈতে আমাক নজনোৱাকৈ তাই গাঁৱৰ পৰা গৈছিল। পিছদিনা আমি এই কথা জানিব পাৰিলো।’ জামলোৰ মাতৃ সুকমতি মাডকামে আমাক কয়। পৰিয়ালটো মুড়িয়া আদিবাসী সম্প্ৰদায়ৰ।
চত্তীশগড়ৰ বাস্তাৰ অঞ্চলৰ বিজাপুৰ জিলাৰ আদেদ গাঁৱলৈ ১২ বছৰীয়া ছোৱালীজনী উভতি আহি আছিল। তেলাংগনাৰ মুলুগু জিলাৰ কান্নাইগুডেম গাঁৱৰ ওচৰৰ পথাৰত কাম কৰিবলৈ কেইবাটাও কিশোৰ-কিশোৰীকে ধৰি ১১ জনীয়া শ্ৰমিকৰ দলটোৰ সৈতে মাজলো গৈছিল। (এনেকৈ কাম কৰিবলৈ যোৱা এটা শ্ৰমিকৰ দলৰ আলোকচিত্ৰ ওপৰৰ বেটুপাতত আছে)। জলকীয়াৰ পথাৰত সিহঁতে জলকীয়া চিঙে, পূৰ্বৰ বন্দোৱস্ত মতে দিনে ২০০ টকা বা এক বস্তা জলকীয়া পায় (জলকীয়াৰ খেতিপথাৰত ল’ৰা-ছোৱালীবিলাক)।
‘তাইৰ সমনীয়া আৰু গাঁৱৰ আন মানুহৰ সৈতে জামলোৱে কাম কৰিবলৈ গৈছিল। কাম যেতিয়া বন্ধ হৈ যোৱাত সিহঁত উভতি আহিবলৈ লয়। মুলুগু জিলাৰ পেৰুৰু গাঁৱৰ পৰা সিহঁতে যেতিয়া ঘৰলৈ উভতিছিল, তেতিয়া তাইৰ পৰা ফোন পাইছিলো। শেষ ফোনটোত তাইৰ সৈতে ঘৰলৈ উভতি অহা গাঁৱৰ আন মানুহৰ পৰা মোৰ সন্তানৰ মৃত্যু সম্পৰ্কে মোক জনাইছিল।’ জামলোৰ পিতৃ আন্দোৰামে কয়। আদেদ গাঁৱৰ আন আদিবাসী লোকৰ দৰে তেওঁ আৰু পত্নী সুকমতিয়ে জংঘলৰ পৰা বস্তু বিচাৰি আৰু ক্ষুদ্ৰ মাটি এটুকুৰাত ধানখেতি আৰু আন খেতি কৰি তথা কৃষিশ্ৰমিক ৰূপে কাম কৰি বা এমজিএনৰেগাৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰে।
‘জামলোৰ শ্ৰমিক হিচাপে দুমাহৰ আগতে তেলাংগনালৈ গৈছিল। কিন্তু তলাবন্ধ বলবৎ কৰাৰ পিছত কাম বন্ধ হৈ পৰিল। শ্ৰমিকসকলে যিকোনো উপায়েৰে ঘৰলৈ উভতি আহিবলৈ মৰোঁ-জীওঁ-সোঁ-আধিকৈ চেষ্টা কৰিছিল। হাতত থকা টকা শেষ হৈ যোৱাৰ পিছত শ্ৰমিকসকলৰ অৱস্থা শ্বাসৰুদ্ধকৰ হৈ পৰিল, আৰু ঠিকাদাৰে সিহঁতক ঘৰলৈ উভতি যাবলৈ ক’লে।’ জগদলপুৰৰ পৰা প্ৰকাশিত এখন সংবাদপত্ৰৰ বাবে সাংবাদিকতা কৰা গোণ্ড আদিবাসী সম্প্ৰদায়ৰ বিজাৰপুৰৰ সাংবাদিক পুষ্পা উচেণ্ডি ৰোকাৰে কয়।






