‘গাঁৱৰ মানুহে ঘৰলৈ নাহিবলৈ আমাক চিঞৰি চিঞৰি কৈছে। কিবা বেমাৰ আহিছে বুলি সিহঁতে কৈছে। বেমাৰবিধনো কি, কোনোৱে আমাক কোৱা নাই। মোৰ কোনো বেমাৰ নাই। সিহঁতে মোক কিয় বাধা দিছে?’
ফানচে পাৰ্ধি আদিবাসী জনগোষ্ঠীৰ গীতাবাঈ কালেয়ে একোকো খাবলৈ নোপোৱা এসপ্তাহ হ’ল। স্বাভাৱিক দিনত ভিক্ষা মাগি খোৱা ৭৮ বৰ্ষীয় গীতাবাঈয়ে সেইকাৰণে ভোকতে থাকিবলগীয়া হৈছে। তলাবন্ধৰ ফলত ভিক্ষা খোজাৰো মুদা মৰিল। ক’ভিড-19ৰ কটোও নজনা তাইৰ লগতে আন বহু পাৰ্ধিয়ে ইয়াৰ নেতিবাচক ফল ভূগিবলগীয়া হৈছে, অনাহাৰে দিন কটাবলগীয়া হৈছে।
শেষবাৰৰ বাবে তাই ২৫ মাৰ্চৰ দিনা বাজৰা ভাখৰি খোৱা মনত পৰে। ‘মই চিনি নোপোৱা কেইটামান ল’ৰাই ইতৱাৰৰ দিনা (দেওবাৰ, ২২ মাৰ্চ) আহি মোক চাৰিখন ভাখৰি দিছিল। মই সেই খাই চাৰিদিন চলিলো।’ তেতিয়াৰে পৰা গীতাবাঈ ভোকতে আছে। ‘তাৰ পিছত ইয়ালৈ কোনো অহা নাই আৰু গাঁৱৰ মানুহে মোক তালৈ যাব দিয়া নাই।’
মহাৰাষ্ট্ৰৰ পুণে জিলাৰ চিৰুৰৰ মূল পথৰ কাষতে টিনৰ চালিঘৰ এটাত থকা গীতাবাঈয়ে দুই কিলোমিটাৰ দূৰৰ চাৱহনৱাড়ি গাঁৱলৈ ভিক্ষা মাগিব যায়। ‘মানুহৰ এৰেহা খাই আমি থাকো,’ গীতাবাঈয়ে কয়। ‘চৰকাৰে বিনামূলীয়া খাদ্য দিয়া বুলি মই শুনিছো, কিন্তু ৰেচন কাৰ্ড থকাবোৰকহে দিছে। মোৰ নাই।’
অনুসূচিত জনজাতি হিচাপে সূচীবদ্ধ ফানচে পাৰ্ধিসকল পাৰ্ধি আদিবাসীসকলৰ মাজৰ আটাইতকৈ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীত পৰে। স্বাধীনতাৰ ৭০ বছৰ পিছতো পাৰ্ধিসকলে বৰ্বৰ ঔপনিবেশিক কলংকৰ বোজা আৰু পৰম্পৰা বহন কৰি আহিবলগীয়া হৈছে। বৃটিছ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাই বিদ্ৰোহ কৰা ভালেমান আদিবাসী আৰু গৰখীয়া যাযাবৰ গোটক শাস্তি দি অৱদমিত কৰিবলৈ ১৮৭১ত বৃটিছসকলে অপৰাধী জনগোষ্ঠী আইন বলবৎ কৰে। এই আইনখনৰ অধীনত প্ৰায় ২০০ জনগোষ্ঠীক জন্মগতভাৱে ‘অপৰাধী’ বুলি ঘোষণা কৰা হয়। সেই জনগোষ্ঠীবোৰৰ কাৰণে সেই আইন আছিল বিধ্বস্তকাৰী, সেই আইনখনেই তেওঁলোকক সমাজৰ পৰা একাষৰীয়া কৰে।
স্বাধীন ভাৰতে সেই আইনখন ১৯৫২ত বাতিল কৰে আৰু ‘অপৰাধী জনজাতি’বোৰক অনাধিসূচিত কৰা হয়। কিন্তু সমাজৰ পৰা পোৱা সেই নিন্দা, পক্ষপাত আৰু উৎপীড়ন চলি থাকিল। এই জনজাতিবোৰৰ বহুতৰে বাবে মূল গাঁৱত প্ৰৱেশ কৰা বা তাৰে কুঁৱাৰ পৰা পানী তোলাটো অসম্ভৱ কথা। তেওঁলোক ২-৩ কিলোমিটাৰ দূৰে দূৰে থাকে। তেওঁলোকে কাম নাপায়, শিক্ষাৰ স্তৰো তেনেই কম, বহুতে সৰু অপৰাধতে অভিযুক্ত হৈ জেল খাটিছে। আন বহুতৰে বাবে জীয়াই থাকিবলৈ ভিক্ষা মাগি খোৱাৰ বাদে আন উপায় নাই।





