Naukar ho ya maalik, leader ho ya public
apne aage sabhi jhuke hain, kya raja kya sainik'
(‘নৌকৰ হৌ য়া মালিক, লিডাৰ হৌ য়া পাব্লিক
অপনে আগে চভি ঝুকে হে, ক্যা ৰাজা ক্যা সেনিক’)



Naukar ho ya maalik, leader ho ya public
apne aage sabhi jhuke hain, kya raja kya sainik'
(‘নৌকৰ হৌ য়া মালিক, লিডাৰ হৌ য়া পাব্লিক
অপনে আগে চভি ঝুকে হে, ক্যা ৰাজা ক্যা সেনিক’)
১৯৫৭ত নিৰ্মিত চলচ্চিত্ৰ ‘প্যাসা’ৰ এটি গীত ‘তেল মালিচ’ত গীতিকাৰ শ্বাহিৰ লুধিৱানভিৰ চমৎকাৰী কথাই অৱহেলিত আৰু চৰম বৈষম্যৰ বলি হোৱা ক্ষৌৰকাৰৰ সম্প্ৰদায়টোক সামান্য গৌৰৱবোধ কৰাৰ অৱকাশ দিছিল।
তলাবন্ধৰ সাম্প্ৰতিক অৱস্থাত কেৱল লাটুৰ জিলাতে নহয়, সমগ্ৰ মহাৰাষ্ট্ৰ তথা গোটেই ভাৰতত তেওঁলোকৰ সেই সামান্য গৌৰৱবোধ ধূলিস্যাৎ হ’ল। দৈনিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল এই বৃত্তিৰ লগত জড়িতসকল দুই ধৰণেৰে ক্ষতিগ্ৰস্ত হৈছে আৰু তেওঁলোকৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা শাৰীৰিক দূৰত্ব ৰক্ষা কৰা অভাৱনীয়।
‘আমাৰ জীৱন-জীৱিকাৰ প্ৰতি তলাবন্ধ ভাবুকি হৈ পৰিছে। অহা ১০-১৫ দিনত মই পৰিয়ালৰ লোকৰ কেনেকৈ পোহপাল দিম, ভাবিব পৰা নাই,’ ৪০ বছৰীয়া উত্তম সুৰ্যবংশীয়ে ক’লে (ভতিজা আৰুষৰ সৈতে বেটুপাতৰ ছবিত বাওঁফালে থকা ওপৰৰ জন)। লাটুৰ চহৰৰ পৰা ১১ কিলোমিটাৰ দূৰত থকা প্ৰায় ৬০০০ লোকৰ বসতিস্থল গংগাপুৰ গাঁৱত তেওঁৰ ঘৰ।
‘মোৰ গাঁৱৰ ১২ টা পৰিয়াল এই ব্যৱসায়ৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। উপাৰ্জন নকৰিলে আমি খাবলৈ নাপাও।’ তলাবন্ধৰ ফলত সৃষ্টি হোৱা সংশয়াপন্ন অৱস্থাৰ ব্যাখ্যা কৰি উত্তমে ক’লে। তেওঁৰ চেলুনখনত তিনিখন চকী আছে, দুখন চকীত তেওঁৰ ভাতৃ শ্যাম (৩৬ বছৰ) আৰু কৃষ্ণ (৩১ বছৰ)য়ে কাম কৰে (বেটুপাতৰ ছবিৰ একেবাৰে ওপৰৰ মাজত আৰু সোহাঁতে থকা দুজন)। ‘সূৰ্যৱংশী হেয়াৰ চেলুন’ত চুলি কাটিলে ৫০ টকা, দাড়ি কাটিলে ৩০ টকা, মূৰ মালিচ ১০ টকা আৰু ফেচিয়েল কৰালে ৫০ টকা দিব লাগে। ২৫ মাৰ্চত তলাবন্ধৰ আৰম্ভ হোৱাৰ আগলৈকে তিনিও ভাই-ককায়ে দৈনিক প্ৰায় ৩০০-৪০০ টকাকৈ একোজনে উপাৰ্জন কৰিছিল।

Kalyan Dale

Awais Sayed
কাম সম্পূৰ্ণ বন্ধ হৈ পৰাৰ পিছত চাৰিজনীয়া এটা পৰিয়ালক লালন-পালন কৰা উত্তমৰ বাবে নিৰ্মম প্ৰত্যাহ্বান হৈ পৰিছে। ‘বেছি কামৰ চাহিদা থকা এই সময়চোৱাত চেলুন বন্ধ ৰখাতকৈ বেছি যন্ত্ৰণাদায়ক কি হ’ব পাৰে?’ তেওঁ কয়। বৰ্ষাকালটো বিয়াৰ বতৰ, তেওঁ কয়, সেয়ে ক্ষৌৰকাৰসকলে অলপ বেছি উপাৰ্জন কৰিব পাৰে। এই উপাৰ্জনেৰে ঋণ পৰিশোধ কৰিবলৈ বহুতে সক্ষম হয়।
‘২০১৮ৰ পৰা একেৰাহে আমাৰ অঞ্চলত সৃষ্টি হোৱা খৰাং বতৰৰ বাবে আমাৰ ব্যৱসায়ৰ মূল্যবৃদ্ধিও কৰিব নোৱাৰা হৈছে।’ লাটুৰ জিলা কেশকৰ্তালয় সংঘতালা (চেলুনসমূহৰ এক সংঘ)ৰ অধ্যক্ষ ভাউচাহেব শ্বেনড্ৰেই ক’লে। ‘আমাৰ ৮০ শতাংশ লোক গৃহহীন, ভূমিহীন।’ তেওঁ কয়। ‘এই সময়চোৱাত আমি থকা ঘৰ আৰু দোকানঘৰৰ ১৫ শতাংশ ভাড়া বৃদ্ধিৰ বোজা ল’বলগা হৈছে, কিন্তু আমাৰ উপাৰ্জন সংকুচিত হৈছে। আমাৰ কাৰণে লোকচান নিশ্চিত হৈছে আৰু অনিশ্চিত হৈ পৰিছে জীৱন ধাৰণ।’
ৰাজ্যখনৰ ‘নাভিক’ (ক্ষৌৰকাৰ) ওবিচি (অনান্য পিছপৰা জাতি) সম্প্ৰদায়ক সংযোজিত কৰা এক ফেডাৰেচন ৰাজ্যিক পৰ্যায়ৰ মহাৰাষ্ট্ৰ নাভিক মহামণ্ডলৰ অন্তৰ্ভূক্ত হৈছে শ্বেনড্ৰেৰ ইউনিয়ন। মহামণ্ডলৰ মুৰব্বী কল্যাণ ডালেই দাবী কৰে যে মহাৰাষ্ট্ৰত ৪০ লাখৰো অধিক নাভিক (ক্ষৌৰকাৰ) লোক আছে। কোনো চৰকাৰী পৰিসংখ্যাই এই তথ্য নিশ্চিত কৰা নাই। আনুমানিক হিচাপৰ পৰা দেখা যায় যে এই সম্প্ৰদায়ৰ বহু লাখ লোক আছে।
জিলাখনৰ ৬০০০ চেলুনৰ ৮০০ খন লাটুৰ চহৰত আছে। ইয়াত কমেও ২০,০০০ লোক নিয়োজিত হৈ আছে। প্ৰতিখন চেলুনত গড়ে ৩-৪ খন চকী থাকে আৰু প্ৰতিখন চকীৰ পৰা দৈনিক ৪০০-৫০০ টকা উপাৰ্জন হয়। অৰ্থাৎ তেওঁলোকে একেলগে দৈনিক প্ৰায় ১২-১৩ লাখ টকাৰ ব্যৱসায় কৰে।
জিলাখনৰ আন অঞ্চলত থকা প্ৰায় ৫২০০ খন চেলুনৰ প্ৰত্যেকতে ২-৩ খনকৈ চকী থাকে আৰু প্ৰতিখন চকীৰ পৰা দৈনিক ২০০-৩০০ টকাকৈ উপাৰ্জন হয়। একেলগে এই চেলুনসমূহে দৈনিক ৪৭ লাখ টকাৰ ব্যৱসায় কৰে।
২১ দিন সকলো চেলুন বন্ধ থকাৰ বাবে কেৱল লাটুৰ জিলাতে এই দৰিদ্ৰ আৰু নিপীড়িত সম্প্ৰদায়টোৰ ১২.৫ কোটিৰো অধিক টকাৰ লোকচান হ’ব।
ক্ষৌৰকাৰসকল সম্পূৰ্ণৰূপে দৈনিক উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল। এই উপাৰ্জন দিনটোত পোৱা গ্ৰাহকৰ ওপৰত নিৰ্ভৰ কৰে...কাৰোৱে সঞ্চয় নাই, বহুতেই আকৌ ঋণৰ বোজাৰে ভাৰাক্ৰান্ত। তাতে আকৌ তলাবন্ধই তেওঁলোকক সংকটৰ গৰাহত পেলাইছে

আমাৰ সৈতে থকা ক্ষৌৰকাৰসকলে এনে কষ্ট ভূগিছে যে তেওঁলোকে এসাজ আহাৰো ভালকৈ যোগাৰ কৰিবপৰা নাই’, শ্বেনড্ৰেয়ে ক’লে। ‘সেয়ে আমি ৫০ হাজাৰ টকা সংগ্ৰহ কৰি জিলাখনৰ একেবাৰে ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৫০ টাক প্ৰত্যেকক ১০০০ টকা মূল্যৰ সামগ্ৰী দিও। ইয়াত ১০ কিলোগ্ৰাম আটা, ৫ কিলোগ্ৰাম চাউল, দুই লিটাৰ তেল আৰু এক কিলোগ্ৰামকৈ মচুৰ দাইল, চেনী আৰু মটৰমাহ থাকে। লগতে এটুকুৰা ডেটল চাবোন থাকে। চৰকাৰে ঘোষণা কৰা তিনিমাহৰ বিনামূলীয়া ৰেচনৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰো।’ হতাশগ্ৰস্ত শ্বেনড্ৰেয়ে ক’লে।
ক্ষৌৰকাৰসকল দৈনিক উপাৰ্জনৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল। প্ৰতিদিনে চেলুনলৈ অহা গ্ৰাহকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি উপাৰ্জনৰ পৰিমাণ সলনি হৈ থাকে। ডেকাসকলৰ আকাংক্ষিত চুলি কটাৰ ডিজাইনৰ চাহিদা পূৰণ কৰিবলৈ এই নীৰৱ শিল্পীসকলে চেষ্টা কৰে। তাৰ বিনিময়ত তেওঁলোকে যথেষ্ট কম মূল্য পায়। তেওঁলোকৰ কোনেও ধন সঞ্চয় কৰিব পৰা নাই, বৰঞ্চ বহুজন ঋণৰ ফান্দত পৰিছে।
এতিয়া তলাবন্ধই তেওঁলোকৰ সংশয়াপন্ন অৱস্থাক শোচনীয় কৰি তুলিছে। তেওঁলোকে ঋণ লোৱাৰ দুটা উৎস আছে। ‘নিউ এজ’ বিত্তীয় প্ৰতিষ্ঠানসমূহ- যিবিলাকে বাৰ্ষিক ১৫ শতাংশ সুত লয় (যদিও অৱশেষত সুতৰ হাৰ বেছি ভৰিব লগা হয়)। অথবা ৩ৰ পৰা ৫ শতাংশ মাহিলী সুত ভৰি ব্যক্তিগত ঋণদাতাৰ পৰা ঋণ ল’বলগা হয়।
লাটুৰ চহৰৰ উপকণ্ঠ অঞ্চলৰ খাড়গাঁৱত থকা ক্ষৌৰকাৰ, সুধাকৰ সূৰ্যবংশীয়ে ঋণ পৰিশোধ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। ‘মোৰ উপাৰ্জনৰ বেছি অংশ ল’ৰা-ছোৱালীৰ মাচুলৰ বাবে খৰছ হয়,’ তেওঁ কয় (তলাবন্ধৰ আগলৈকে তেওঁ দৈনিক ৩০০ টকা উপাৰ্জন কৰিছিল)। এই বছৰৰ জানুৱাৰী মাহত তেওঁ সন্তানৰ স্কুলৰ খৰছৰ বাবে ব্যক্তিগত ঋণদাতাৰ পৰা মাহে ৩ শতাংশ সুতৰ হাৰত ১ লাখ টকাৰ ঋণ লৈছিল। মাৰ্চত তেওঁ ৩০০০ টকাৰ প্ৰথম কিস্তি পৰিশোধ কৰিছিল। অৱশ্যে তেওঁৰ সমস্যা আগতেই আৰম্ভ হৈছিল।

Vilas Gawali

Vilas Gawali
‘২০১৯ৰ ডিচেম্বৰত মোৰ বেংকৰ জনধন একাউণ্ট বাতিল কৰা হৈছে বুলি মই ফোনত খবৰ পাইছিলো,’ তেওঁ কয়।। দুই ধৰণে তেওঁ অসুবিধাৰ সমুখীন হ’ল। এফালে তেওঁ পান কাৰ্ড, আধাৰ, ‘অৰেঞ্জ’ ৰেচন কাৰ্ড আৰু যাৱতীয়া নথি সকলো দাখিল কৰিছিল। দ্বিতীয়তে তেওঁৰ একাউণ্টত কেতিয়াও কোনো টকা সোমোৱা নাছিল। মহাৰাষ্ট্ৰৰ নগাৰাঞ্চলৰ যি বাসিন্দাৰ বাৰ্ষিক উপাৰ্জন ৫০,০০০ টকাৰ পৰা ১ লাখ টকা হয়, তেওঁলোকক অৰেঞ্জ ৰেচন কাৰ্ড দিয়া হয়। তেওঁৰ ৰেচন কাৰ্ডৰ ওপৰত ‘প্ৰাধান্য কুটুম্ব’ (অগ্ৰাধিকৰ প্ৰাপ্য পৰিয়াল) বুলি মোহৰ মৰা আছিল। ইয়াৰ জৰিয়তে তেওঁলোক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰী হৈ পৰিছিল।
‘মোৰ সেইখন ৰেচন কাৰ্ড আছে, এই মাহত একো পোৱা নাই। সামগ্ৰী কেতিয়া পাব সেই সম্পৰ্কে একো নাজানে বুলি গেলামালৰ দোকানীয়ে ক’লে,’ সুধাকৰে অভিযোগ কৰে। এই সময়ত ঘৰ ভাড়া কেনেকৈ আদায় দিব সেই সম্পৰ্কে তেওঁ একো উপায় দেখা নাই। যোৱা জানুৱাৰীত ঘৰৰ মালিকনীয়ে ভাড়া ২৫০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰিছিল। বোজা বাঢ়ি গৈ আছে।
সংবাদ মাধ্যমত সঘনে প্ৰচাৰিত কৰ’ণাভাইৰাছ সম্পৰ্কে তেওঁ বিশেষ গুৰুত্ব দিয়া নাই। ‘যিসময়ত আমি দৈনিক এসাজ আহাৰ যোগাৰ কৰিবপৰা নাই, তেনে সময়ত আমি হেণ্ড চেনিটাইজাৰ, মাস্ক আদিৰ কথা কেনেকৈ ভাবিম?’
আমাৰ এই সংকট ধাৰাবাহিক, কালি আছিল, আজি আছে, কাইলৈও থাকিব।
প্ৰচ্ছদ আলোকচিত্ৰঃ কুমাৰ সূৰ্যবংশী
অনুবাদঃ পংকজ দাস
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/তলাবন্ধত-ক্ষৌৰকাৰঃ-মৃত্যুমুখী-চুলি-কটা-জীৱিকা