এনেকুৱা সময়বোৰত মেচিন আৰু পাম্প মেৰামতি কৰি চামচুদ্দিন মোল্লা পথাৰত থাকিলহেঁতেন।
তলাবন্ধ আৰম্ভ হোৱাৰ দ্বিতীয় দিনা ২৬ মাৰ্চত তেওঁ ঘৰৰ পৰা ওলাইছিল, কোলহাপুৰ জিলাৰ কাগাল তালুকৰ শুলকুড় গাঁৱৰ এজন বিমৰ্ষ কৃষক বাইক লৈ তেওঁৰ ঘৰলৈ আহিছিল। ‘মোক তেওঁ নিজৰ পথাৰলৈ লৈ যায়, মই তেওঁ ডিজেলত চলা পানী উঠোৱা মেচিন মেৰামতি কৰি দিছিলো।’ চামচুদ্দিনে মেচিনটো মেৰামতি কৰি নিদিয়া হ’লে খেতিয়কজন কুঁহিয়াৰ খেতিত পানী দিয়াৰ ক্ষেত্ৰত বিপদ পৰিলহেঁতেন।
১০ বছৰ বয়সৰ পৰা কাম আৰম্ভ কৰা ৮৪ বছৰ বয়সীয়া মাষ্টাৰ মেকানিকজনে ৭৪ বছৰীয়া কৰ্মজীৱনত এয়া দ্বিতীয়বাৰৰ বাবে মেচিন মেৰামতিৰ পৰা জিৰণি লৈছে। ২০১৯ৰ জানুৱাৰীত প্ৰথমবাৰৰ বাবে এঞ্জিঅ’প্লাষ্টিৰ সময়ত তেওঁ কিছুদিন কাম কৰাৰ পৰা বিৰত আছিল।
সাতটা দশকত চামচুদ্দিনে গভীৰ নলীনাদ পাম্প, মিনি এক্সকেভেটৰ, পানীৰ পাম্প, ডিজেল ইঞ্জিন আৰু আন বহুতো মেচিনকে ধৰি কমেও ৫০০০ ইঞ্জিন মেৰামতি কৰিছে। কামৰ মাজেৰে তেওঁ নিজৰ দক্ষতাক এক কলালৈ উত্তীৰ্ণ কৰিছে। মেচিনৰ সমস্যাত ভোগা কৃষকৰ কাৰণে কৰ্ণাটকৰ বেলাগাৱি জিলাৰ চিকোৰি তালুককৰ বাৰৱাড় গাঁৱত থকা তেওঁৰ ঘৰখন এছ.অ’.এছ. (বিপদৰ পৰা উদ্ধাৰকাৰী) কেন্দ্ৰস্বৰূপ হৈ পৰিছিল। স্বাভাৱিক সময়ত মাৰ্চ-এপ্ৰিল আৰু মে’ মাহটো আচল কাম পোৱাৰ সময়। তেওঁ হিচাপ কৰি কয় যে এই সময়ত এনেয়ে হ’লে তেওঁ কমেও ৩০ টা মেচিন মেৰামতি কৰিলেহেঁতেন আৰু কমেও একোটা মেচিনৰ পৰা ৫০০ টকাকৈ উপাৰ্জন কৰিব পাৰিলেহেঁতেন। কিন্তু তলাবন্ধই তেওঁৰ আচল কাম পোৱাৰ সময়খিনি নষ্ট কৰিলে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ প্ৰথম ভাগত ৮ টা মেচিন মেৰামতি কৰি উপাৰ্জন কৰা ৫০০০ টকাৰে তেওঁৰ পৰিয়াল চলিবলগা হৈছে। আনহাতে চৰকাৰে ঘোষণা কৰা জনমুৰি পাঁচ কিলোগ্ৰাম বিনামূলীয়া ৰেচনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।
বিগত ৭০ বছৰত চামচুদ্দিন মোল্লাই হাজাৰ হাজাৰ যন্ত্ৰপাতিৰ মেৰামতি কৰিছিল; তলাবন্ধৰ সময়ত এটাও মেৰামতিৰ কাম পোৱা নাই, ‘এই পাঁচ সপ্তাহত মই কমেও ১৫,০০০ টকা হেৰুৱালো’












