“স্কুললৈ সিহঁতক অনাটোৱে এক প্ৰত্যাহ্বান।”
প্ৰধান শিক্ষক শিৱজী সিং যাদৱে এই কথা তেওঁৰ ৩৪ বছৰৰ অভিজ্ঞতাৰ পৰা কৈছে। যাদৱ, যিজনক তেওঁৰ ছাত্ৰ-ছাত্ৰীয়ে মাষ্টৰজী বুলিও সম্বোধন কৰে, তেওঁ ডাবলি চাপৰিৰ একমাত্ৰ স্কুলখন চলাই আহিছে। অসমৰ মাজুলী জিলাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত থকা এই দ্বীপটোৰ ৬৩ ঘৰ বাসিন্দাৰ প্ৰায়সংখ্যক ল’ৰা-ছোৱালীয়ে এইখন স্কুলত পঢ়ে।
ধনেখনা প্ৰাথমিক বিদ্যালয়ৰ একমাত্ৰ শ্ৰেণীকোঠাটোৰ নিজৰ চকীত বহা শিৱজীয়ে তেওঁক আগুৰি ধৰি বহি থকা ছাত্ৰ-ছাত্ৰীবোৰলৈ চাই মিচিকিয়াই হাঁহিছে। ৪১ খন উজলি উঠা মুখ, ১ম মানৰ পৰা ৫ম মানত পঢ়ি থকা ৬ৰ পৰা ১২ বছৰীয়া প্ৰতিজনেই তেওঁলৈ ৰ লাগি চাইছে। “এই সৰু সৰু ল’ৰা-ছোৱালীবোৰক শিকোৱাটোৱে আচল প্ৰত্যাহ্বান,” তেওঁ কয়। “সিহঁত পলাই যাব খোজে!” তেওঁ পিছে পিছে যোগ দিয়ে।
ভাৰতীয় শিক্ষা ব্যৱস্থাটোৰ ওপৰত আলোচনা আগবঢ়াৰ আগেয়ে তেওঁ সামান্য ৰৈ ওপৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকেইজনক মাতিলে। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পঠিওৱা ইংৰাজী আৰু অসমীয়া ভাষাৰ সাধুকথাৰ কিতাপৰ টোপোলা এটা সিহঁতক খুলিবলৈ ক’লে। নতুন কিতাপ পালে সিহঁতে যে অকণমান সময়ৰ বাবে ব্যস্ত থাকিব আৰু তেওঁ আমাৰ সৈতে কথা পাতিব পাৰিব, তেওঁ জানে।
“চৰকাৰে কলেজৰ অধ্যাপক এজনক যি দিয়ে, সেয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনেও পাব লাগে, শিক্ষাৰ বুনিয়াদ আমিয়েই গঢ়ো,” প্ৰাথমিক শিক্ষাৰ গুৰুত্ব কিমান, সেই কথা উল্লেখ কৰি তেওঁ কয়। মাক-দেউতাকবোৰে ভাবে যে হাইস্কুলতহে পঢ়াত জোৰ দিব লাগে, প্ৰাথমিক শিক্ষাত তেওঁলোকে বেছি জোৰ নিদিয়ে - ই এটা ডাঙৰ ভুল ধাৰণা যিটো শুদ্ধ কৰিবলৈ তেওঁ কাম কৰি আছে, তেওঁ কয়।

















