‘যেতিয়া ৰাজনৈতিক নেতা আমাৰ চহৰলৈ আহে, তেঁওলোকৰ এখন্তেক থমকি ৰ’বলৈও সময় নাথাকে। আমালৈ গাড়ীৰ পৰাই হাতবাউলি দি সম্ভাষণ জনাই আঁতৰি যায়। নেতাবোৰৰ কাষলৈ ৫০ মিটাৰ চাপিবলৈকো আমাক দিয়া নহয়,’ পুট্টানাই কয়।
পুট্টানাই কৰ্ণাটকৰ টুমকুৰ জিলাৰ মধুগিৰি চহৰত হাতেকৰা চাফাই কৰ্মৰ ১১ বছৰীয়া এই কালচোৱাত দুটাকৈ ৰাষ্ট্ৰীয় নিৰ্বাচন দেখিছে আৰু তৃতীয়টো নিৰ্বাচন সমাগত। এইটো সপ্তাহতে ১৮ এপ্ৰিলৰ দিনা টুমকুৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। একে সময়তে লোকসভাৰ নিৰ্বাচনৰ প্ৰথমটো পৰ্যায় ৰাজ্যখনত আৰম্ভ হ’ব।
এই সমষ্টিটোত যুঁজখন দুই দ্বিগজ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আৰু চাৰিবাৰকৈ সাংসদ হোৱা জি. এছ. বাসৱৰাজ (৭৭) আৰু কংগ্ৰেছ-জনতা দল (চেকুলাৰ)ৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ৮৬ বৰ্ষীয় এইছ. ডি. দেৱে গৌড়াৰ মাজত হ’ব।
কিন্তু মধুগিৰিৰ অনাময় কৰ্মচাৰীয়ে কাৰ পক্ষ লৈছে সেয়া সুধিলে পোৱা সঁহাৰি মন কৰিবলগীয়া। তেঁওলোকৰ বহুতৰ দৰে ৪৫ বৰ্ষীয় পুট্টানাও মাডিগা দলিত সম্প্ৰাদয়ৰ। শোষিত উপ-সম্প্ৰদায়টোৰ কৰ্ম পৰিসৰ হাতেকৰা চাফাই কামতেই সীমাবদ্ধ। (এই প্ৰতিবেদনৰ বাবে লোৱা সাক্ষাতকাৰত প্ৰায় সকলো চাফাই কৰ্মীয়ে কেৱল প্ৰথম নামটোহে ব্যৱহাৰ হোৱাটো বিচাৰিছিল)। কৰ্ণাটক ৰাজ্যখনৰ ভিতৰত টুমকুৰত হাতে কৰা চাফাই কৰ্মীৰ সংখ্যা সৰ্বাধিক। এযা চাফাই কৰ্মীৰ বাবে কৰ্ণাটক ৰাজ্যিক আয়োগে ২০১৭ৰ আগস্তত মুকলি কৰা প্ৰতিবেদনৰ তথ্য। অমানৱীয় কৰ্ম, পুতৌলগা পাৰিশ্ৰামিক আৰু বছৰ বছৰ ধৰি চৰকাৰী গৃহৰ সুবিধা নোপোৱাৰ বাবে প্ৰায়ভাগৰে ৰাজনৈতিক নেতাৰ ওপৰত বিশ্বাস নাই।








