‘বহিৰাগতৰ প্ৰৱেশ নিষেধ’- চিয়াদেহি গাঁৱৰ মূল প্ৰৱেশপথতে বাহেৰে সজা বেৰিকেডত ওলমাই থোৱা প্লেকাৰ্ডখনত এনেদৰে লিখা আছে। ছত্তিশগড়ৰ ধামতাৰি জিলাৰ নাগ্ৰি ব্লকৰ গাওঁখন সাক্ষাৎ কৰিবলৈ যাওতে এই প্ৰতিবেদকে বেৰিকেডৰ কাষত থিয় দিয়ে। কেইজনমান স্থানীয় বাসিন্দাই দূৰত্ব বজাই ৰাখি দূৰৰ পৰাই কথা পাতিবলৈ আগবাঢি আহে।
‘মাৰাত্মক ক’ৰণাভাইৰাছৰ পৰা ৰক্ষা পাবলৈ গঞাই নিজেই এই বেৰিকেড পতাৰ সিদ্ধান্ত লৈছে,’ ওচৰৰে কাংকেৰ জিলাৰ এখন চৰকাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা ভাৰত ধ্ৰুৱই কয়। প্ৰায় ৯০০ লোকৰ জনবসতি থকা গোণ্ড আদিবাসী গাওঁ চিয়াদেহি ছত্তিশগড়ৰ ৰাজধানী চহৰ ৰায়পুৰৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ দূৰত অৱস্থিত।
‘আমি ‘সামাজিক ব্যৱধান’ বজাই ৰাখিব বিচাৰো। এই তলাবন্ধৰ সময়ত বাহিৰৰ মানুহে আমাৰ গাঁৱলৈ অহাটো আমি নিবিচাৰো, বাহিৰলৈ ওলাই গৈ আমিও নিয়ম ভংগ কৰিব নিবিচাৰো। সেয়ে এই বেৰিকেড দিছো,’ একেখন গাঁৱৰে এজন উপান্ত কৃষক তথা শ্ৰমিক ৰাজেশ কুমাৰ নেতামে কয়।
‘সংস্পৰ্শলৈ নাহিবলৈ আমি ইয়ালৈ অহা সকলোকে বাধা দিছো। নিজ গাঁৱলৈ ঘূৰি যাবলৈ আমি তেওঁলোকক অনুৰোধ জনাইছো,’ কৃষি শ্ৰমিক সজিৰাম মাণ্ডৱিয়ে কয়। ‘আমাৰ কিছুমান ডেকাল’ৰাই মহাৰাষ্ট্ৰলৈ কৌশল বিকাশ কাৰ্যসূচীৰ অধীনত গৈছিল যদিও ফাকুৱাৰ আগতে ঘূৰি আহিছে,’ তেওঁ কয়। ‘তৎসত্বেও স্বাস্থ্য বিভাগৰ বিষয়াসকলে তেওঁলোকৰ সবিশেষ লিপিবদ্ধ কৰিছে।’
এতিয়া চিয়াদেহিলৈ ঘূৰি অহা আন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ কি হ’ব? তেওঁলোকক ঘৰলৈ সোমাবলৈ দিয়া হ’বনে? ‘হয়, দিয়া হ’ব,’ পঞ্চায়তৰ কৰ্মচাৰী মনোজ মেশ্ৰামে কয়। ‘কিন্তু চৰকাৰী নিৰ্দেশনা অনুসৰি তেওঁলোকে কোৱাৰেণ্টাইন কাল পাৰ কৰিব লাগিব।’






