ৰত্না বিশ্বাসে প্ৰতিমাহে ১৫ দিনৰ বাবে চাকৰি এটা কৰে। পশ্চিমবংগত ৰত্নাৰ নিজ গাওঁ টেমাৰপুৰৰ গাঁৱৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়ত “এদিনত ছঘণ্টাৰ ভিতৰত মই ২০ টা শ্ৰেণী-কোঠা আৰু চাৰিটা শৌচাগাৰ চাফা কৰিব লাগে” বুলি তেওঁ কয়। তেওঁ নাজানে যে তেওঁ বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী নে এগৰাকী ‘অনানুষ্ঠানিক’ কৰ্মী, য’ত তেওঁক মাহে ২৫০০ টকা পৰিশোধ কৰা হয়। মাহটোৰ আন ১৫ দিনৰ বাবে আন এগৰাকী চাফাই কৰ্মচাৰীয়ে সেই একেই কাম কৰে।
আকৌ ৩৫ বছৰীয়া ৰত্না কেতিয়াও নিশ্চিত নহয় যে তেওঁ এই ‘অৰ্দ্ধদিন’ৰ দৰমহা তেওঁ লাভ কৰিবনে নকৰে। “স্কুলখনে মোক এতিয়ালৈকে এটা বছৰৰ বাবে কোনো দৰমহা দিয়া নাই,” তেওঁ কয়। “পঞ্চায়তে কয় যে তেওঁলোকে আমাৰ বাবে পুঁজি পোৱা নাই আৰু সেয়ে তেওঁলোকে আমাক দৰমহা পৰিশোধ কৰিব নোৱাৰে।”
২০১৮ৰ নৱেম্বৰ মাহত, ঐতিহাসিক কিষাণ মুক্তি মৰ্চাত অংশগ্ৰহণ কৰিবলৈ পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ জিলাৰ কৰনদীঘি ব্লকৰ বিভিন্ন গাঁৱৰ পৰা অহা আন বহুতো চৰকাৰী স্কুলৰ কৰ্মীৰ সৈতে ৰত্নাও দিল্লীলৈ আহিছিল।







