কথা কওঁতে তেওঁৰ কপালখন কোঁচ খাই পৰিছে, ৰুগীয়া শেঁতা পৰাৰ মুখ, কপালৰ ৰেখাবোৰ স্পষ্ট। তেওঁ কুঁজা হৈ লাহে লাহে খোজ কাঢ়ে, অলপমান খোজ কাঢ়িলেই ফোঁপাবলৈ ধৰে। মৃদু বতাহত তেওঁৰ ধূসৰ চুলিবোৰে মুখখন আগুৰি পেলাইছে।
বিশ্বাস কৰিব নোৱাৰি যে ইন্দ্ৰৱতী ইন্দ্ৰাৱতীৰ বয়স মাত্ৰ ৩১ বছৰ।
মহাৰাষ্ট্ৰৰ নাগপুৰ চহৰৰ উপকণ্ঠ অঞ্চলত অৱস্থিত এটা বস্তিৰ বাসিন্দা ইন্দ্ৰাৱতী দীৰ্ঘদিনীয়া অব্ষ্ট্ৰাক্টিভ পালম’নেৰী ডিজিজ (চি ও পি ডি) ৰোগত আক্ৰান্ত। ই এক সম্ভাৱ্য মাৰাত্মক অৱস্থা, য’ত হাওঁফাওঁলৈ বায়ু প্ৰবাহত বাধাৰ সৃষ্টি হয়, উশাহ-নিশাহ লোৱাত অসুবিধা হয় আৰু বেছিভাগ সময় দীঘলীয়াকৈ কাহ হয় যিয়ে শেষত গৈ হাওঁফাওঁৰ ক্ষতি কৰে। প্ৰায়ে ‘ধূমপান কৰা লোকৰ ৰোগ’ বুলি কোৱা এই ৰোগবিধ কম আৰু মধ্যম আয়ৰ দেশসমূহৰ প্ৰায় ৩০ শতাংশৰ পৰা ৪০ শতাংশ ধঁপাত সেৱনকাৰীৰ লোকৰ হয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই কয়।
ইন্দ্ৰাৱতীয়ে কেতিয়াও চিগাৰেট স্পৰ্শ কৰা নাই যদিও তেওঁৰ বাওঁ হাওঁফাওঁৰ যথেষ্ট ক্ষতি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাই কয় যে ঘৰুৱা বায়ু প্ৰদূষণৰ সেয়া প্ৰত্যক্ষ ফল, যিটো কাঠ বা কয়লা জ্বলাই ৰন্ধা-বঢ়া কৰাৰ ফলত হয়।
ইন্দ্ৰাৱতীয়ে কেতিয়াও স্বচ্ছ ৰন্ধন ইন্ধনৰ সুবিধা লাভ কৰা নাই। “আমি সদায় খৰি বা কয়লাৰে খোলা চৌকাত খাদ্য ৰান্ধিবলৈ বা পানী গৰম কৰিবলৈ ব্যৱহাৰ কৰো। ডাক্তৰে কোৱা কথাখিনি আওৰাই তেওঁ কয়, “চুলিভাৰ জেৱন বনভুন মাঝি ফুপ্পুছা নিকামি ঝালি আহেত [খোলা চৌকাত খাদ্য ৰান্ধি মোৰ হাওঁফাওঁ অসাৰ হৈ পৰিছে]। তেওঁৰ বায়’মাছ জ্বলোৱা চৌকাটোৰ পৰা ওলোৱা প্ৰদূষণে তেওঁৰ হাওঁফাওঁৰ ক্ষতিসাধন কৰিছে।
লেন্সেটৰ ২০১৯ চনৰ এক অধ্যয়নত কোৱা হৈছে যে বায়ু প্ৰদূষণৰ বাবে প্ৰতি বছৰে প্ৰায় ছয় লাখ ভাৰতীয়ৰ অকাল মৃত্যু হয় আৰু ঘৰুৱা বায়ু প্ৰদূষণ পৰিৱেশৰ বায়ুৰ গুণাগুণৰ এক উল্লেখযোগ্য কাৰক।
চিখালী বস্তিৰ পাংগুল মহল্লাত থকা নিজৰ এটা কোঠাৰ জুপুৰিটোৰ বাহিৰত প্লাষ্টিকৰ চকী এখনত বহি ইন্দ্ৰাৱতীয়ে নিজৰ স্বাস্থ্যৰ বিষয়ে আলোচনা কৰিছে।
ভাল হ’বলৈ বুলি আশা কৰিবলৈ তেওঁক অস্ত্ৰোপচাৰৰ প্ৰয়োজন, কিন্তু তাতো বিপদাশংকা আছে। তেওঁৰ স্বামীয়ে প্ৰায়ে মদ্যপান কৰে, আৰু প্ৰতি ১০-১৫ দিনৰ মূৰে মূৰে ঘৰত দেখা দিয়ে।
ইন্দ্ৰাৱতীয়ে নিজৰ সন্তানক লৈ চিন্তা কৰে – কাৰ্তিক (১৩) আৰু অনু (১২)। “মোৰ স্বামীয়ে কি কৰে, ইয়াত নথকা সময়ত ক’ত খায় বা শুই থাকে, একো নাজানো,” তেওঁ কথাৰ মাজতে দীঘলীয়া উশাহ এটা টানি লয়... হুমুনিয়াহৰ দৰে শব্দ হয়। “মোৰ ল’ৰা-ছোৱালীয়ে স্কুললৈ যায় নে নাই চাবলৈ মোৰ শক্তি নাই। অস্ত্ৰোপচাৰটো পিছুৱাই দিছো, কাৰণ মোৰ কিবা এটা হ’লে মোৰ ল’ৰা-ছোৱালীহাল, ক’বলৈ গ’লে অনাথ হৈ পৰিব।”
যাদৱে আগতে আৱৰ্জনা সংগ্ৰহকাৰী হিচাপে কাম কৰিছিল, জাবৰৰ দ’মবোৰ চাই পুনৰ ব্যৱহাৰযোগ্য বা আকৌ ব্যৱহাৰৰ উপযোগী সামগ্ৰী বিচাৰি উলিয়াইছিল। বিচাৰি উলিওৱা সামগ্ৰী বিক্ৰী কৰি তেওঁ মাহে প্ৰায় ২,৫০০ টকা উপাৰ্জন কৰিছিল। এবছৰ মান আগতে বেছি তেওঁৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটিল, যাৰ ফলত তেওঁ আনকি কোনোমতে জীয়াই থাকিবলৈকো উপাৰ্জন কৰিবলৈ অক্ষম হৈ পৰিল।
তেওঁ কয়, “গেছ চিলিণ্ডাৰ ভৰোৱাৰ সামৰ্থ্য মোৰ কেতিয়াও নাছিল। সাধাৰণতে ব্যৱহৃত ঘৰুৱা চিলিণ্ডাৰৰ দাম ১,০০০ৰ ওপৰত। মোৰ উপাৰ্জনৰ আধাখিনি ৰন্ধন গেছৰ বাবে খৰচ কৰিব লাগিব। তাৰ পিছত ঘৰখন কেনেকৈ চলাম?”
ইণ্টাৰনেচনেল এনাৰ্জি এজেন্সীৰ ২০২১ চনৰ এক প্ৰতিবেদন অনুসৰি আৰ্থিক কাৰণত স্বচ্ছ ৰন্ধন ইন্ধনৰ সুবিধা নথকা বিশ্বৰ মুঠ জনসংখ্যাৰ ৬০ শতাংশ উন্নয়নশীল এছিয়ান দেশসমূহত আছে।
অৰ্থাৎ এছিয়াৰ ডেৰশ কোটি লোক বায়’মাচ জ্বলোৱাৰ ফলত ঘৰুৱা বায়ুমণ্ডলত উচ্চ মাত্ৰাৰ বিষাক্ত প্ৰদূষকৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত তেওঁলোক চি অ’ পি ডি, হাওঁফাওঁৰ কৰ্কট ৰোগ, যক্ষ্মা আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সন্মুখীন হ’বলগীয়া হয়।
*****
মধ্য ভাৰতৰ নাগপুৰ চহৰৰ বাহিৰৰ চিখালী বস্তি সেই বৃহৎ দুৰৱস্থাজনিত পৰিস্থিতিৰ এক অণুবিশ্ব। ইয়াত প্ৰায় প্ৰতিগৰাকী মহিলাই চকুৰ পানী ওলোৱা, উশাহ লোৱাত কষ্ট পোৱা আৰু কাহত ভুগিছে।
জুপুৰি আৰু চিমেণ্ট আৰু টিনপাতৰ বস্তিটোত প্ৰায় প্ৰতিঘৰতে ওলোটা চি আকৃতিত নিৰ্মিত ইটাৰ সৰু চৌকা আছে, লগত আছে গছৰ ঠানিৰ দ’ম বা খেৰ। সেইবোৰ মুকলিত থৈ দিয়া আছে।
আটাইতকৈ কঠিন কামটো হ’ল চৌকাটো জ্বলাই ৰখাটো। কাৰণ দিয়াশলাইৰ এটা কাঠি আৰু অলপমান কেৰাচিনেৰে সেইটো কৰিব নোৱাৰি। জুই জ্বলাবলৈ আৰু জুইকুৰা নুমাই নোযোৱাকৈ ৰাখিবলৈ এটা সৰু চুঙাৰে বাৰে বাৰে, বল দি উশাহ লৈ ফুকাই থাকিব লাগে। তাৰবাবে আপোনাৰ হাওঁফাওঁটো সুস্থ হ’ব লাগিব।
ইন্দ্ৰাৱতীয়ে এতিয়া আৰু তেওঁৰ চৌকাটো জুই জ্বলাব নোৱাৰে। তেওঁ চুঙাৰে দীঘলকৈ চৌকাত ফুকাই দিব নোৱাৰে। তেওঁ চৰকাৰৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিনামূলীয়াকৈ খাদ্য শস্য লাভ কৰে, সেয়া দেশ ৮০ কোটিতকৈ অধিক দৰিদ্ৰ ভাৰতীয়ৰ পৰিয়ালে পায়। আহাৰ ৰান্ধিবলৈ অৱশ্যে ইন্দ্ৰাৱতীয়ে চৌকাটো জ্বলোৱাত ওচৰ-চুবুৰীয়াৰ সহায় বিচাৰিব লগা হয়। তাই কয়, “কেতিয়াবা মোৰ ভাইটিহঁতে নিজৰ ঘৰত খাদ্য ৰান্ধি মোৰ ওচৰলৈ আনে।”
এছিয়াৰ ডেৰশ কোটি লোক বায়’মাচ জ্বলোৱাৰ ফলত ঘৰুৱা বায়ুমণ্ডলত উচ্চ মাত্ৰাৰ বিষাক্ত প্ৰদূষকৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত তেওঁলোক চি অ’ পি ডি, হাওঁফাওঁৰ কৰ্কট ৰোগ, যক্ষ্মা আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ ভুগিবলগীয়া হয়
নাগপুৰৰ পালম’ন’লজিষ্ট ডাঃ সমীৰ আৰবাটে কয় যে এনে অৱস্থাত জুহালত জুই জ্বলোৱাৰ প্ৰক্ৰিয়াটোৱে চি অ’ পি ডি আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগ বঢ়ায় তোলে। তেওঁ কয়, “চুঙাত বলপূৰ্বক ফু মৰাৰ লগে লগে সেই কামৰ পুনৰাবৃত্তি কৰিবলৈ পুনৰাই উশাহ টানি লোৱা হয়,” “চুঙাৰ আনটো মূৰত যি এলান্ধু আৰু কাৰ্বন পদাৰ্থ থাকে, সেয়া অনিচ্ছাকৃতভাৱে উশাহত সোমাই হাওঁফাওঁ পায়গৈ।”
২০০৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই ভৱিষ্যদ্বাণী কৰিছিল যে ২০৩০ চনৰ ভিতৰত চি অ’ পি ডি বিশ্বজুৰি মৃত্যুৰ তৃতীয় প্ৰধান কাৰণ হিচাপে পৰিগণিত হ’ব। ২০১৯ চনতে এই ৰোগে সেই ভৱিষ্যদ্বাণীত উপনীত হয়।
“ইতিমধ্যে বায়ু প্ৰদূষণ আমাৰ বাবে মহামাৰীৰূপে দেখা দিছে। যোৱা ১০ বছৰত আমি দেখা চি অ’ পি ডি ৰোগীৰ আধা সংখ্যক ধূমপান নকৰা লোক,” ডাঃ আৰবাটে কয়। “ইয়াৰ বেছিভাগেই চহৰ আৰু ইয়াৰ আশে-পাশে থকা বস্তিসমূহত ঘৰৰ ভিতৰৰ হোৱা প্ৰদূষণৰ বাবেই হয়, য’ত বেছি বায়ু চলাচল নোহোৱা পৰিৱেশত ঘৰৰ ভিতৰত ৰন্ধা-বঢ়াৰ বাবে খৰি জ্বলোৱা হয়। মহিলাসকলেই পৰিয়ালৰ বাবে ৰন্ধা-বঢ়া কৰা বাবে তেওঁলোক পুৰুষৰ বিপৰীতে অসমানুপাতিকভাবে ক্ষতিগ্ৰস্ত হয়।”
বাক শক্তিৰ অসুবিধা থকা ৬৫ বছৰীয়া শকুন্তলা শকুন্তলায়ে কয় যে তেওঁ দৈনিক দুই-তিনি ঘণ্টা সময় চৌকাটোৰ পৰা ওলোৱা ধোঁৱা উশাহত লৈ কটায়। তেওঁ লগতে কয়, “মোৰ আৰু মোৰ নাতিৰ বাবে দিনটোত দুবাৰকৈ আহাৰ ৰান্ধিব লাগে। “গা ধুবলৈ পানী গৰম কৰিব লাগে। আমাৰ গেছৰ সংযোগ নাই।”
দীৰ্ঘদিনীয়া অসুস্থতাৰ পিছত ১৫ বছৰ পূৰ্বে মৃত্যু হৈছিল শকুন্তলাৰ ল’ৰাটোৰ। তেওঁৰ বোৱাৰীয়েকে তাৰে কেইদিনমান পিছতে এদিন ঘৰৰ পৰা যি ওলাই গ’ল, আৰু ঘূৰি নাহিল৷
শকুন্তলাৰ নাতি সুমিত (১৮)য়ে ড্ৰাম ৱাশ্বাৰ হিচাপে কাম কৰি সপ্তাহত ১,৮০০ টকা উপাৰ্জন কৰে। তেওঁ অৱশ্যে আইতাকক পইচা নিদিয়ে৷ তেওঁ কয়, “যেতিয়াই মোক টকাৰ প্ৰয়োজন হয়, তেতিয়াই মই ৰাস্তাত ভিক্ষা মাগো। গতিকে গেছৰ সংযোগ পোৱাৰ কোনো সম্ভাৱনা নাই।”
প্ৰতিদিনে মূৰত বোজা লৈ এঘণ্টাৰো অধিক সময় খোজ কাঢ়ি ওচৰ-চুবুৰীয়াই অনা খৰিৰ কিছু অংশ তেওঁক দিয়ে।
শকুন্তলাই চৌকাত জুই ধৰিলে প্ৰতিবাৰেই মূৰটো পাতল পাতল লাগে আৰু টোপনি ভাৱ হয়। কিন্তু তেওঁ কেতিয়াও স্থায়ী চিকিৎসা বিচৰা নাই। তেওঁ কয়, “মই ডাক্তৰৰ ওচৰলৈ যাওঁ আৰু অলপমন ভাল লাগিবলৈ বড়ি খাওঁ।”
২০২২ চনৰ আগষ্ট মাহত শিশুৱে বিশুদ্ধ বতাহ উশাহত লোৱাৰ অধিকাৰৰ বাবে যুঁজি থকা মাতৃসকলৰ এক সৰ্বভাৰতীয় গোট ৱেৰিয়ৰ মমছ, নাগপুৰ স্থিত এটা জনসেৱামূলক সংস্থা চেণ্টাৰ ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰু নাগপুৰ পৌৰ নিগমে যৌথভাবে এক জৰীপ আৰু স্বাস্থ্য শিবিৰ পাতিছিল। চিখালীত তেওঁলোকে হাওঁফাওঁৰ স্বাস্থ্যৰ পৰিমাপ পিক এক্সপিৰেটৰী ফ্ল’ ৰেট চমুকৈ পি ই এফ আৰ পৰীক্ষা কৰাইছিল।
৩৫০ বা তাতকৈ অধিক স্ক’ৰ পোৱাটোৱে হাওঁফাওঁ সুস্থ থকাটো বুজায়। চিখালীত পৰীক্ষা কৰা ৪১ গৰাকী মহিলাৰ ভিতৰত ৩৪ গৰাকীৰ স্ক’ৰ ৩৫০তকৈ কম আছিল। এঘাৰগৰাকীৰ স্ক’ৰ ২০০ তকৈ কম আছিল, যিয়ে হাওঁফাওঁৰ অক্ষমতাৰ ইংগিত দিয়ে।
শকুন্তলাৰ স্ক’ৰ আছিল ১৫০, সেয়া মানক স্ক’ৰৰ আধাতকৈও কম আছিল।
সমগ্ৰ নাগপুৰ চহৰৰ বস্তিৰ ১৫০০ পৰিয়ালক সামৰি লোৱা এই সমীক্ষাত দেখা গৈছে যে ইয়াৰে ৪৩ শতাংশই খৰি জ্বলোৱা চৌকা ব্যৱহাৰ কৰিছিল। বহুতে ঘৰৰ ভিতৰত ৰখা সন্তানক ধোঁৱাৰ পৰা বচাবলৈ মুকলি ঠাইত ৰন্ধা-বঢ়া কৰিছিল। চৌকাৰ পৰা হোৱা বায়ু প্ৰদূষণে অৱশ্যে সমগ্ৰ বস্তিটোকে প্ৰভাৱিত কৰিছিল, কিয়নো বস্তিৰ জুপুৰিবোৰ ইটো সিটোৰ গাত লগা।
দৰিদ্ৰ ভাৰতীয়ই স্বচ্ছ ৰন্ধন ইন্ধনৰ অভাৱত উদ্ভৱ হোৱা পৰিৱেশ আৰু জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ মে’ মাহত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা (পি এম ইউ ৱাই) আৰম্ভ কৰিছিল, যাৰ অধীনত দৰিদ্ৰ পৰিয়ালক এলপিজি চিলিণ্ডাৰৰ সংযোগ প্ৰদান কৰা হৈছিল। এই আঁচনিখনৰ লক্ষ্য আছিল ৮ কোটি পৰিয়ালক স্বচ্ছ ৰন্ধন ইন্ধন যোগান ধৰা, যিটো লক্ষ্য ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত উপনীত হোৱা বুলি প্ৰকল্পটোৰ ৱেবছাইটত প্ৰকাশ পাইছে।
কিন্তু ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সৰ্বেক্ষণ-৫ (২০১৯-২১)ত দেখা গৈছে যে ভাৰতৰ ৪১ শতাংশতকৈ অধিক লোকে এতিয়াও স্বচ্ছ ৰন্ধন ইন্ধনৰ সুবিধাৰ অভাৱত আছে।
ইয়াৰ উপৰিও যিসকলৰ এল পি জিৰ সুবিধা আছে তেওঁলোকে এল পি জিক তেওঁলোকৰ প্ৰাথমিক পছন্দৰ ইন্ধন হিচাপে ব্যৱহাৰ নকৰিবও পাৰে। মহাৰাষ্ট্ৰত ১৪.২ কেজিৰ এটা চিলিণ্ডাৰৰ দাম ১,১০০ৰ পৰা ১,১২০ টকাৰ ভিতৰত। বহু প্ৰতিবেদনত প্ৰকাশ পাইছে যে ৯৩.৪ মিলিয়ন উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ ক্ষুদ্ৰ এটা অংশইহে নিয়মীয়াকৈ চিলিণ্ডাৰৰ খৰচ বহন কৰিব পাৰে।
চৰকাৰী আঁচনিৰ অধীনত চিখালীত এল পি জি কানেকচন লাভ কৰা ৫৫ বছৰীয়া পাৰ্বতী কাকাড়ে কিয় তেনে হৈছে, সেয়া বুজাইছে, “যদি মই চৌকাৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিওঁ, তেন্তে প্ৰতিমাহে চিলিণ্ডাৰ ভৰাবলগীয়া হ’ব,” যিটোৰ “সামৰ্থ্য মোৰ নাই। গতিকে আলহী আহিলে বা প্ৰচণ্ড বৰষুণ দিলেহে গেছ ব্যৱহাৰ কৰো আৰু তেনেকৈ ছমাহমান চলাও।”
বাৰিষাৰ দিনত তিতি থকা খৰিবোৰ জ্বলাবলৈ চুঙাত সৰ্বশক্তিৰে ফু মাৰিব লাগে। একেদৰে অধিক সময়ৰ বাবে উশাহ টানি লোৱাৰ প্ৰয়োজন হয়। জুই জ্বলাৰ লগে লগে তেওঁৰ নাতি-নাতিনীৰ চকু পুৰিবলৈ আৰম্ভ কৰে আৰু সিহঁতে কান্দিবলৈ ধৰে। কাকাড়ে শ্বাস-প্ৰশ্বাসজনিত স্বাস্থ্য সমস্যাৰ বিপদৰ বিষয়ে সচেতন, কিন্তু অসহায়।
কাকাড়ে কয়, “এই বিষয়ত মই একো কৰিব নোৱাৰো। “আমি পেটে-ভাতে জীয়াই থকা মানুহ।”
কাকাড়েৰ জোঁৱাই বালিৰাম (৩৫) পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী। আৱৰ্জনা সংগ্ৰহ কৰি তেওঁ মাহে ২৫০০ টকা উপাৰ্জন কৰে। পৰিয়ালটোৱে খাদ্য ৰন্ধাৰ বাবে ঘাইকৈ কাঠখৰিৰ ব্যৱহাৰ কৰে। এনেকৈ তেওঁলোকে হাঁপানী, হাওঁফাওঁ দুৰ্বল হোৱা, ৰোগ প্ৰতিৰোধ ক্ষমতা দূৰ্বল হৈ পৰা আৰু শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ সম্ভাৱনাৰ কাষ চাপিছে।
ডাঃ আৰবাটে কয়, “যিকোনো দীৰ্ঘদিনীয়া হাওঁফাওঁৰ ৰোগে পেশী ক্ষয় যোৱা আৰু পেশীৰ অপচয় ঘটাৰ প্ৰৱণতা বঢ়ায়, যাৰ ফলত অকালবৃদ্ধ হোৱা যায়।” “ৰোগীজন ক্ষীণাই যোৱাৰ সম্ভাৱনা থাকে… উশাহ-নিশাহ লোৱাত অসুবিধাৰ বাবে তেওঁলোকে ঘৰৰ ভিতৰতে থাকিবলৈ পছন্দ কৰে আৰু তাৰ ফলত আত্মবিশ্বাস হেৰুৱাই পেলাব পাৰে আৰু হতাশাও বাঢ়িব পাৰে।”
আৰবাটৰ কথাখিনিয়ে ইন্দ্ৰাৱতীৰ অৱস্থাটোকে নিখুঁতভাৱে বৰ্ণনা কৰিছে।
তেওঁৰ কথাত আত্মবিশ্বাস নাই আৰু চকুৱে চকুৱে চাই কথা নাপাতে। তেওঁৰ ভায়েকহঁত আৰু তেওঁলোকৰ পত্নীকেইগৰাকী ৰাজ্যৰ বাহিৰত সম্পৰ্কীয়ৰ বিয়া এখন খাবলৈ গৈছে। তেওঁ ঘৰতে থাকিছে যাতে তাত গৈ বাকীবোৰে তেওঁৰ চোৱা-চিতা কৰাত ব্যস্ত হৈ থাকিব নালাগে। “কোনোৱে স্পষ্ট কৰি কথাখিনি কোৱা নাছিল, কিন্তু কোনে মোৰ দৰে বেমাৰী এজনৰ নামত টিকট কাটি পইচা নষ্ট কৰিব?” তাই হেপেহুৱা হাঁহি এটা মাৰি কয়। “মই একো কামৰে নহয়।”
পাৰ্থ এম .এন.য়ে ঠাকুৰ ফেমিলি ফাউণ্ডেশ্যনৰ পৰা স্বতন্ত্ৰ সাংবাদিকতা অনুদানৰ জৰিয়তে জনস্বাস্থ্য আৰু নাগৰিক স্বাধীনতাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰে । এই প্ৰতিবেদনৰ বিষয়বস্তুৰ ওপৰত ঠাকুৰ পৰিয়াল ফাউণ্ডেচনে কোনো সম্পাদকীয় নিয়ন্ত্ৰণ প্ৰয়োগ কৰা নাই ।
অনুবাদ: পংকজ দাস